ভালুকপুঙত দিনজোৰা কাৰ্যসূচীৰে উদযাপন সীমান্ত মহোৎসৱ

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৩০ জানুৱাৰীঃ শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত দেওবাৰে ভালুকপুংস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাইস্কুলৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা হয় ।20230130 174933 দুয়োখন ৰাজ্যৰ বহু হাজাৰ লোকে অংশগ্ৰহণ কৰা উক্ত মহোৎসৱৰ পুৱা পতাকা উত্তোলনৰ পিছতেই পৰম্পৰাগত খেল-ধেমালি আৰু সাংস্কৃতিক কাৰ্য্যক্ৰম অনুষ্ঠিত হয়। আনহাতে মহোৎসৱৰ মুকলি সভা যুটীয়াভাৱে উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু অৰুণাচল প্ৰদেশৰ থ্ৰিজিন’ বুৰাগাও সমষ্টিৰ বিধায়ক কুমচি চিদিচিওয়ে । সভাত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, পশ্চিম কামেঙৰ উপায়ুক্ত কৰ্মা লেকী, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু দুয়োখন জিলাৰ পঞ্চায়ত প্ৰতিনিধিসকল আৰু অন্যান্য বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে । সভাত ভাষণ প্ৰসঙ্গত চতিয়াৰ বিধায়িক পদ্ম হাজৰিকাই কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণে সদায় শান্তি আৰু সম্প্ৰীতিৰে একেলগে বাস কৰি আহিছে । সীমান্ত মহোৎসৱত হোৱা সাংস্কৃতিক আদান-প্ৰদানৰ যোগেদি শান্তি আৰু ভাতৃত্ববোধৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে দুয়োখন ৰাজ্যৰ চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ উন্নয়নৰ বাবে সমন্বয়ৰে কাম কৰি যাব । থ্ৰিজিনো বুৰাগাৱঁৰ বিধায়ক কুমছি ছিদিছ’ৱে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে এনে অনুষ্ঠানে অঞ্চলটোত বাস কৰা লোকসকলৰ মাজত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰি শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসম চৰকাৰৰ সীমান্ত এলেকা উন্নয়ন বিভাগৰ নিৰ্দেশমৰ্মে প্ৰথমবাৰৰ বাবে এনে মহোৎসৱৰ আয়োজন কৰা বুলি কয় আৰু এই উৎসৱটো আয়োজন কৰাৰ বাবে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে পশ্চিম কামেং প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে মহোৎসৱৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি দেখুৱাৰ বাবে ভালুকপুঙৰ অঞ্চলবাসীকো তেখেতে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে পুৱা ৮:৩০ বজাত ভালুকপুং আৰু চাৰিদুৱাৰৰ চক্ৰ বিষয়াদ্বয়ে পতাকা উত্তোলন কৰে ৷ দিনটোৰ কাৰ্যসূচীৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ মাজত স্থানীয় ক্ৰীড়াৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ থ্ৰিজিনো অতিৰিক্ত উপায়ুক্ত টোপেক কক্কি আৰু শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশীয়ে যৌথভাৱে ক্ৰীড়া সমাৰোহখন উদ্বোধন কৰে । সীমা মহোৎসৱৰ অংশ হিচাপে স্থাপন কৰা প্ৰদৰ্শনী ষ্টলসমূহ উদ্বোধন কৰে পশ্চিম কামেঙৰ জিলা পৰিষদৰ অধ্যক্ষ আৰু জিলা পৰিষদৰ অধ্যক্ষ শোণিতপুৰ ডলী চুৰিনে । সন্ধিয়া অনুষ্ঠিত হোৱা সংগীত অনুষ্ঠানত অসমৰ ইণ্ডিয়ান আইডলখ্যাত নাহিদ আফ্ৰিন আৰু অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় কণ্ঠশিল্পী জেলী কায়ীয়ে গীত পৰিৱেশন কৰে । উল্লেখযোগ্য যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ ঘোষণা আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়, অসমৰ নিৰ্দেশ অনুসৰি এই সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More