ব্যক্তি এজন : একেলগে আক্ৰান্ত মাংকী পক্স, কভিড আৰু এইডছত

0 29

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ আগষ্ট : দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বতে খেলা-ধূলা কৰি আহিছে কভিড আৰু মাংকীপক্সে। ইয়াৰ ভিতৰত এইচ আই ভি অলপ বয়সীয়াল। তেৱোঁ ঠায়ে ঠায়েও কম আতংক বিয়পোৱা নাছিল। শেহতীয়াকৈ কভিডৰ মাত্ৰা অলপ কম হোৱা যেন লাগিছে; কিন্তু মাংকী পক্স সেই ঠাই পূৰণ কৰিবলৈ আহিছে। কিন্তু এতিয়া এজন ব্যক্তি একে সময়তে তিনিটা বেমাৰত ভুগি থকা খবৰটোৱেহে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে। কৰ’না ভাইৰাছ, মাংকী পক্স আৰু এইচ আই ভি— তেওঁ একেলগে এই তিনিটা ৰোগৰ ভাইৰাছত আক্ৰান্ত হৈছে। বিশ্বত এইবাৰেই প্ৰথমবাৰৰ বাবে একেলগে এজন লোকৰ ক্ষেত্ৰত তিনিটা ভাইৰাছৰ আক্ৰমণ একেলগে হৈছে। ইটালীৰ এজন ৩৬ বছৰীয়া ব্যক্তি একে সময়তে এই তিনিটা ভাইৰাছত আক্ৰান্ত হৈছে। বিষয়টো প্ৰকাশ পাইছে ‘জাৰ্নেল অৱ ইনফেকচন’ নামৰ আলোচনীখনত। অৱশ্যে এতিয়ালৈকে ৰোগীৰ নাম প্ৰকাশ কৰা হোৱা নাই।

* গৱেষকসকলে কি কয়?
গৱেষকসকলে কয়— বিষয়টো পৰ্যবেক্ষণ কৰাৰ পিছত দেখা গ’ল যে এই ক্ষেত্ৰত কভিড আৰু মাংকী পক্সৰ লক্ষণসমূহ মিহলি হৈ আছে। দুটা সংক্ৰমণ একেলগে হ’লে কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে সেয়াও আমি পৰ্যবেক্ষণ কৰাৰ সুযোগ পাইছোঁ। অতি গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰা হৈছে।

* কেনেকৈ আক্ৰান্ত হ’ল ইটালীয়ান ডেকাজন?
জানিব পৰা মতে যুৱকজনে কেইবাদিনো ভ্ৰমণলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ ১০ দিনৰ পাছত তেওঁৰ জ্বৰ হয়। জ্বৰৰ লগে লগে ডিঙিৰ বিষ, দুৰ্বলতা, মূৰৰ বিষ আৰু কঁকালৰ অস্বস্তি আছিল। তেওঁ খৰধৰকৈ ডাক্তৰৰ লগত যোগাযোগ কৰিলে। ইফালে, এই লক্ষণসমূহ দেখা দিয়াৰ তিনিদিন পিছত তেওঁৰ কভিড পৰীক্ষা কৰা হয়। কভিড টেষ্টৰ ৰিপৰ্ট পজিটিভ আহিল। তাৰ পিছত তেওঁৰ মুখ আৰু শৰীৰত ফোঁহা ওলাবলৈ ধৰিলে। ডাঙৰ হ’বলৈ ধৰে। ইয়াৰ পিছতে তেওঁক হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনা হয়। তেওঁক চিকিৎসালয়খনৰ সংক্ৰমণ বিভাগত ভৰ্তি কৰোৱা হয়। ভৰ্তি হোৱাৰ পিছত তেওঁ বিভিন্ন পৰীক্ষা সম্পন্ন কৰে। পৰীক্ষাত দেখা গ’ল যে তেওঁৰ লিভাৰৰ আকাৰ বৃদ্ধি পাইছে। তাৰ পিছত তেওঁৰ মাংকী পক্সৰ ৰিপৰ্ট পজিটিভ আহিল। তদুপৰি এইচ আই ভি টেষ্ট ৰিপৰ্টতো পজিটিভ ওলাল। এই প্ৰতিবেদন পজিটিভ অহাৰ সময়ত তেওঁ কভিড পজিটিভ আছিল। তেওঁ Omicron BA.5.1 ভেৰিয়েন্টৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জনা গৈছে। ইটালীৰ যুৱকজনক এসপ্তাহতকৈ অধিক সময় ধৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ covid-19 আৰু মাংকী পক্সৰ পৰা সুস্থ হৈ উঠিছে। এইচ আই ভি সংক্ৰমণৰ চিকিৎসাও আৰম্ভ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More