ভাৰতক ৰঙা চকু দেখুওৱা পশ্চিমীয়া দেশৰ দুমুখীয়া স্বাৰ্থপৰ চৰিত্ৰ খোল খালে

ৰাছিয়াক এঘৰীয়া কৰাসকল এতিয়া ''নাখাও তোৰ হাতে ভাত, ঘূৰি ঘূৰি তোতেহে হাত ''

0 91
শতাব্দ বিশেষ প্ৰতিনিধি, ২ মে’: ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ মাজতেই ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাত ৰঙা চকু দেখুওৱা দেশসমূহে নিজেই যে ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধনৰ আমদানি কৰিছে তাৰ তথ্য এতিয়া অলপতে ফাঁচ হৈছে। সমগ্ৰ বিশ্ব শাসন কৰিবলৈ প্ৰয়াস কৰা এই পশ্চিমীয়া দেশসমূহৰ দুমুখীয়া চৰিত্ৰত এতিয়া হতভম্ব হ’বলগীয়া হৈছে বিশ্ববাসী।
   ফিনলেণ্ডৰ এটা স্বতন্ত্ৰ অধ্যয়ন আৰু গৱেষণা সংস্থা Centre for Research on Environment & Clean Air এ অলপতে প্ৰকাশ কৰা ১৪ পৃষ্ঠাৰ এখন প্ৰতিৱেদনৰ তথ্যৰ পৰা দেখা গৈছে যে ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ দুমাহৰ পাছতো আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি প্ৰায়বোৰ ইউৰোপীয় দেশে ৰাছিয়াৰ পৰা বিভিন্ন জীৱাশ্ম ইন্ধন আমদানি কৰি আছে। আৰু সেই একেই সময়তে কিন্তু এই পশ্চিমীয়া ৰাষ্ট্ৰসমূহে বিশ্বৰ আন ৰাষ্ট্ৰসমূহক ৰাছিয়াৰ লগত কোনো বাণিজ্যিক সম্পৰ্ক নাৰাখিবৰ বাবে ফটোৱা জাৰি কৰিছে।

1651199782626b4f2667c9a 1সংস্থাটোৰ তথ্য অনুযায়ী এই সময়ছোৱাত ৰাছিয়াৰ পৰা খাৰুৱা তেল, পেট্ৰ’জাত সামগ্ৰী, প্ৰাকৃতিক গেছ, লিকুইফাইড নেচাৰেল গেছ, কয়লাকে ধৰি মুঠ ৬৩ বিলিয়ন ইউৰো মূল্যৰ সামগ্ৰীৰ অধিকাংশ নিষেধাজ্ঞা বলবৎ কৰা ইউৰোপীয় দেশসমূহেই আমদানি কৰিছে। যুদ্ধৰ পাছৰ দুমাহত জাৰ্মানীয়ে অকলেই সৰ্বাধিক  ৯.১ বিলিয়ন ইউৰো মূল্যৰ এনে সামগ্ৰী ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে। তেনেদৰে ইটালীয়ে ৬.৯ বিলিয়ন, চীনে ৬.৭ বিলিয়ন, নেদাৰলেণ্ডে ৫.৬ বিলিয়ন, তুৰস্কই ৪.১ বিলিয়ন, ফ্ৰান্সে ৩.৮ বিলিয়ন ইউৰো মূল্যৰ জীৱাশ্ম ইন্ধন এই সময়ছোৱাত ৰাছিয়াৰ পৰা ক্ৰয় কৰিছে। ইউৰোপীয় সংঘৰ অন্তৰ্ভুক্ত দেশসমূহেই মুঠ ৬৩ বিলিয়ন ইউৰো মূল্যৰ ৭১ শতাংশ এনে সামগ্ৰী ৰাছিয়াৰ পৰা আমদানি কৰিছে। আনকি আমেৰিকা যুক্তৰাষ্ট্ৰই এই দুমাহত ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰা খাৰুৱা তেলৰ পৰিমাণতকৈ অধিক আমদানি কৰিছে। ফিনলেণ্ডৰ সংস্থাটোৱে নিৰীক্ষণ কৰা তথ্য মতে ইউৰোপলৈ আমদানি কৰা জীৱাশ্ম ইন্ধন পৰিবাহী জাহাজ সমূহৰ অধিকাংশই নেদাৰলেণ্ডৰ ৰ’টাৰডাম আৰু মাছভ্লাক্টে, ইটালীৰ ক্ৰিষ্টেন, পোলেণ্ডৰ ডাস্ক আৰু বেলজিয়ামৰ ঝিব্ৰেগ বন্দৰত লঙ্গৰ পেলাইছে। যুদ্ধৰ পৰৱৰ্তী দুমাহত ৰাছিয়াৰ পৰা ইউৰোপীয় দেশসমূহলৈ খাৰুৱা তেল আৰু কয়লাৰ ৰপ্তানিৰ পৰিমাণ ক্ৰমে ২০ আৰু ৪০ শতাংশ হ্ৰাস পাইছিল যদিও লিকুইফাইড নেচাৰেল গেছ আৰু পাইপ লাইনেদি পৰিবাহী গেছৰ পৰিমাণ ক্ৰমে ২০ আৰু ১০ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ইউৰোপীয় দেশসমূহে সাধাৰণতে ৰাছিয়াৰ পৰা ২৫ শতাংশ খাৰুৱা তেল, ৪৫ শতাংশ প্ৰাকৃতিক গেছ, আৰু ৪৪ শতাংশ কয়লা আমদানি কৰে। যুদ্ধৰ পূৰ্বে ২০২১ চনত ইউৰোপীয় সংস্থাৰ অন্তৰ্ভুক্ত দেশসমূহে ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধন আমদানি কৰিছিল প্ৰায় ১৫০ বিলিয়ন ডলাৰ।

