বুঢ়া চাপৰিত দ্বিতীয় দিনা ৯০২হেক্টৰ বনভূমি বেদখলমুক্ত

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ উচ্ছেদ অভিযানো শান্তিপূৰ্ণ ভাবে সমাপ্তি ঘটিছে৷ কালিৰ তিনিটা স্হান লংকে টাপু, কমলাগড় আৰু বেটনিৰ পাছত আজি অভয়াৰণ্যখনৰ পাঁচটা স্হানত এই উচ্ছেদ অভিযান চলে৷ উল্লেখযোগ্য যে,আজি উচ্ছেদত আৰক্ষী আৰু বনকৰ্মীৰ আঠটা দলে শিয়ালি বন, লাঠিমাৰী, গণেশ টাপু, গুলিৰপাৰ আৰু বাঘেটাপুত উচ্ছেদ অভিযান চলাই মুঠ ৯০২হেক্টৰ বনভূমি বেদখল মুক্ত কৰে৷ এই অভিযানত মুঠ এহেজাৰ এশ ৯৫টা বাসগৃহ আৰু চাৰিহেজাৰ সাতশ ১১জন বেদখলকাৰীক উচ্ছেদ কৰা হয়৷ শোণিতপুৰ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি আজি শিয়ালি বনাঞ্চলৰ ৮০হেক্টৰ ভূমি, দুশ২৫টা বাসগৃহ আৰু এহেজাৰ দুশ ১০জন বেদখলকাৰীক উচ্ছেদ কৰা হৈছে৷ একেদৰে লাঠিমাৰীত মুঠ দুশ ৯২টা হেক্টৰ ভূমি আৰু ৪৪৬টা বাসগৃহ তথা এহেজাৰ পাঁচশ ২৫জন বেদখলকাৰীক,গণেশ টাপুত পাঁচশ৩০হেক্টৰ ভূমি, চাৰিশ ৪৯জন বেদখলকাৰী আৰু এহেজাৰ নশ ৭৬জন বেদখলকাৰীক উচ্ছেদ কৰা হয় বুলি আজি শোণিতপুৰ প্ৰশাসনে সদৰি কৰিছে৷ উল্লেখ্যযোগ্য যে, বুঢ়াচাপুৰী সংৰক্ষিত বনাঞ্চলৰ তেজপুৰ বিধানসভা খণ্ডৰ শোণিতপুৰ জিলাত অৱস্থিত লংকে তাপো আৰু বেটনি চাপৰি আৰু কামালাগড় চলিল উচ্ছেদ। শান্তিপূৰ্ণ ভাবে চলা এই উচ্ছেদ অভিযানত প্ৰথম দিনা লংকে তাপু ,বেটনি আৰু কমালাগড়ত ৬৮২ হেক্টৰ ভূমি (৫১৩০ বিঘা) উচ্ছেদ হয় । লংকে তাপুত ৬৩০ হেক্টৰ ভূমি ৫৬৩ টা ঘৰ আৰু ২৪৪৪ জন লোক আৰু বেটনিত ৭৬ টা ঘৰ আৰু ৩০৪ টা পৰিয়াল আৰু কমলাগড়ত ৫২ ঘৰ উচ্ছেদ কৰা হয় বুলি জানিব দিয়ে প্ৰশাসনৰ তৰফৰ পৰা

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More