বিহুৰ বতৰত অহা বৰদৈচিলাই অসমীয়া জাতিক দি থৈ যায় সাহস – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি তেজপুৰৰ জয়মতী পথাৰৰ হীৰকজয়ন্তী বৰ্ষৰ পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলন

0 35

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২০ এপ্ৰিল:20230420 184053বিহুৰ পাঁচটা ৰূপ আছে। এই পাঁচটা ৰূপেই “ব” আখৰৰ। বিহু বিনন্দীয়া। বিনন্দীয়া মানে ৰং ৰহইচ। মেঘৰ গিৰ্জনিৰ পৰা ঢোলৰ চেও, চৰাই – চিৰিকতিৰ বিভিন্ন মাতৰ পৰা পেঁপাৰ মাত। সেইদৰে আন এটা বিহুৰ ৰূপ বৰষুণ। বৰষুণে সকলোৰে হৃদয়খন ধুই নিকা কৰি থৈ যায়। আন এটা ৰূপ বৰদৈচিলা। বৰদৈচিলাই জাতিটোক সাহস দি থৈ যায়। বিহুৰ আন এটা ৰূপ বান্ধোন। এই বান্ধোন প্ৰকৃতিৰ সৈতে বান্ধোন। আনহাতে বিহুৰ আনটো ৰূপ হ’ল বোধন। এই ৰূপে সকলো লোকৰ অন্তৰত নতুন নতুন চিন্তাৰ উদ্ৰেক ঘটাই বুলি কালি তেজপুৰত মন্তব্য কৰে বিশিষ্ট শিল্পী, লেখক, নানান ৰসাল কথাৰে যিকোনো অনুষ্ঠান জীপাল কৰি তোলা, বিশিষ্ট চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। উল্লেখ্য যে যোৱা ১৪ এপ্ৰিলৰ পৰা তেজপুৰৰ জয়মতী পথাৰত ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৬৬ সংখ্যক হীৰক জয়ন্তী বৰ্ষ পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলন কালি মূল সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে লক্ষ্যধৰ চৌধুৰীৰ পুত্ৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে। ডাঃ চৌধুৰীয়ে উদ্বোধনী ভাষণৰ আৰম্ভণিতে বিহুৰ এই পাঁচ প্ৰকাৰৰ ৰূপৰ বৰ্ণনা কৰি অসমৰ চহকী কৃষ্টিৰে এদিন অসমে দেশৰ সাংস্কৃতিক ক্ষেত্ৰক নেতৃত্ব দিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰাৰ লগতে বৰ্তমানৰ নৱপ্ৰজন্মৰ শিল্প সাধনাৰ প্ৰশংসা কৰি এই নৱ প্ৰজন্মই অসমৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি কৈ সুধাকণ্ঠৰ “ব’হাগ মাথো এটি ঋতু নহয়” শীৰ্ষক গীতটি পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। উল্লেখ্য যে, কালি মূল সাংস্কৃতিক অনুষ্ঠানত অসমৰ লোক বাদ্য ঢোল, পেঁপা, টকা, মাদল, বড়ো জনগোষ্ঠীৰ খাম, দোতাৰা, নাগাৰা, বাঁহী, গগনা, সুতুলী খোল, তাল, দবা, বৰতালৰ লগতে আন কেতবোৰ লোক বাদ্যৰ সমাহাৰ ঘটাই তেজপুৰৰ একাংশ শিল্পীয়ে পৰিবেশন কৰা “নক্ষত্ৰ – এক অবিৰত যাত্ৰা” শীৰ্ষক এক মনোৰম অনুষ্ঠানে আপ্লুত কৰি তুলিলে হাজাৰ হাজাৰ বিহুপ্ৰেমী ৰাইজক। বিহুনাম, বিহুনাচৰ সমান্তৰাল ভাৱে গোৱালপৰীয়া লোকগীত, চাহ জনগোষ্ঠীয় ঝুমইৰ, বড়ো জনগোষ্ঠীৰ গীত, মহ খেদা গীতৰ লগতে সেই গীতৰ আলমত সেই সমূহ লোকবাদ্য প্ৰয়োগ কৰি পৰিৱেশিত হোৱা দৃষ্টিনন্দন নৃত্যাংশৰ হৃদয় জুৰ পৰা অনুষ্ঠানে প্ৰতিকুল বতৰৰ মাজতো ৰাইজক বিশেষ খোৰাক দিবলৈ সক্ষম হয়।
