ব্যক্তিগত অভিজ্ঞতা বনাম নতুন চিনেমা “প্ৰতিশ্ৰুতি”

0 198

শৈলেন বৰুৱা

    নতুন অসমীয়া চিনেমা এখনৰ কথা কবলৈ লৈ ব্যক্তিগত প্ৰসংগৰে লেখাটো আৰম্ভ কৰিব লগা হোৱাত পোনতে ক্ষমা বিচাৰিছো।

    জিলা এখনলৈ নতুনকৈ জিলা আয়ুক্ত (পূৰ্বৰ উপায়ুক্ত) বা আৰক্ষী অধীক্ষক আহিলে সংবাদ মাধ্যমৰ লোকসকলৰ লগত আনুষ্ঠানিক বা অনানুষ্ঠানিক ভাবে এবাৰ লগ হ’ব বিচাৰে। নতুন চৰকাৰী বিষয়াৰ লগত চা চিনাকী হৈ চাহ একাপ খোৱাৰ বাবে জিলাৰ বা বিশেষকৈ সদৰৰ সাংবাদিকসকলেও বিচাৰে। এইটো এটা অলিখিত নিয়মৰ দৰে। কেতিয়াবা আকৌ কোনোজন বিষয়াই সাংবাদিকসকলৰ সৈতে চা-চিনাকী হবলৈ নিবিচাৰে। নিবিচৰাসকলৰ প্ৰতিও সাংবাদিকৰ ক্ষোভ থাকিব নালাগে বা থকা উচিৎ নহয়। আমাৰ নাই।

    জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষক জিলালৈ আহে, যায়। খুব বেছি ৩/৪ বছৰ থাকে। আকৌ নতুন আহে, আকৌ যায়।

… জিলালৈ নতুন জিলা আয়ুক্ত আহিল। সাংবাদিকসকলক মাতিলে… চাহপানী খোৱালে। জিলাখনৰ মূল সমস্যাবোৰ তেওঁ সাংবাদিকসকলৰ পৰা জানিবলৈ বিচাৰিলে। সাংবাদিকসকলেও ফৰফৰকৈ মূল সমস্যাবোৰ কৈ গল। নতুন জিলা আয়ুক্তই তাৰে দুটামান নোট কৰি ললে।- এইটো আমাৰ বাবে এক পৰিচিত দৃশ্য বা বৃত্তিগত জীৱনৰ এক অংগস্বৰূপ।

… শেহতীয়াকৈ কেবাগৰাকীও নতুন বিষয়াৰ আগমনৰ উপলক্ষে আয়োজিত চাহ মেলত ব্যক্তিগতভাবে আমি একো নকলো, পৰামৰ্শ নিদিলো।
…. জিলালৈ নতুনকৈ অহা আৰক্ষী অধীক্ষকৰ চাহমেলতো  তদ্ৰূপভাবে প্ৰায় নিমাতে আছো।

কিয় নামাতিলো। কাৰণ আছে। বহুবল্কী নহলেও উচিৎ সময়ত উচিৎ কথাষাৰ কোৱাৰ সৎ সাহস আছে আৰু কৈ আহিছো। কিন্তু বিগত সময়ত জিলালৈ অহা একাধিক নতুন শীৰ্ষ বিষয়াক জিলাৰ সমস্যাৰ কথা কোৱা নাই… পৰামৰ্শ দিয়া নাই।
তাৰ প্ৰথম কাৰণটো হ’ল- ফুটুকাৰ ফেন।

দ্বিতীয়টো হ’ল শীৰ্ষ বিষয়াসকল সাধাৰণতে উচ্চ মগজুৰ বুলি বিবেচনা কৰা হয়। তেওঁলোক ACS/IAS/APS/IPS আদি কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈহে প্ৰশাসনিক বিষয়াৰ দৰে গুৰু দায়িত্ব লয়। আমি ঘৰ এখন, পৰিয়াল এটা বা সংগঠন এটা ভালদৰে চলাব নোৱাৰা (!) মানুহে জিলা চলাব পৰা বিষয়া এজনক ক্ষুদ্ৰ মগজুৰে উপদেশ দিয়াটো কিমান নিৰ্লজ কাৰবাৰ হ’ব পাৰে বুলি ভাবিয়েই হাত সাবটি বহি চাহপানী খাই গুচি আহো।

