বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোট সৰব 

১১ মেত অৱস্থান ধৰ্মঘট

0 269

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মেঃ লখিমপুৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিহপুৰীয়া মহাবিদ্যালয়ৰ কেতবোৰ আভ্যন্তৰীণ ঘটনাক লৈ অধ্যক্ষৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ শিক্ষক গোট সৰৱ হৈ উঠিছে।WhatsApp Image 2023 05 10 at 9.48.55 PM উল্লেখ্য যে মহাবিদ্যালয়খনত পূৰ্বেও বিত্তীয় অনিয়ম হোৱা বুলি অভিযোগ উঠাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হৈছিল যদিও সেই তদন্তৰ প্ৰতিবেদন প্ৰকাশ নাপালে। আনহাতে জিলা উপায়ুক্তক দাখিল কৰা স্মাৰক পত্ৰত শিক্ষক গোটে অভিযোগ কৰে যে মহাবিদ্যালয়খনৰ অধ্যক্ষৰূপে যোগদান কৰাৰে পৰা অমূল্য কুমাৰ হাজৰিকাই শিক্ষকসকলক মানসিক ভাবে নিৰ্যাতন দি আহিছে।আনকি কোনো কলেজ শিক্ষকৰ পিতৃ-মাতৃ ঢুকালেও ছুটী মঞ্জুৰ কৰাৰ ক্ষেত্ৰত অধ্যক্ষই হোঁহকা পিছলা কৰি থাকে।শেহতীয়াকৈ এক ৰাজহুৱা বিষয় আলোচনা কৰিবলৈ অধ্যক্ষৰ ওচৰলৈ ৮ জন মান শিক্ষক-শিক্ষয়িত্ৰী গৈছিল যদিও অধ্যক্ষই এগৰাকী মহিলা সহযোগী অধ্যাপকক লক্ষ্য কৰি লৈ অভব্য আচৰণ কৰাৰ লগতে কটু বাক্য প্ৰয়োগ কৰে ।WhatsApp Image 2023 05 10 at 9.48.55 PM 1এই ঘটনাত হতভম্ব হৈ মহিলা অধ্যাপকগৰাকীয়ে বিষয়টো শিক্ষক গোটক অৱগত কৰে। শিক্ষক গোটে সকলো দিশ সামৰি মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা তথা জিলা উপায়ুক্তক ৮ মেত স্মাৰক পত্ৰ প্ৰদান কৰে।আনহাতে ১১ মেৰ দুপৰীয়া ১২ বজাত শিক্ষক গোটে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।
শিক্ষক গোটৰ দাবী– ১) মহিলা শিক্ষয়িত্ৰীৰ ওপৰত কৰা অশালীন আচৰণ বন্ধ হ’ব লাগে ৷ ইতিমধ্যে সংঘটিত ঘটনাৰ তদন্ত হ’ব লাগে আৰু অপৰাধীক শাস্তি বিহিব লাগে ৷ ২) কলেজৰ তথ্য চুৰিৰ উচিত আইনী তদন্ত হ’ব লাগে ৷WhatsApp Image 2023 05 10 at 9.50.48 PM ৩) অধ্যক্ষ মহোদয়ৰ ওপৰত ২০১৮ চনত হোৱা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ফলাফল অতি সোনকালে আমাক অৱগত কৰিব লাগে ৷ ৪) শিক্ষক-কৰ্মচাৰীৰ ওপৰত কৰা মানসিক আতিশয্য বন্ধ হ’ব লাগে ৷ ৫) মহাবিদ্যালয়ৰ সমূহ কাৰ্যপ্ৰণালী গণতান্ত্ৰিক উপায় অৱলম্বন কৰি সম্পাদন কৰিব লাগে ৷ ৬) মহাবিদ্যালয়ৰ চৌহদত বুনিয়াদী ব্যৱস্থা (অনাময় ব্যৱস্থা)ৰ সু-সমাধান কৰিব লাগে বুলি শিক্ষক গোটৰ সভাপতি ৰচিদ খান আৰু সম্পাদক ৰাজীৱ লোচন লেখাৰুৱে সদৰী কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More