বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ

0 73

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জানুৱাৰী : অচিৰেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যত৷ উল্লেখযোগ্য যে, তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ ভিতৰৰ প্ৰায় এহেজাৰ হেক্টৰৰ অধিক ভূমিত অবৈধ ভাৱে অধিগ্ৰহণ কৰি আছে বহুসংখ্যক লোকে। আজি এই তথ্য সদৰী কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । তেওঁ জনায় যে চৰকাৰে সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পিছত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে।বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে লাওখোৱা বনাঞ্চল সংলগ্ন হৈ আছে আৰু সেয়া নগাওঁ জিলাৰ অন্তৰ্গত৷ কিন্ত শোণিতপুৰৰ প্ৰশাসনীয় এলেকা অন্তৰ্গত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অঞ্চলত বৰ্তমান চৰকাৰে বেদখল মুক্ত কৰি তাত নতুনকৈ বৃক্ষ ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পৰাই শোণিতপুৰৰ বন বিভাগৰ অধীনস্থ আছিল যদিও পৰৱৰ্তী সময়ত ১৯৯৫ ৰ ১১ জুলাইত এক গেজেট নটিফিকেচনৰ জৰিয়তে এই সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । কিন্ত ২০১৩ ৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশ যোগে এই অভয়াৰণ্যখন নগাঁও জিলা বন্য প্ৰাণী মণ্ডলৰ অধীনলৈ যায়।কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰৰ তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অধীনস্হ এলেকা।উল্লেখযোগ্য যে,এসময়ত যথেষ্ট সংখ্যক গঁড় থকা অভয়াৰণ্যখন ইতিমধ্যে গঁড়শূন্য হৈ পৰাৰ লগতে কংগ্ৰেছৰ শাসনকালত ব্যাপক ভাবে গছ কটা হৈছিল৷ আনকি সেই সময়ত অভয়াৰণ্যখনৰ ভিতৰত গছ কাটি তহিলং কৰা দুস্কৃতিকাৰীয়ে বনশিবিৰো জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছিল৷ বিলৰ মাছ মাৰি অভয়াৰণ্যখনৰ ভিতৰত উঠিৰজা বহিৰাজা হৈ পৰা একাংশ বেদখলকাৰী আৰু চোৰাং বেপাৰীৰ দপদপনি সম্প্ৰতি হ্ৰাস পোৱাৰ বিপৰীতে সম্প্ৰতি অভয়াৰণ্যখনত ঢেকীয়াপতীয়া বাঘৰ সংখ্যাও বৃদ্ধি পাইছে৷ উল্লেখযোগ্য যে, অভয়াৰণ্যখনত পূৰ্বে চোৰাংচিকাৰীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ইয়াত আশ্ৰয় লোৱা গঁড়ো হত্যা কৰাৰ নজিৰ আছে যিটো বিষয়ে আনকি সেই সময়ত সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াই গাপ দিবলৈ অপচেষ্টা চলাইছিল৷ ইয়াত পূৰ্বে গ্ৰহণ কৰা গঁড় পুণৰ সংস্হাপনৰ এখন আঁচনিও ব্যৰ্থ হৈছে৷ উল্লেখযোগ্য যে,এই বনাঞ্চলত বেদখলৰ অভিযোগ দীৰ্ঘদিনীয়া আৰু এই বিষয়ে অভিযোগ কৰিলেই এসময়ত বহুলোক ভয় ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তদুপৰি, ইয়াৰে সংলগ্ন বন গাঁও, গৰু ম’হৰ খুটি আৰু খেতিয়কে চাপৰি অঞ্চলত যুগ যুগ ধৰি বিভিন্ন খেতি কৰি আহিছে আৰু চাৰিটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰি আহিছে।এই বিষয়ে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বী ৰাজ ৰাভাই ৰাজ্যৰ বিধানসভাত বিষয়টো উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে।একমাত্ৰ ৰাজনৈতিক অভিসন্ধিৰ বাবেই বুঢ়াচাপৰি অভয়াৰণ্যক শোণিতপুৰ বন সংমণ্ডলৰ পৰা কৰ্টন কৰি নগাওঁ বন সংমণ্ডলৰ অধীনলৈ নিয়া হৈছিল বুলি ৰাভাই মুখ্যমন্ত্ৰীক অৱগত কৰে আৰু ইয়াক পুনৰ শোণিতপুৰৰ অধীনলৈ আনি সকলো কাম কাজ নিয়ন্ত্ৰণ কৰাৰ বাবে আহ্বান জনায়।বৰ্তমান এই অঞ্চল সমূহৰ বহু অংশ বেদখলীৰ কৱলত আছে বুলিও কয় বিধায়ক ৰাভাই।ইপিনে,বেদখলকাৰীৰ দ্বাৰা বিভিন্ন সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা তেজপুৰৰ বিশিষ্ট খেতিয়ক তথা প্ৰাক্তন ছাত্ৰ নেতা কাবুল শৰ্মায়ো বুঢ়াচাপৰি অভয়াৰণ্যখনক পুনৰ শোণিতপুৰ বনসংমণ্ডলৰ অধীনলৈ আনিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে।উল্লেখযোগ্য যে,কৃষক শৰ্মাই আৰম্ভণিৰ পৰাই বুঢ়াচাপৰিৰ কৰ্তৃত্ব শোণিতপুৰ বনসংমণ্ডলৰ পৰা কৰ্তন কৰা সন্দৰ্ভত বিৰোধিতা কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More