বৃহৎ নদীবান্ধ বন্ধ কৰা, বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত ধেমাজিত অজাযুছাপৰ অৱস্থান

0 54
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১জুলাইঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি ধেমাজি জিলাতো পৰিষদৰ ধেমাজি জিলা সমিতিয়ে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান আৰু পুনৰ সংস্থাপনৰ উপৰি বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । ছাত্ৰ সংগঠনটোৰ তিনি শতাধিক কৰ্মী উপস্থিত থকা কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাতো বান-গৰাখহনীয়া সমস্যাই ব্যাপক ক্ষয়-ক্ষতি কৰি অহাৰ কথা উল্লেখ কৰি কোনো এখন চৰকাৰে আজিলৈকে বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিব নোৱাৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে । এইবছৰো জিলাখনৰ জীয়াঢল, কুমটীয়া, গাইনদী, চিমেন, চিয়াং, লালী, ৰাইনৈ, ন-নদী, মিছামাৰী, নিলখ, ডিমৌ আদি নৈৰ বাঢ়নি পানীয়ে শতাধিক গাওঁ প্লাবিত কৰি সহস্ৰাধিক পৰিয়াল সৰ্বস্বান্ত হৈছে বুলি কয়। প্ৰতিবছৰে বাৰিষাত এইবোৰ সমস্যাই দেখা দিয়ে যদিও আজিলৈকে বিজ্ঞানসন্মত পদ্ধতিৰে সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা নকৰাত ক্ষোভ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ চকু কেৱল অসমৰ সম্পদৰ ওপৰতহে, সমস্যাৰ ওপৰত নহয় বুলি কটাক্ষ কৰে। প্ৰসংগত তেওঁ অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হ’ব পাৰে অসমৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে কিয় বুলি আন এক প্ৰশ্ন উত্থাপন কৰে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসে দেশৰ প্ৰধানমন্ত্রী আৰু গৃহমন্ত্রীক উদ্দেশ্য কৰি কয় যে কেৱল নিৰ্বাচনৰ সময়ত বৰ বৰ কথা ক’লেই, প্ৰতিশ্ৰুতি দিলেই নহ’ব; এই বিপদৰ সময়ত কেৱল মাত্র টেলিফোন কৰি দায়িত্ব সামৰিলে নহ’ব, অসমৰ বান-খহনীয়া সমস্যাক অতিশ্ৰীঘ্ৰে ৰাষ্টীয় সমস্যা হিচাপে ঘোষণা কৰি বিশেষ পুঁজি মোকলাই সমস্যাসমূহৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনায়। আনহাতে পৰিষদৰ অন্তিমজন সদস্য থকালৈকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি যাব বুলি সজোৰে কয় ।
অৱস্থান কাৰ্যসূচীৰ সময়তে পৰিষদৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি-সম্পাদকদ্বয়ৰ স্বাক্ষৰত তিনিটা বিশেষ দাবীসম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে । তেওঁলোকৰ দাবী অনুসৰি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি সমস্যাসমূহ স্থায়ী সমাধান কৰা, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাৰ লগতে ঘৰ-বাৰী হেৰুৱা ব্যক্তিসকলক উচিৎ ক্ষতিপূৰণ তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ দাবী জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More