    আমেৰিকা যুক্তৰাষ্ট্ৰ নেতৃত্বাধীন পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ভাৰতে ৰেহাই মূল্যত ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰাৰ সিদ্ধান্তত এই দেশসমূহেই জাঙুৰ খাই উঠিছিল। ৰাছিয়াৰ বিৰূদ্ধে ভাৰতক সৈমান কৰিবলৈ নতুন দিল্লীত ভিৰ লাগিছিল ইউৰোপীয় দেশসমূহৰ বিদেশ মন্ত্ৰীবৰ্গৰ।
অৱশ্যে ভাৰতবৰ্ষৰ নেতৃত্বই দৃঢ় স্থিতি গ্ৰহণ কৰি দেশখনৰ শক্তি নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱাৰ কথা স্পষ্ট ভাৱে ব্যক্ত কৰিছিল। যিসময়ত ইউৰোপীয় চাৰিটা বৃহৎ শক্তি প্ৰতিষ্ঠানে ৰুবলৰ বিনিময়ত ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় কৰিছিল তেনে সময়ত সেই দেশসমূহে ভাৰত আৰু অন্যান্য দেশসমূহক নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ পৰা ইন্ধন ক্ৰয় নকৰিবলৈ দিয়া ভাবুকিয়ে তেওঁলোকৰ দুমুখীয়া চৰিত্ৰ উদঙাই দেখুৱাইছে। ঘোৰ শত্ৰু ৰাষ্ট্ৰৰূপে গণ্য কৰা ৰাছিয়াৰ পৰা জীৱাশ্ম ইন্ধন ক্ৰয় কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনে ভাৰতৰ ওপৰত প্ৰয়োগ কৰা চাপ দেখ দেখকৈ প্ৰভুত্ব বিস্তাৰ কৰাৰ প্ৰয়াসৰ বাহিৰে আন একো নহয়। বিডেন প্ৰশাসনৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দলীপ সিঙে ৩১ মাৰ্চত ভাৰতলৈ আহি ভাৰতকেই ৰঙা চকু দেখুৱাই ৰাছিয়াৰ পৰা তেল আমদানিৰ ফল বৰ সুখকৰ নহ’ব বুলি সাৱধান বাণী শুনাই থৈ গৈছে। ভাৰতবৰ্ষই যুদ্ধ আৰম্ভ হোৱাৰ পাছত মাথোন ৩০ নিযুত বেৰেলহে খাৰুৱা তেল কিছু ৰেহাই মূল্যত ৰাছিয়াৰ পৰা আমদানি কৰিছিল আৰু দেশখনৰ তুলনাত ই তেনেই সামান্য পৰিমাণৰ।
নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখি বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ গৈ পশ্চিমীয়া দেশসমূহে কৰা এই অপচেষ্টাই বিশ্বত পুনৰ শীতল নহয় এখন পূৰ্ণাঙ্গ যুদ্ধৰ পৰিৱেশহে গঢ়ি তুলিব। পশ্চিমীয়া দেশসমূহৰ এই নিৰ্লজ কাৰবাৰক– ”নাখাও তোৰ হাতে ভাত, ঘূৰি ঘূৰি তোতেহে হাত ” বুলিব পাৰি নিশ্চয় !
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More