বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ এছকোৰ্ট গাড়ী দুৰ্ঘটনাগ্ৰস্ত

এজন আৰক্ষী জোৱান নিহত

0 8

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২০ এপ্ৰিলঃ যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ লগত দেহৰক্ষী হিচাপে নিয়োজিত নলবাৰীৰ এজন আৰক্ষী জোৱানৰ মৃত্যু ঘটে।নিহত জোৱানজন হৈছে ৰাজু কলিতা। প্ৰাপ্ত খবৰ মতে, যোৱা নিশা তামুলপুৰৰ পৰা ৰঙিয়ালৈ আহি থকা অৱস্থাত বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ এছকৰ্ট গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয়। উক্ত দুৰ্ঘটনাৰ ফলত নলবাৰী জিলাৰ বৰখনাজনৰ আৰক্ষী জোৱান ৰাজু কলিতাৰ মৃত্যু হয়। জনা মতে, বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়োৰ লগত দীৰ্ঘদিন ধৰি দেহৰক্ষী ৰূপে নিয়োজিত হৈ আছিল ৰাজু কলিতা। নিহত আৰক্ষী জোৱানজনৰ আকস্মিক মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে। ইপিনে, নিহত জোৱান ৰাজু কলিতাৰ বাসগৃহত আজি দুপৰীয়া বি.টি.আৰ.প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ জোৱানজনৰ মৃৃৃত্যুত
গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে,  কলিতাৰ পৰিয়ালবৰ্গলৈ প্ৰমোদ বড়োৱে তৎকালীনভাবে ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More