বেজীৰ দিন ওকলিল! এইবাৰ ৰবটে পোনে পোনে পেটলৈ যোগান ধৰিব ইনচুলিন

0 24

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ অক্টোবৰ : ঔষধ আগতকৈ অধিক সক্ৰিয় হ’ব; সঠিক সময়ত সঠিক ঠাইত যোগান ধৰা হ’ব। বেজীৰ আৰু প্ৰয়োজন নাই। মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিয়ে আৱিষ্কাৰ কৰিছে এক নতুন পদ্ধতি। তেওঁলোকে এটা ‘ৰবটিক পিল’ আৱিষ্কাৰ কৰিছে; যিয়ে শৰীৰত ইনচুলিন যোগান ধৰিব। জীৱ-জন্তুৰ ওপৰত পৰীক্ষা কৰা হৈছে এই ৰবটিক পিল। ফলাফল আশানুৰূপ। এই বড়িয়ে পাচন এনজাইম, এচিডিক অঞ্চল আৰু শ্লেষ্মা বাধা অতিক্ৰম কৰি পেটত উপনীত হ’ব। আৰু সেই ঠাইত উপনীত হোৱাটোৱেই আছিল প্ৰত্যাহ্বান। পিলবিধৰ সাজ-পোছাকৰ নাম ‘ৰব’কেপ’। ই ইনচুলিনৰ সহায়ত ক্ষুদ্ৰান্ত্ৰত উপনীত হয়। ইয়াক লাভ কৰাত জটিল প্ৰযুক্তিয়ে কাম কৰে। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এই প্ৰযুক্তি নিখুঁত কৰাৰ কাম কৰি আহিছে। এই সন্দৰ্ভত গৱেষণা পত্ৰখন প্ৰকাশ পাইছে ‘চাইন্স ৰবটিক্স’ত। ইয়াৰ নেতৃত্বত আছে শ্ৰীশ্ৰীনিবাসন। শেহতীয়াকৈ এন্টিবায়টিক পেপটাইড ভেনক’মাইচিনো বেজী দিয়া হৈছে বুলি তেওঁ ব্যাখ্যা কৰে। তেওঁলোকে লৈ অহা ৰ’ব’কেপে কেৱল ইনচুলিনেই নহয়, ভেংক’মাইচিনো যোগান ধৰিব পাৰে। গৱেষকসকলে এই প্ৰযুক্তিৰ জৰিয়তে প্ৰয়োজনীয় ঔষধ পোনপটীয়াকৈ এপিথেলিয়ামলৈ প্ৰেৰণ কৰিব পাৰে বুলি সদৰী কৰিছে। শ্লেষ্মা বাধাৰ ওপৰেৰে ঔষধ যোগান ধৰাটো কঠিন বুলি বিবেচিত হৈ আহিছিল। কিন্তু এইবিধ ঔষধৰ বাহিৰৰ ফালে জেলেটিন আৱৰণ থাকিব, যিটো নিৰ্দিষ্ট পি এইচত দ্ৰৱীভূত হ’ব আৰু ভিতৰৰ ঔষধ পেটৰ মাজেৰে পাৰ হ’ব। ইয়াৰ কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়াও নাই বুলি প্ৰকাশ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More