বিহুৰ নামত অপসংস্কৃতি

0 117

বিমল বৰগোহাঁই

বিহুৰ নামত অপসংস্কৃতি। ক’ৰনা অতিমাৰীৰ বাবে যোৱা দুবছৰে আমি অসমবাসীয়ে বাপতি সাহোন ব’হাগ বিহুটিক ভালদৰে পাতিব পৰাটো দূৰৰে কথা, আদৰিবলৈ যেন কোনো উপায় নাছিল। চৰকাৰী কঠোৰ নিয়ম তথা এই ক’ৰনা বেমাৰৰ ভয়াৱহতাৰ কথা উপলব্ধি কৰি আমি সকলোৱেই ঘৰৰ ভিতৰতে নিজক আৱদ্ধ কৰি ৰাখিবলৈ বাধ্য হৈছিলোঁ। এতিয়াও, গাৰ নোম সিঁয়ৰি উঠে সেই দিনবোৰৰ কথা অনুভৱ কৰি। এই অতিমাৰীয়ে আমাৰ মাজৰ পৰা কিমান জন আপোন, আত্মীয় আৰু বন্ধু-বান্ধৱীক চিৰদিনৰ বাবে কাঢ়ি লৈ গল, সেই কথা আমি পাহৰিব পাৰিম জানো? যি সকলে নিজৰ আত্মীয় তথা আপোনজনক হেৰুৱালে, তেওঁলোকৰ অন্তৰত বোধকৰোঁ এতিয়াও একুৰা জুই জ্বলি আছে। কিন্তু, আমাৰ সমাজৰ এচাম লোকৰ যেন সেইবোৰলৈ কোনো ভ্ৰক্ষেপ নাই! সেই সকলোবোৰ যেন পাহৰি গৈছে। আজি প্রায় দুবছৰ পাছত ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে আগতে বলবৎ হৈ থকা প্ৰায় সকলো চৰকাৰী নিৰ্দেশনা, নীতি নিয়ম, বাধ্যবাধকতা আদি প্ৰশাসনে উঠাই লোৱাৰ বাবে আমি সকলোৱে মুকুলি মুৰীয়াকৈ ঘৰৰ বাহিৰলৈ ওলাব পৰা হৈছোঁ, বিভিন্ন ৰাজহুৱা কাৰ্য্যসূচী, সামাজিক অনুষ্ঠান আদিত উপস্থিত থাকিব পাৰিছো, যদিও আমি এতিয়াও কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। তথাপি, এইবাৰ গোটেই অসমবাসীয়ে আমাৰ অতি মৰমৰ আৰু আদৰৰ ব’হাগ বিহুটি বৰ উলহ মালহেৰে উদযাপন কৰা দেখা গ’ল। বিভিন্ন বিহু সন্মিলন আদিত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খ্যাতনামা শিল্পী সকলে নিজৰ মন পছন্দেৰে গীত পৰিবেশন কৰিব পাৰিলে, যিহেতু আজি প্ৰায় দুটা বছৰে শিল্পী সকলেও ক’ভিড পৰিস্থিতিৰ বাবে কোনো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাছিল। শিল্পী সকলেও ক’ভিডৰ পাছত তেওঁলোকে সৃষ্টি কৰা নতুন নতুন গীত সমূহ এইবাৰৰ অসমৰ বিহু মঞ্চ সমূহত প্ৰদৰ্শন কৰিবলৈ সুবিধা পাই খুবেই আনন্দিত আৰু উৎফুল্লিত হোৱা দেখা গল। সঁচাকৈয়ে আমাৰ মৰমৰ শিল্পীসকলে প্ৰাণ ভৰি গীত পৰিৱেশন কৰা দেখি অসমবাসী ৰাইজো বৰ আনন্দিত হোৱা দেখা গ’ল। গীতৰ লহৰে লহৰে নাচি-বাগি শিল্পী সকলৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰা দৃশ্য দেখিলে তাকেই যেন অনুমান কৰিব পাৰি। এইখিনিলৈকে সকলো ঠিকই আছিল। কিন্তু, এইবাৰৰ ভালেমান বিহু সন্মিলনৰ সন্ধিয়াৰ সাংস্কৃতিক কাৰ্য্যসূচীত কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। এচাম উদণ্ড যুৱক-যুৱতীয়ে গীতৰ তালে তালে বোকাত জপিয়াই, লুতুৰি পুতুৰি হৈ অদ্ভুত নৃত্য প্ৰদৰ্শন কৰি এক বিজতৰীয়া কাৰবাৰ সৃষ্টি কৰা দেখা পোৱা গৈছে। ইয়াৰ ফলত সন্মিলন স্থলীত শান্তি সম্প্ৰীতি ভংগ হোৱা দেখা গৈছে। চকী, বেৰিকেদ আদি ভাঙি পেলাইছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঠায়ে ঠায়ে পুলিচে লাঠি চলাবলগীয়া হৈছে। যি আমাৰ সংস্কৃতিলৈ এক অশনি সংকট অহাৰ উমান দিছে। ছি ! কি যে লাজ লগা কথা। মই সেই সকল উদণ্ড যুৱক-যুৱতীক প্ৰশ্ন কৰিব বিচাৰো যে তেওঁলোকে বোকাত লুতুৰি পুতুৰি হৈ নৃত্য প্ৰদৰ্শন কৰাতকৈ যদি খেতি পথাৰত সেই নৃত্য কৰিলে হয়, তেন্তে পথাৰৰ মাটিখিনিত মৈ দিব নালাগিলেহেঁতেন আৰু মাটিখিনিও খেতিৰ উপযোগী হৈ উঠিলহেঁতেন আৰু কৃষক সকল ইয়াৰ পৰা উপকৃত হলহেঁতেন। গতিকে, আমি সকলো অসমীয়াই বিহুৰ নামত এনে বিজতৰীয়া দুষ্কৃতি নাইকিয়া কৰিবলৈ তাৎক্ষণিক ভাৱে ব্যৱস্থা লব লাগিব। নহলে, ব’হাগ বিহুৰ নামত এনে নৃত্যই ভৱিষ্যৎ প্ৰজন্মক এক ভুল দিশেৰে গতি কৰাত নিশ্চিত ভাৱে উদগনি যোগাব। ইয়াৰ উপৰি আজি কালি এটা পৰম্পৰা হৈ পৰিছে যে বিহু সমিতি সমূহে টকা সংগ্রহ কৰিবৰ বাবে তাম্বলা খেলৰ দৰে জুৱা খেল অনুষ্ঠিত কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। যিটো বিহুৰ নামত আন এটা অপসংস্কৃতি জন্ম হৈছে। আগৰ দিনত ব’হাগ বিহুৰ দিনা অকল কণীযুঁজ খেলৰ পৰম্পৰাহে দেখিছিলোঁ। ইয়াৰ উপৰি আজিকালি কিছুমান বিহু সমিতিয়ে জেঠ মাহলৈকে বিহু সন্মিলন বা উৎসৱ পালন কৰা দেখা যায়। ই আমাৰ সংস্কৃতিৰ একেবাৰে পৰিপন্থী। বিহু সন্মিলন বা উৎসৱ ব’হাগ মাহতেই শেষ কৰিব লাগে। আচলতে আমাৰ গাঁৱৰ ৰাইজে এই জেঠ মাহত খেতি কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লগা হয়। গতিকে, এইক্ষেত্ৰত বিহু সমিতিৰ লগতে সচেতন নাগৰিক, স্থানীয় প্ৰশাসন সকলোৱে একত্ৰিত হৈ বিহুৰ নামত এনে অপসংস্কৃতিৰবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত। নহলে, আমাৰ বাপতি সাহোন ব’হাগ বিহুটিৰ অতীতৰ পৰম্পৰা আৰু তাৎপৰ্য সলনি হৈ যে এক অপসংস্কৃতিৰ সৃষ্টি হব, সেইটো খাটাং।

(লেখকৰ ঠিকনাঃ বৰবিল নং ২, ডিগবৈ, ফোন:৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More