প্ৰথম কাৰণটো যে ফুটুকাৰ ফেন বুলি কৈছিলো তাৰ অৰ্থ হল–বৃত্তিগত জীৱনত বহু শীৰ্ষ বিষয়াক লগ পালো। তাৰে ন্যূনতম একাংশইহে নিজ কৰ্মৰ দ্বাৰা জিলাবাসীৰ অন্তৰ চুই যাব পাৰে। বেছিভাগেই “চাকৰি” কৰি সময় পাৰ কৰে। ৰাজহুৱা সমস্যাৰ প্ৰতি দায়বদ্ধতা নাথাকে। দায়বদ্ধতা কেৱল ফাইলত চহী কৰাতে সীমাবদ্ধ থাকে। গতিকে তেনে শীৰ্ষ বিষয়াৰ আগত জিলাৰ সমস্যা দাঙি ধৰা মানে–গৰুৰ আগত টোকাৰী বায়… শিং জোকাৰি ঘাঁহ খায় সদৃশ।

    আৰক্ষী শীৰ্ষ বিষয়াৰ আগত জিলাখনৰ অসামাজিক কাৰ্যকলাপৰ ঘাটিবোৰৰ কথা যদি কোৱা যায় তেন্তে চতুৰ বিষয়াই সেই ঘাটিবোৰক অৰ্থ সংগ্ৰহৰ উৎসৰূপে গ্ৰহণ কৰি সংশ্লিষ্ট থানাৰ OCক কেকোঁৰা চেপা দিবলৈ আৰম্ভ কৰে। আপুনি মই ভাবিম ডাইৰেক্ট SPক কৈছো… এইবাৰ অসামাজিক কাৰ্যৰ ঘাটি উচ্ছেদ হবই হ’ব। বাস্তৱত হ’ব ওলোটা। সেই ঘাটি থকা এলেকাৰ থানাৰ পৰাই তেঁওলৈ প্ৰতিমাহে শকত টোপোলা পঠাবলৈ মৌখিক নিৰ্দেশ যায়। চাহমেলৰ পৰামৰ্শ- আলোচনা কাৰ্যতঃ ফুটুকাৰ ফেন।

অৰ্থাৎ নতুন বিষয়াৰ চাহমেলত সাংবাদিকে দিয়া পৰামৰ্শ-আলোচনাবোৰৰ গৰিষ্ঠসংখ্যকেই –গালো বালো খোলাকটিৰ তাল হৈ পৰে।

    বাস্তৱত চলি থকা এই অপেন চিক্ৰেট ভাওনাবোৰ দেখি দেখি আমুৱালে বাবে আজিকালি জিলালৈ নতুনকৈ অহা বিষয়াই চিনাকী হবলৈ মাতিলে যাও, সৌজন্যতাৰ খাতিৰত। চাহপানী খাও… সতীৰ্থসকলে আগবঢ়োৱা পৰামৰ্শবোৰ শুনো, চুপচাপ বহি থাকি সময়ত গুচি আহো। কাৰণ বহুক্ষেত্ৰতে এইবোৰ বহ্বাৰম্ভে লঘুক্ৰিয়া…

    এইলানি দীঘলীয়া বকলা কিয় মেলিলো? সমগ্ৰ অসমৰ বহু জিলাত এই কৰ্মকাণ্ড চলি আছে বাবেই অসমত দুৰ্নীতি নকমে, অসামাজিক কাম-কাজ টুটক ছাৰি বাঢ়িছেহে। ড্ৰাগছৰ দৰে বৰবিহ টোপোলাই টোপোলাই ধৰাৰ পিছতো বস্তাই বস্তাই সৰবৰাহ হৈ আছে।

   জিলা একোখনৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ নতুন শীৰ্ষ প্ৰশাসনিক বিষয়া বা আৰক্ষী বিষয়াই সততা আৰু দক্ষতাই কাম কৰিবলৈ বিচাৰিলেও ভূতৰ ওপৰত দানহ পৰাদি “ৰাজনীতি” বোলা শেলপাটে তেনে বিষয়াক কাবু কৰি পেলায়। ফলত পূৰ্বৰ পৰা চলি থকা “চিষ্টেম”ক উলাই কৰিব নোৱাৰিয়েই বহু বিষয়াই “যি হয় হৈ থাওক, চাকৰিটো বচাই ৰাখিব পাৰিলেই হল” ধাৰণাত শৰণাপন্ন হবলৈ বাধ্য হয়। নহলে স্থানীয় জন প্ৰতিনিধিয়ে তেনে বিষয়াক কোনোবা ধুবুৰীলৈ টেন্সফাৰ দি নেতাই ধুবুনী ঘাটৰ পাটত আছাৰিব তাৰ ঠিকনা নাই!!

    আমাৰ অভিজ্ঞতাই যিখিনি কথা ক’লো… সেইখিনি প্ৰায় মিলি গৈছে এখন নতুন অসমীয়া চিনেমা কাহিনীৰ লগত।
চিনেমাখনৰ নাম–প্ৰতিশ্ৰুতি। পৰিচালক কিশোৰ তহবিলদাৰ আৰু প্ৰযোজক ৰাতুল বৰুৱা। ড্ৰাগছে অসমীয়া নতুন প্ৰজন্মটোক কেনেদৰে কোঙা কৰিছে… আৰক্ষীৰ শীৰ্ষ বিষয়া এই কাৰবাৰত কেনেদৰে জড়িত হৈ পৰে… সকলো দেখদেখকৈ চিনেমাখনত তুলি ধৰিছে।
আপুনি, মই সন্তানৰ পিতৃ। আমাৰ সন্তান ড্ৰাগছ আসক্ত হোৱাটো আমি কোনো কাৰণতে নিবিচাৰো।কিন্তু এই জগতখনৰ সৈতে সন্তানবোৰ কেনেদৰে জড়িত হৈ পৰে??
আপুনি অভগন টকাৰ গৰাকী, সন্তানে লাগ বুলিলে কুৰি হাজাৰ টকা দৈনিক দিব পাৰে, কিন্তু সেই সন্তান অবাটে গলে… লাখ লাখ টকাৰেও আপুনি ঘূৰাই আনিব নোৱাৰে।

    সেই বিষয়বস্তুকে লৈ চিনেমাখন প্ৰস্তুত কৰিছে। চিনেমাখনৰ গৰিষ্ঠসংখ্যক অভিনেতা অভিনেত্ৰীয়ে নতুন যদিও অভিনয় নিখুঁত আৰু সাৱলীল। চিনেমাখন চাবলৈ অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আলফাই ৰাইজক অনুৰোধ কৰা এটা বাতৰিও কিছুদিন পূৰ্বে সংবাদ মাধ্যমত পৰিৱেশন হৈছিল। চিনেমাখন চালো। আনক দৌৰি দৌৰি গৈ চিনেমাখন চাবলৈ কোৱা মানুহ আমি নহও। কাৰণ চিনেমাখনৰ বাবে আমি পেশাদাৰী প্ৰচাৰক নহয়। এজন নিমিত্ত মাত্ৰ দৰ্শক… তাতে আমাৰ বাস্তৱ অভিজ্ঞতা (ওপৰত কৈ অহা চাহমেলৰ অভিজ্ঞতা) আৰু দুৰ্নীতিগ্ৰস্ত অসমৰ প্ৰেক্ষাপটৰ লগত মিলাৰ বাবে ৰাইজক কথাটো কৈ থলো।
ধনীৰ প্ৰতিভাৱান দুলালে কিদৰে ড্ৰাগছ আসক্ত হয়? ড্ৰাগছ লবলৈ নাপালে তেনে যুৱকে পিতৃ-মাতৃৰ ওপৰত কেনেদৰে মনস্তাত্বিক যুদ্ধ দিয়ে? তেনে যুৱকৰ আৱেগৰ দুৱাৰখন কেনেদৰে টুকুৰিয়াব লাগে, প্ৰেমৰ মহৌষধে কামত দিয়েনে ?
চৰকাৰী বিষয়াই জাপ জাপ টকাৰ দৰমহা পোৱাৰ পিছতো কিয় পাতাল জগতৰ টকালৈ মোহ জাগে? কঠিন পৰীক্ষাত উত্তীৰ্ণ হৈ শীৰ্ষ বিষয়া হোৱা এজনৰ উন্নত মন-মগজু কিয় স্খলিত হয়? (ব্যক্তিগতভাবে এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হাতত নাই বাবেই চাহমেলত নিৰৱতাৰ আশ্ৰয় লও)
দুৰ্নীতিগ্ৰস্ত বিষয়াৰ অন্তিম ক্ষণটো কেনেকুৱা হয়–ইত্যাদি এশ এবুৰি প্ৰশ্ন আৰু দৃশ্যপটৰ সমাহাৰেৰে নিৰ্মাণ হোৱা অসমীয়া চিনেমা- “প্ৰতিশ্ৰুতি” অন্ততঃ আজিৰ প্ৰজন্ম… পিতৃ-মাতৃ আৰু শীৰ্ষ পদবীধাৰীসকলে চোৱা উচিৎ। সমাজখন উন্নত কৰিবলৈ নতুন প্ৰজন্ম দায়বদ্ধ হ’বই লাগিব। এইটো প্ৰজন্মক শক্তিশালী আৰু পৰিশীলিত জীৱন চৰ্যাৰে আগুৱাই নিয়াৰ দায়িত্ব যদি আপোনাৰো আছে বুলি ভাবে তেন্তে “প্ৰতিশ্ৰুতি”ৰ প্ৰতিটো সংলাপ আৰু চৰিত্ৰই আপোনাৰ সাংস্কৃতিক মননক অলপ হলেও চিন্তা কৰিবলৈ বাধ্য কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More