বৰছলাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

অধিগৃহিত ভূমিৰ বিপৰীতে ক্ষতিপূৰণ অনাদায়

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,২১জানুৱাৰী: শোণিতপুৰৰ ৭২ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বৰছলা বিধানসভা সমষ্টিৰ আমগুৰি চাপৰিৰ একাংশ কৃষক ৰাইজক কৃষিভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীয়ে অব্যাহত ৰাখিছে পাইপলাইনৰ স্হাপন কাৰ্য৷কৃষক ৰাইজে ভূমিৰ ক্ষতিপূৰণ বিচাৰি ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনকাৰী কোম্পানীৰ দায়িত্বত থকা বিষয়াক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও কৃষক ৰাইজৰ দাবীক আওকাণ কৰি একাংশ কৃষকৰ ভূমিত কোম্পানীটোৱে চলাই গৈছিল পাইপলাইনৰ স্হাপনৰ কাম৷ কৃষকৰ কৃষিভূমিৰ ক্ষতিপূৰণ নিদিয়াকৈ এনে কাৰ্য অব্যাহত ৰখাত আজি ক্ষোভিত একাংশ কৃষক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষকৰ অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ নিদিয়ালৈকে পাইপলাইনৰ স্হাপন কৰাটো বন্ধ ৰাখিবলৈ দাবী জনায় ভুক্তভোগী কৃষকসকলে৷আনহাতে কৃষক সকলৰ দাবীৰ বিপৰীতে আজিও কোম্পানীৰ কৰ্মকৰ্তা সকলে পাইপলাইন স্হাপন কাৰ্য বন্ধ কৰিব নিবিচৰাৰ ফলত উক্ত স্থানত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিবেশেৰ৷লগেলগে বিষয়টো অৱগত হোৱাত উক্ত স্থানত উপস্থিত হয় ঠেলামৰা ৰাজহচক্ৰ বিষয়া আৰু ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত বৃহৎ আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ দল৷আমগুৰি চাপৰিত চক্ৰ বিষয়া আৰু ঠেলামৰা আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ক্ষোভিত ৰাইজ আৰু ইন্দ্ৰধনু গেছ পাইপলাইন স্হাপনৰে জড়িত কোম্পানীৰ বিষয়াৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷এই ত্ৰি-পাক্ষিক আলোচনা মৰ্মে ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিষয়াই কৃষক সকলক ক্ষতিপূৰণ প্ৰদানৰ সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে ৰাইজ শান্ত হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More