বৃক্ক ৰোগৰ ৫টা লক্ষণ !

0 242

বৃক্কৰ সমস্যা সময়মতে চিকিৎসা নকৰিলে জীৱনটো আপুনি ভবাৰ দৰে সুখকৰ নহয়গৈ। সমস্যাটো জটিল হৈ গৈ থাকিলে ই জীৱনটোকে টানি লৈ ফুৰে। কিন্তু সমস্যাটো হ’ল- বহুক্ষেত্ৰত বৃক্কৰ সমস্যাৰ লক্ষণবোৰ ইমানেই মৃদু যে ৰোগটো গভীৰ নহ’লে সেইবোৰ বুজিব নোৱাৰি।বৃক্কৰ সমস্যাত ভোগাৰ আগেয়ে কি কি লক্ষণ আছে জানি লওক আৰু আগতীয়াকৈ সাৱধান হওক।

১. সকলো সময়তে ভাগৰুৱা অনুভৱ কৰা, কাম কৰিবলৈ প্ৰেৰণা হেৰুৱাই পেলোৱাটো বৃক্কৰ সমস্যাৰ অন্যতম মূল লক্ষণ। বৃক্কৰ মূল কাম হ’ল তেজ শুদ্ধ কৰা। সেয়ে বৃক্কই সঠিকভাৱে কাম নকৰিলে তেজত বিষাক্ত আৰু অপ্ৰয়োজনীয় পদাৰ্থ বাঢ়ি যায়। ফলত ভাগৰুৱা হৈ পৰে। আনকি এনিমিয়াও হ’ব পাৰে। ৰক্তহীনতাৰ এটা মূল লক্ষণ হ’ল সাধাৰণতে লগা ভাগৰতকৈ অধিক ভাগৰুৱা হোৱা।

২. অনিদ্ৰাঃ বৃক্কই সঠিকভাৱে কাম নকৰা হ’লে প্ৰস্ৰাৱৰ যোগেদি অপ্ৰয়োজনীয় আৱৰ্জনা নিৰ্গত কৰিব নোৱাৰে। এয়াই অনিদ্ৰাৰ অন্যতম কাৰণ। বিশেষজ্ঞসকলে কয় যে সুস্থ লোকতকৈ বৃক্কৰ সমস্যা থকা লোকৰ অনিদ্ৰা বেছি হয়।

৩. ছালৰ সমস্যাঃ বৃক্কৰ এটা প্ৰধান কাম হ’ল মানুহৰ শৰীৰত থকা প্ৰয়োজনীয় লৱণ আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰা। ছালৰ সজীৱতা বজাই ৰখাত আৰু হাড়ৰ স্বাস্থ্য বজাই ৰখাত এই উপাদানসমূহে ডাঙৰ ভূমিকা পালন কৰে। ফলত ৰুক্ষ ছাল শুকান হোৱা, ছালৰ ঘাঁ হোৱা আৰু হাড়ৰ সমস্যা হোৱাটো বৃক্কৰ ৰোগৰ অন্যতম লক্ষণ হ’ব পাৰে।

৪. প্ৰস্ৰাৱৰ সমস্যাঃ সঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হ’লে ই বৃক্কৰ ৰোগৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ ৰাতি সাধাৰণতকৈ বেছিকৈ প্ৰস্ৰাৱ কৰিবলৈ সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰস্ৰাৱৰ লগত তেজ ওলোৱা বা প্ৰস্ৰাৱত অতিৰিক্ত ফেন ওলোৱাটোও বৃক্কৰ সমস্যাৰ লক্ষণ। প্ৰস্ৰাৱত এলবুমিন বেছি হ’লে অতিৰিক্ত ফেন সৃষ্টি হয়।

৫. ভৰি ফুলাঃ বৃক্কৰ সমস্যাই ছডিয়ামৰ ভাৰসাম্য বিঘ্নিত কৰে। ইয়াৰ ফলত ভৰি দুখন ফুলি উঠে। বহু সময়ত খনিজ লৱণৰ ভাৰসাম্যতাই শৰীৰৰ পেশীবোৰত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ মূল কাৰণ হৈছে কেলচিয়াম আৰু ফছফৰাছৰ সমস্যা।

এনেবোৰ লক্ষণ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

(শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More