বিৰল ঘটনাঃ ৪০ দিনীয়া শিশুৰ পেটত ভ্রূণ

বিহাৰৰ এই ঘটনাত হতবাক চিকিৎসক

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : দুকুৰি দিনীয়া শিশুৰ পেটত পোৱা গৈছে ভ্রূণৰ নমুনা। বিহাৰৰ মতিহাৰী অঞ্চলৰ এই ঘটনাত হতবাক হৈ পৰিছে চিকিৎসকসকলো। সম্প্রতি সেই শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে মতিহাৰিৰ ৰহমানিয়া মেডিকেল চেণ্টাৰলৈ। চিকিৎসকসকলক জনোৱা হৈছিল যে, শিশুটিৰ তলপেটৰ ওচৰত ফুলি গৈছে, সেয়ে ঠিকমতে প্রস্রাৱ কৰিব পৰা নাই। সমস্যাৰ কাৰণ বিচাৰি চোৱাৰ বাবে চিকিৎসকসকলে বিভিন্ন ধৰণৰ পৰীক্ষা কৰায়। পৰীক্ষাৰ ফলাফল হাতলৈ আহোতেই চকু কপালত উঠিল চিকিৎসকসকলৰ। ৰিপর্টত ধৰা পৰিল, মাকৰ গৰ্ভত থকাৰ সময়ত শিশুটিৰ পেটতো ভ্রূণৰ জন্ম হৈছে। ৰহমানিয়া মেডিকেল চেন্টাৰৰ চিকিৎসক ওমৰ তাবৰেজে কয়— ‘‘ডাক্তৰী ভাষাত ইয়াক কোৱা হয় ‘ফিটাচ ইন ফেটু’ বা শিশুৰ পেটত ভ্রূণৰ উপস্থিতি।’’ তেওঁ জনায় যে, এইটো এক বিৰল পৰিস্থিতি, যিটো ১০ লাখৰ ভিতৰত ৫ জন ৰোগীৰ ক্ষেত্রত ঘটে। চৰকাৰী হাস্পতালৰ চিকিৎসকসকলে শিশুটিক বেচৰকাৰী হাস্পাতাললৈ প্ৰেৰণ কৰে। তাত অস্ত্রোপচাৰ কৰি শৰীৰৰ পৰা ভ্রূণটো বাহিৰ কৰা হৈছে। শিশুটি এতিয়া সম্পূর্ণ সুস্থ। কিন্তু ‘ফিটাচ ইন ফিটু’ ঘটনাটো আচলতে কি? যমজ সন্তানৰ ক্ষেত্রত এই ঘটনা লক্ষ্য কৰা যায়। এই ক্ষেত্রত এটি শিশুৰ ভিতৰতে অন্য শিশুৰ ভ্রূণ বাঢ়ি থাকে। অৱশ্যে খুব বেছি বাঢ়িব নোৱাৰে। প্রথম শিশুটিৰ জন্মৰ পিছত তেওঁৰ পেটত সেই ভ্রূণৰ সন্ধান পোৱা যায়। পলমকৈ ধৰা পৰিলে সদ্যোজাতৰ টিউমাৰ হোৱাৰ আশঙ্কা থাকি যায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More