বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিব এ আই ইউ ডি এফ দলে

0 14
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ জুলাইঃ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আই ইউ ডি এফ দলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট প্ৰদান কৰিব। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকক্ষণত আজি সংবাদমেল সম্বোধন কৰি দলটোৰ নেতৃত্বই এই কথা প্ৰকাশ কৰে। দিছপুৰৰ বিধায়ক আৱাসত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাচিমী, ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে এখন সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰে। তেওঁলোকে কয় যে এ আই ইউ ডি এফে আগৰে পৰাই বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনতো বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাকে এ আই ইউ ডি এফে ভোট দিব। ইয়াৰ বাবে যশোৱন্ত সিনহাৰ এজেণ্ট হিচাপে আমিনুল ইছলাম আৰু মজিবুৰ ৰহমানক নিয়োগ কৰা হৈছে। সংবাদমেলত বিধায়ক আমিনুল ইছলামে কয় যে যশোৱন্ত সিনহা কংগ্ৰেছৰ প্ৰাৰ্থী নহয়। তেওঁলোকে যেনেকৈ যশোৱন্ত সিনহাক সমৰ্থন দিছে আমিও তেনেদৰে সমৰ্থন দিছো বুলি তেওঁ কয়। তেওঁ কংগ্ৰেছৰ প্ৰতিজন বিধায়কে যাতে সিনহাক ভোট দিয়ে তাৰ আহ্বান জনায়। ইফালে যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সময়ত কংগ্ৰেছে কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত এ আই ইউ ডি এফ দলক নিমন্ত্ৰণ জনোৱা নাছিল বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে। এ আই ইউ ডি এফৰ নেতা কেইজনে কয় যে বিজেপিক পৰাভূত কৰিবলৈ এ আই ইউ ডি এফে যশোৱন্ত সিনহাক সমৰ্থন জনাব। কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁলোকে কয় যে ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফে গাড্ডাৰি কৰা নাই। কংগ্রেছে কি ভাৱে সেইটো এ আই ইউ ডি এফৰ বিচাৰ্যৰ বিষয় নহয়। কংগ্ৰেছে এ আই ইউ ডি এফৰ গাত দোষ জাপি দি নিজৰ ভাবমূর্তি নিকা কৰিব বিচাৰিছে বুলি তেওঁলোকে অভিযোগ কৰে। তেওঁলোকে লগতে কয় যে ৰাজ্যসভাৰ নিৰ্বাচনত বিভাজন সৃষ্টি কৰাৰ দৰে এইবাৰো নাটক সৃষ্টি কৰিছে কংগ্রেছে। বিমান বন্দৰত যশোৱন্ত সিনহাক এ আই ইউ ডি এফৰ তৰফৰ পৰা স্বাগতম জনোৱা হৈছিল যদিও কংগ্ৰেছে মিছা কথা কৈছে। কংগ্ৰেছে মালিকীস্বত্ব দেখুৱাব নালাগে বুলি সদৰি কৰি তেওঁলোকে কয় যে এ আই ইউ ডি এফক কংগ্রেছৰ অনুমতি নালাগে। কংগ্রেছেহে ক্ৰছ ভোট কৰিব বুলি অভিযোগ কৰি তেওঁলোকে কয় যৰ তেঁওলোকৰহে গোপন পৰিকল্পনা আছে। সংবাদমেলত এ আই ইউ ডি এফৰ নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কঠোৰ ভাষাৰে সমালোচনা কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More