বৈচিত্ৰ্যময় অসমৰ পাতত নাই চ্যুকাফাৰ নাম

শিক্ষা বিভাগৰ বিসংগতিৰ বিৰুদ্ধে ক্ষোভ

0 15

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ২৪ এপ্ৰিলঃ বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চ্যাউলুং চ্যুকাফাৰ নাম ৰাজ্যৰ শিক্ষা বিভাগে প্ৰস্তুত কৰা বৈচিত্ৰ্যময় অসম নামৰ পুথিখনৰ এটা পৃষ্ঠাত অতি ৰহস্যজনক ভাৱে সৰ্ব প্ৰথমে উল্লেখ কৰাৰ পৰিৱৰ্তে বাদ দিয়াৰ ঘটনাই কালি নিশাৰে পৰাই শিৱসাগৰ জিলাখনৰ লগতে সমগ্ৰ উজনি অসমতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড° ভূপেন হাজৰিকালৈকে উল্লেখ থকা পুথিখনৰ বিশেষ পৃষ্ঠাটোত স্বৰ্গদেউ চ্যাউল্যুং চ্যুকাফাৰ নাম উল্লেখ নথকাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ । নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট পুথিখনত বৈচিত্ৰ্যময় অসম শীৰ্ষক লেখাটোত স্বৰ্গদেউৰ নাম উল্লেখ নথকাৰ সন্দৰ্ভদ কালি নিশাৰে পৰা সামাজিক মাধ্যমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ধুমুহা ।বিশেষকৈ আহোম জনগোষ্ঠীৰ ৰাইজৰ আত্ম সন্মান আৰু মৰ্যাদাত আঘাত সনা এই ভয়ংকৰ অপমানজনক কাৰ্যৰ বিৰুদ্ধে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি বসন্ত গগৈয়ে ।  কাৰ্যকৰী সভাপতি গৰাকীয়ে স্বৰ্গদেউ গৰাকীৰ নাম উক্ত পুথিৰ পৰা বাদ দিয়া কাৰ্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় । কেইবা তৰপীয়া পৰীক্ষা নিৰীক্ষাৰ মাজেৰে সম্পন্ন হোৱা পুথিখনত ইমান এক ভয়ংকৰ বিসংগতি কেনেকৈ হল বুলি ক্ষোভ প্ৰকাশ কৰা বসন্ত গগৈয়ে তাৎক্ষণিক ভাৱে বিতৰণ কৰা পুথিসমুহ উঠাই লৈ সংশোধনীৰে পুনৰ পুথি বিতৰণ কৰিবলৈ আহব্বান জনায় ।ইয়াৰ অন্যথাই এই ভয়ংকৰ কাৰ্য বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই হাত সাৱতি বহি নাথাকিব বুলি স্পষ্ট কৰি দিয়ে । আনহাতে নেতা গৰাকীয়ে উল্লেখ কৰি কয় যে, ১২২৮ খ্ৰীষ্টাব্দত চাউল্যুং চুকাফাই অসমত প্ৰৱেশ কৰাৰ প্ৰায় তিনিশ বছৰৰ পাছতহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল । অন্যহাতেদি চাউল্যুং চ্যুকাফাৰ পদাংক অনুসৰণ পৰৱৰ্তী সময়ৰ স্বৰ্গদেউ সকলে মোগলক প্ৰতিহত কৰি অসমৰ স্বাধীনতা, সুৰক্ষা অক্ষুণ্ণ ৰাখিছিল । তেনেস্থলত এই গৰাকী বৰ অসম গঢ়োতাক এনেদৰে অতি পৰিকল্পিত ভাৱে পাঠ্যপুথিৰ পৰা নাম বাদ দিয়া কাৰ্য কেতিয়াও গ্ৰহণ যোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More