ইয়াৰ আগেয়ে বিগত ৬৫ বছৰে এই বিহু সন্মিলনলৈ অনবদ্য অৱদান আগবঢ়াই কায়িক ভাবে আঁতৰি যোৱা কেবাগৰাকীও ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা কালিৰ এই মূল সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে উদযাপন সমিতিয়ে বিহু সন্মিলনখনৰ সৈতে জড়িত হৈ অহা ১৩ গৰাকীকৈ প্ৰবীণ ব্যক্তি ক্ৰমে – শৈলজা কুমাৰ পদ্মপতি, ভৱানী নাথ, দেৱকান্ত গোস্বামী, ক্ষীৰেশ্বৰ ভূঞা, সুৰেশ বৰঠাকুৰ, প্ৰদীপ চৌধুৰী, ভদ্ৰেশ্বৰ বৰা, প্ৰভাত ভট্টাচাৰ্য, বিজয় শইকীয়া, প্ৰভাত বৰুৱা, ক্ষীৰ বৰা, সাৱিত্ৰী শইকীয়া আৰু ডিম্বেশ্বৰ শইকীয়াক একোখনকৈ বিহুৱান, চেলেং আৰু প্ৰশস্তি পত্ৰেৰে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, কাৰ্যকৰী সভাপতি ভৱানন্দ দাস, নৰেণ গোস্বামী, সাধাৰণ সম্পাদক ঈষাণ বৰা, বিত্ত সম্পাদক সুৰজিত, সাংস্কৃতিক সম্পাদক ৰাজীৱ মহন্তৰ লগতে আন আন বিষয়ববীয়া সকলে।মুকলি বিহু সমিতিৰ সম্পাদক নৰেণ শইকীয়া আৰু সাংস্কৃতিক উপসমিতিৰ সভাপতি অলক নাথে আঁত ধৰা আৰু চিত্ৰ – ভাস্কৰ্য্য শিল্পী মৃগেন কলিতাকো বিশেষ সন্মান জনোৱা অনুষ্ঠানটিত হীৰকজয়ন্তী উপলক্ষে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতাৰ সম্পাদনাত প্ৰকাশ হৈ ওলোৱা “জয়মতী” শীৰ্ষক পশ্চিম তেজপুৰ ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক লেখিকা ড° জুৰী দত্তৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ দেৱৰ্ষি প্ৰসাদ নাথে।দুয়োগৰাকীয়ে উন্মোচনী ভাষণত ব’হাগ অসমীয়া জাতিৰ প্ৰাণ বুলি কৈ ৰঙালী বিহুৰ পৰম্পৰা আৰু মহত্বৰ বিষয়ে উল্লেখ কৰে । ড০ দেৱৰ্ষি প্ৰসাদ নাথে ব’হাগৰ বৰষুণে জাতিটোৰ সকলো মলিনতা ধুই নিয়ে বুলি মন্তব্য কৰে। আনহাতে এই মূল সভাতেই বিহু উপলক্ষে আয়োজিত বিভিন্ন খেলধেমালি, মৌ কুঁৱৰী, বিহু কুঁৱৰী, ভেশছন প্ৰতিযোগিতা আদিৰ বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। অভিনয় শিল্পী জিতুমণি কলিতা আৰু দৰ্শনা বাইলুঙে আঁত ধৰা এই মূল সাংস্কৃতিক অনুষ্ঠানত বৰপেটাৰ ভোৰতাল নৃত্য, জাজীপৰীয়া বিহু দলৰ প্ৰদৰ্শন আৰু ৰেঙণি দাস, আচুৰ্য বৰপাত্ৰ গোহাঁইৰ গীতৰ অনুষ্ঠানে জীপাল কৰি তোলে জয়মতী পথাৰৰ বিহুতলী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More