বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰাসংগিকতা

0 538

 বিমল বৰগোঁহাই

ইতিহাসৰ পাত লুটিয়াই চালে আমি প্রায় ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ (১২২৮-১৮২৬) বিষয়ে ভালকৈ জানিব পাৰো। আহোম ৰজাসকলে কিদৰে নিজৰ বীৰত্ব আৰু সমৰ কলা প্ৰদৰ্শনেৰে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত সাম্ৰাজ্য বিস্তাৰ কৰাৰ লগতে নিজৰ আধিপত্য বজাই ৰাখিবলৈ যুদ্ধৰ লগতে সেই সময়ত অসম ৰাজ্যত বসবাস কৰা বিভিন্ন সৰু সৰু জাতি-জনাজাতীয় ৰজাসকলৰ সৈতে নানান কূটনৈতিক সম্পৰ্ক স্থাপন কৰি আহোম ৰাজত্বৰ ভেটি সুদৃঢ় কৰিবলৈ লগতে ৰাজ্যৰ সীমা সম্প্ৰসাৰণ কৰিবলৈ নানান চেষ্টা কৰিছিল। সেয়েহে, বোধকৰোঁ আহোম ৰাজত্বৰ ৬০০ বছৰীয়া ৰাজত্ব কালছোৱা আজিও বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে জিলিকি আছে। আহোম ৰাজত্বৰ বা আহোম ৰাজত্ব কালৰ বীৰ ৰজা বা স্বৰ্গদেউ সকলৰ বীৰত্বৰ কাহিনীৰ বিষয়ে জনাৰ প্ৰায়োজনীয়তা নিশ্চয়কৈ আছে। আজি মই বিশেষভাবে আহোম ৰাজত্ব কালৰ এগৰাকী মহাপ্ৰতাপী বীৰৰ বিষয়েহে ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। তেখেত হল বীৰ লাচিত বৰফুকন। এই গৰাকী বীৰ পুৰুষৰ বাবে আজি অসমবাসীৰ লগতে গোটেই ভাৰতবাসী গৌৰান্বিত। বীৰ লাচিত বৰফুকনে কিদৰে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি নিজৰ মাতৃভূমিক ৰক্ষা কৰিছিল, তাৰ বিষয়ে কিছু বিৱৰণ দাঙি ধৰিলোঁ। আহোম ৰজা প্রতাপ সিংহৰ ৰাজত্ব কালত এগৰাকী সুদক্ষ প্রশাসক আৰু আহোম সেনা বাহিনীৰ মুখ্য সেনাধ্যক্ষ পদত অধিষ্ঠিত আছিল মোমাই তামুলী। এই মোমাই তামুলীৰ কৰ্মত সন্তুষ্টি প্ৰকাশ কৰি স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁক পোন প্ৰথম বাৰৰ বাবে উজনি অসমৰ বৰবৰুৱা উপাধিৰে সন্মানিত কৰিছিল। এই মোমাই তামুলী বৰবৰুৱাৰেই দ্বিতীয় গৰাকী সুযোগ্য সন্তান আছিল মহাপ্ৰতাপী বীৰ লাচিত বৰফুকন। তেওঁৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰত। লাচিত বৰ ফুকন এগৰাকী অতি সাহসী যোদ্ধা হোৱাৰ লগতে এগৰাকী প্রকৃত দেশপ্ৰেমিক আছিল। