ভাৰতত আত্মঘাতী আক্ৰমণৰ হংকাৰ আল-কায়দাৰ

হজৰত মহম্মদক লৈ বিতর্কৰ প্ৰভাৱ

0 43

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : হজৰত মহম্মদ বিতর্কৰ মাজতেই ভাৰতক হুমকি দিছে উগ্ৰপন্থী সংগঠন আল-কায়দাই। হজৰত মহম্মদৰ ‘সন্মান’ ৰক্ষা কৰিবলৈ আনকি এই উগ্ৰপন্থী সংগঠনটোৱে আত্মঘাতী আক্ৰমণ চলাবও পাৰে। সংগঠনটোৰ আত্মঘাতী সদস্য আনকি বর্তমান গুজৰাট, উত্তৰপ্রদেশ, মুম্বাই আৰু দিল্লীত প্রস্তুত আছে। ‘উপমহাদেশত আল-কায়দা’ (Al-Qaeda In Subcontinent – AQIS) নামৰ শাখা সংগঠনটোৱে এক বিবৃতি জাৰি কৰি কৈছে— ‘’গেৰুৱা বিপ্লৱীসকল তেওঁলোকৰ শেষ পৰিণতিৰ বাবে প্ৰস্তুত হওক দিল্লী, মুম্বাই, উত্তৰ প্রদেশ আৰু গুজৰাটত।’’ ভাবুকি বার্তাটোত আৰু কোৱা হৈছে— ‘’তেওঁলোকে না নিজৰ ঘৰত, না নিজৰ সেনা কেন্টনমেন্টত নিৰাপদ আশ্রয় পাব। আমি যদি আমাৰ প্রিয় নবী হজৰত মহম্মদৰ অপমানৰ প্রতিশোধ ল’ব নোৱাৰোঁ, তেতিয়া যেন আমাৰ মাতৃসকল শোকাহত হ’ব। যিসকলে হজৰত মহম্মদক অসম্মান কৰিছে, তেওঁলোকক শেষ কৰি দিবলৈ আমি নিজৰ শৰীৰত আৰু নিজৰ সন্তানৰ শৰীৰত বোমা বান্ধি উৰুৱাই দিম। কাকো ক্ষমা কৰা নহ’ব। কোনো নিৰাপত্তাই তেওঁলোকক বচাব নোৱাৰে।’’ হজৰত মহম্মদক লৈ বিজেপিৰ প্রাক্তন মুখপাত্র নুপূৰ শর্মাৰ মন্তব্যৰ পৰিপ্রেক্ষিতত পশ্চিম এছিয়াৰ ইছলামিক দেশবোৰেও তীব্র অসন্তোষ প্রকাশ কৰিছে। সেই পৰিস্থিতিত ভাৰতত সন্ত্রাসবাদী কার্যকলাপৰ জাল পেলাবলৈ নামিছে আল-কায়দা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More