বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক বাতিলঃ পুনৰ আন্দোলন ঘোষণা শিক্ষক গোটৰ

0 211

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ মেঃ বিহপুৰীয়া মহাবিদ্যালয় শিক্ষক গোটে একাধিক দাবী উত্থাপন কৰি যোৱা ১১ মেৰ পৰা আন্দোলন অব্যাহত ৰাখিছিল। ১৫ মেত শিক্ষকগোট আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ যুটীয়া বৈঠকে আজি ১৮ মেত পৰিচালনা সমিতিয়ে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনাইছিল যদিও পৰিচালনা সমিতিয়ে সমগ্ৰ বিষয়টো লঘু বা গৌণ কৰাৰ কাৰচাজি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে আজি  বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠক হোৱাৰ কথা আছিল যদিও স্থানীয় বিধায়কৰ অনুপস্থিতি দেখুৱাই সভাখন স্থগিত ৰখা হয় ৷ তাৎপৰ্যপূৰ্ণ কথা যে বিহপুৰীয়াৰ বিধায়কগৰাকীয়ে মহাবিদ্যালয়খনৰ আগৰ এখন সভাতো উপস্থিত নাছিল যদিও সেই সভাবোৰ সময়মতেই অনুষ্ঠিত হৈছিল আৰু বিধায়কৰ অনুপস্থিতিৰ বাবে সভা স্থগিত হোৱাৰ নজিৰ নাই বুলি জানিব পৰা গৈছে। তেনে ক্ষেত্ৰত শিক্ষকসকলৰ বাবে স্পৰ্শকাতৰ সমস্যাটোক লঘু বা গৌণ কৰিবলৈকে আজি বিধায়কৰ অনুপস্থিতিৰ দোহাই দি সভা বাতিল কৰা হয়। এইক্ষেত্ৰত অভিযুক্ত অধ্যক্ষক ৰক্ষণাবেক্ষণ দিবলৈকে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক গোটে। আনহাতে আজি বাতিল হোৱা সভাখন পুনৰ কেতিয়া অনুষ্ঠিত হব সেয়া এতিয়াও স্পষ্ট কৰা নাই। বিধায়ক কেতিয়াকৈ আহিব তাৰো নিৰ্দিষ্ট তাৰিখ দিয়া হোৱা নাই ৷ মহাবিদ্যালয় শিক্ষক সন্থাই পৰিচালনা সমিতিৰ এই সিদ্ধান্তত সন্তুষ্ট নহৈ পূৰ্বৰ কাৰ্যসূচী মতে কাইলৈ অৰ্থাৎ ১৯ মেৰ পৰা পুনৰ অৱস্থান ধৰ্মঘটত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More