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সময়ত যেতিয়া মোগলে আক্রমণ কৰিছিল, তেতিয়া চক্ৰধ্বজ সিংহই মোগলৰ বশ্যতা স্বীকাৰ নকৰাৰ পণ লৈ মোগলৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লয় আৰু লাচিত বৰফুকনক এই যুদ্ধৰ বাবে সেনাপতি হিচাবে দায়িত্ব অৰ্পণ কৰে। নিজৰ জনমভূমিক সুৰক্ষিত কৰি ৰাখিবলৈ লাচিত বৰফুকনেও সমৰ সজ্জা তৈয়াৰ কৰি মোগলৰ বিৰুদ্ধে যুদ্ধত নামি পৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰাজধানী কাজলীৰ মোগল ছাউনীত আৰু উত্তৰে বাঁহ বাৰীত বীৰ লাচিত ফুকনৰ নেতৃত্বত আহোম সেনাই আক্রমণ চলায়। ছৈয়দ ফিৰোণককে মুখ্য কৰি ভালেকেইজন মোগল সেনাধ্যক্ষ ৰণত পৰে। ১৬৬৭ খ্ৰীষ্টাব্দৰ ডিচেম্বৰ মাহত দিল্লীৰ মোগল সম্ৰাটে অম্বৰৰ মিৰ্জা ৰজা জয় সিংহৰ পুতেক ৰাজা ৰাম সিংহক বংগৰ সেনাৰে পৰিপুষ্ট এটা সেনা বাহিনীৰ সেনাপতি হিচাবে নিযুক্তি দিয়ে। ৰামসিংহৰ সেনাবাহিনীত ১৮,০০০ অশ্বাৰোহী, ১৫,০০০ হাজাৰ কাড়ী আৰু ৩০,০০০ পদাতিক সৈন্যৰে সু-সজ্জিত আছিল। আনফালে, গুৱাহাটীত লাচিত বৰফুকনেও মোগলৰ সন্মুখীন হব পৰাকৈ যাবতীয় প্ৰস্তুতি চলালে। তিনিজন মন্ত্ৰী, ফুকন আৰু ৰাজখোৱাসকলৰ সৈতে আলোচনাত মিলিত হৈ প্ৰতিৰক্ষাৰ আঁচনি তৈয়াৰ কৰা হল। ৰামসিংহই অতি সোনকালে গুৱাহাটী তথা বৰনদীৰ পশ্চিমাংশৰ সমগ্ৰ ৰাজ্য খালি কৰি দিবলৈ হুংকাৰ দিলে। বৰফুকনেও ৰামসিংহৰ দাবী আগ্ৰাহ্য কৰি সৈন্য বাহিনী লৈ আগিয়াঠুৰিৰ ফালে অগ্ৰসৰ হল আৰু ফুকনসহ আন আন বিষয়াসকলক শত্ৰুৰ ওপৰত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিলে। কেবালানিও সংঘৰ্ষ হল আৰু অৱশেষত মোগল সেনা পৰাভূত হল। মোগলে এই পৰাজয়ৰ পোতক তুলিবলৈ গৈ ৰামসিংহই ৰাজপুত অশ্বাৰোহী সেনাৰে আহোম সেনাৰ ওপৰত আক্ৰমণ চলাই একে দিনাই ১০,০০০ অসমীয়া ৰণুৱাক হত্যা কৰিলে। এই ঘটনাই আহোম সেনাৰ মন একেবাৰে ভাঙি পেলাইছিল। কিন্তু, হাৰ মনা নাছিল। এই যুদ্ধ অসমৰ বুৰঞ্জীত “আলাবৈৰ ৰণ” বুলি খ্যাত। এই যুদ্ধৰ কিছুদিনৰ পাছত চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। চক্ৰধ্বজ সিংহৰ পাছত তেওঁৰ ভাতৃ মাজু গোঁহাইয়ে হিন্দুমতে উদয়াদিত্য সিংহ (ছ্যু-ন্যেউ-ফা) নাম লৈ ৰাজপাটত বহে। ৰামসিংহই আলাবৈৰ ৰণত বিজয়ী হোৱাৰ পাছত আহোমৰ সৈতে সন্ধিৰ বাবে আলাপ-আলোচনা আৰম্ভ কৰিলে আৰু মোমাই তামুলী বৰবৰুৱা আৰু আল্লাহয়াৰ খানে খ্ৰীষ্টাব্দ ১৬৩৯ সময়ৰ পুৰণি সীমাকে বাহাল ৰখাৰ পক্ষত কুটুৰিবলৈ ধৰিলে। বৰফুকনে ৰজাৰ পৰামৰ্শ মৰ্মে ৰামসিংহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে আৰু পুনৰ যুদ্ধ ঘোষণা কৰিলে। ৰামসিংহইও গুৱাহাটী আক্ৰমণ কৰি দখল কৰিবলৈ তেওঁৰ সেনাবাহিনীক নির্দেশ দিলে। আক্ৰমণৰ একমাত্ৰ সুচল উপায় আছিল নৌ যুদ্ধ। চৰিপখানে নৌ বাহিনীক যুদ্ধৰ বাবে নিৰ্দেশ দিলে। তেওঁক সহায় কৰিলে লাচিত খান আৰু মুনুৱাৰ খানে। এনে এক সংকটপূৰ্ণ পৰিস্থিতিত তিনিজন আহোম সেনাপতি-ডাউকী পানী ফুকন, নাও বৈচা ফুকন আৰু গুৱাহাটীৰ বৰফুকন ৰোগাক্ৰান্ত হৈ পৰিল। মোগলে ৰণতৰী ঘোঁৰা আৰু সৈন্য লৈ গুৱাহাটীৰ অভিমুখে আগুৱাই আহিল। লাচিত বৰফুকনে মোগলক বাধা দিবলৈ শৰাইঘাটৰ কোঠত একে ৰাতিৰ ভিতৰতে এটা গড় মৰাবলৈ আয়োজন কৰিলে আৰু এই কামৰ বাবে নিজৰ মোমায়েকক দায়িত্ব দিলে। পিছে, শেষ নিশালৈকে গড় মৰা হৈ নুঠা দেখি লাচিত বৰফুকনে মোমায়েকক একেঘাপে ডিঙি কাটি দুছেও কৰিলে। আহোম সৈন্যই মোগলৰ বিশাল ৰণ নীতিৰ উমান পাই পিছুৱাই আহিবলৈ বিচাৰিছিল। কিন্তু গুৰুতৰ ভাৱে ৰোগাক্ৰান্ত হোৱা অসুস্থ স্বত্তেও লাচিত বৰফুকনে কোনোপধ্যেই হাৰ নামানি নৰীয়া গাৰেই নিজেই সাতখন নাৱৰ এটা সেনা বাহিনী লৈ হিলৈ-বৰটোপৰে মোগলক ভেটিবলৈ আগবাঢ়ি গল। আহোম সেনাপতিৰ এনে অস্বাভাৱিক আৰু দু:সাহসী আচৰণত আহোম নৌ বাহিনী হৃত উদ্যম তৎমুহূৰ্ততে ঘূৰি আহিল। নদীৰ দুপাৰৰ পৰা হিলৈ বৰটোপৰ গুলি উফৰিবলৈ ধৰিলে আৰু অসমীয়া সেনাই শত্ৰুপক্ষৰ ঘন ৰণতলীৰ বেহু ফালি সোমাই মোগল সেনাৰ বিস্তৰ ক্ষতি কৰিলে। আহোম সেনাই এক দুৰ্ভেদ্য প্ৰাচীৰ হৈ শত্ৰু সেনাক আগুৰি ধৰিলে আৰু মোগলক পাণ্ডুলৈকে খেদি পঠিয়ালে। এই নৌ যুদ্ধৰ পাছত আৰু কোনো যুদ্ধ হোৱা নাছিল। ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত সংঘটিত হোৱা এই ৰণকেই বিখ্যাত “শৰাইঘাটৰ ৰণ” বুলি কোৱা হয়। এই ৰণতেই মোগলে চূড়ান্ত পৰাজয় বৰণ কৰি বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হয়। মোগলসকলে ভাৰতবৰ্ষৰ প্ৰায় সকলো অঞ্চল অধিকাৰ কৰাৰ সময়তে বীৰ লাচিত বৰফুকনৰ বীৰত্ব, গভীৰ দেশপ্ৰেম, অদম্য সাহস, বুদ্ধিমত্তাৰ বাবেই মোগলক পৰাভূত কৰি নিজৰ জন্মভূমি আৰু জাতিক ৰক্ষা কৰিছিল। সেইসময়ত যদি লাচিত বৰফুকনৰ নেতৃত্বত মোগলক পৰাভূত কৰিব নগলহেঁতেন,, তেন্তে আজিৰ অসমীয়াই যি দৰে মূৰ দাঙি থিয় হৈ আছে, সেইয়া ছাগে কেতিয়াও সম্ভৱ নহলহেঁতেন। মোগলৰ আগ্ৰাসনৰ লগে লগে আমাৰ ভাষা, সংস্কৃতি, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, জনগাঁথনি আদিৰ আমূল পৰিবৰ্তন হৈ এক বৈশিষ্ট্যহীন আৰু অস্তিত্বহীন পৰিবেশে বিৰাজ কৰিলেহেঁতেন। আজি আমি স্বতন্ত্ৰভাৱে আৰু শান্তিৰে উশাহ লৈ জীয়াই থাকিবলৈ যিটো পৰিৱেশ পাইছোঁ, সেইটো একমাত্ৰ বীৰ লাচিত বৰফুকৰ বাবেই সম্ভৱ হল। সেয়েহে, লাচিত বৰফুকনৰ আমাৰ এগৰাকী বীৰ যোদ্ধাৰ লগতে এগৰাকী জাতীয় সত্তাও আছিল বুলি কলেও বঢ়াই কোৱা নহয়। শৰাইঘাট ৰণৰ পাছত মোগলে আৰু কোনোদিনে অসম দখল কৰিব পৰা নাছিল। সেয়েহে, ৬০০ বছৰীয়া আহোম ৰাজত্ব কালত বীৰ লাচিত বৰফুকনৰ নাম এক সুকীয়া ভাবে অসম বুৰঞ্জীৰ পাতত আজিও সন্নিবিষ্ট হৈ আছে। কিন্তু, এই মহান বীৰ গৰাকীৰ স্বদেশপ্ৰেম, যুদ্ধ নিপুনতা, সাহসিকতা আদিৰ বিষয়ে বহুদিনৰ আগতেই যেনেদৰে প্ৰচাৰ আৰু প্ৰসাৰ হব লাগিছিল থিক তেনেদৰে নহল। মাথো বুৰঞ্জীৰ পাততেই যেন তেওঁৰ বীৰত্বৰ কাহিনী সীমাবদ্ধ হৈ থাকিল। ছত্ৰপতি শিৱাজীক যিদৰে গোটেই ভাৰতবর্ষই জানিছিল, ঠিক সেইদৰে বীৰ লাচিত বৰফুকনৰ বিষয়ে সকলোৱে জানিবলৈ বর্তমান সময়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বিশেষ প্ৰয়োজনীয়তা আছে বুলি ভাৱো। সাম্প্ৰতিক পৰিস্থিতিত, আজিৰ প্ৰজন্মই নিজৰ মনত স্বদেশপ্রেম, নিজ জাতিটোৰ প্ৰতি প্ৰেম আদিৰ ভাব জাগ্ৰত কৰি তুলিবলৈ হলে এই জাতীয় বীৰ গৰাকীৰ বীৰত্ব, স্বদেশপ্ৰেম, যুদ্ধ নিপুণতা আদিৰ বিষয়ে জনাৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বিশেষ প্ৰাসংগিকতা আছে বুলি অনুভৱ কৰোঁ। অৱশ্যে এটা ভাল খবৰ যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক বিশেষ পদক্ষেপ লৈ এই মহান বীৰগৰাকীক উচিত সন্মান আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত এক বিশেষ স্থান দিবলৈ এইবাৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি মহান বীৰ গৰাকীলৈ যি সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা লৈছে, সেয়া সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয়। অতি ভাল খবৰ যে অসম চৰকাৰ উদ্যোগত অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰ, ২০২২ তাৰিখে তিনিদীয়া কাৰ্যসূচীৰে দিল্লীৰ “বিজ্ঞান ভৱন”ত বীৰ লাচিত বৰফুকনৰ বছৰ জোৰা ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ উপৰিও দেশৰ ৰাজধানী দিল্লীৰ মেট্ৰো ট্ৰেইন, মেট্ৰো ষ্টেছন, বাছ আস্থান, দিল্লীৰ চৌদিশে ডিছপ্লে, হৰ্ডিঙ আদিৰে লাচিত বৰফুকনৰ বিষয়ে ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰীয়ে ভাৰতৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতেও কথা পাতি বীৰ লাচিত বৰফুকনৰ বিষয়ে সেই ৰাজ্য সমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবৰ বাবে যি প্ৰয়াস কৰিছে, সেইয়া সঁচাকৈ এক বলিষ্ঠ পদক্ষেপ। যদি আমাৰ মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱ সকলো ৰাজ্যই গ্ৰহণ কৰে, তেন্তে নিশ্চয়কৈ ভাৰতৰ চুকে কোণে বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু সাহসিকতাৰ বিষয়ে সকলোৰে গম পাব আৰু বীৰ গৰাকীৰ নাম ৰাষ্ট্রীয় পৰ্যায়ত এক সুকীয়া স্থান লাভ কৰিব। দিল্লীত আয়োজিত এই কাৰ্যসূচীৰ যোগেদি বীৰ লাচিত বৰফুকনৰ বীৰত্ব, যুদ্ধ নিপুণতা, স্বদেশপ্ৰেমৰ কথা ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বই জানিব, যাৰ বাবে আমাৰ জাতীয় বীৰগৰাকী এগৰাকী ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বীৰ হিচাবে যে স্বীকৃতি লাভ কৰিব সেইয়া খাটাং। ইতিমধ্যে, ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত মহাৰাষ্ট্ৰৰ পুনেস্থিত “National Defence Academy” ত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু এই একাডেমীৰ পৰা পঢ়ি ওলাই যোৱা “শ্ৰেষ্ঠ কেডেট” সকলক “লাচিত মেডেল”ৰে সন্মানিত কৰাৰ এটা পৰম্পৰা যোৱা ১৯৯৯ চনৰেই পৰা চলি আছে। আমাৰ অসমতো মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ উপায়ুক্তলৈ ৪০০ বছৰীয়া জন্মজয়ন্তী কেইবাদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ বাবে নীতি নিৰ্দেশনা প্ৰেৰণ কৰিছে। এইয়া সঁচাকৈ আমাৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ কথা। এই জনা মহাপৰাক্ৰমী বীৰগৰাকী সমগ্ৰ জাতিৰ বাবে সাহস আৰু অনুপ্ৰেৰণাৰ উৎস। মই এই লেখাৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰো যে তেখেতে যাতে অতি সোনকালে ভাৰত চৰকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি ভাৰতীয় সৈন্য বাহিনীত বীৰ লাচিত বৰফুকনৰ নামত এটা “সেনা বাহিনী” নতুনকৈ খোলাৰ পদক্ষেপ গ্ৰহণ কৰে। এনে কৰিলে নিশ্চয়কৈ গোটেই বিশ্বতে বীৰ লাচিত বৰফুকনৰ নাম আৰু যশ আজীৱন জিলিকি থাকিব, যাৰ বাবে আমাৰ ৰাজ্যখনৰ নামো গোটেই বিশ্বই গম পাব। আহকচোন, লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে একাজলি শ্ৰদ্ধাঞ্জলিৰে স্মৰণ কৰোঁ আৰু আমি সকলোৱে লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ দেশ আৰু মাতৃভূমি ৰক্ষাৰ বাবে তথা সেৱা আগবঢ়াবলৈ কিছু সংকল্প লওঁ।

বৰবিল নং:২, ডিগবৈ ফোন:৯৪৩৫০৩৫১৭৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More