ভাৰতত খাদ্যশস্যৰ মজুত হ্ৰাস পাইছে কিয়

0 17

 ভাৰতীয় খাদ্য নিগমৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰত ধান আৰু ঘেঁহুৰ মজুত আটাইতকৈ কম হৈছে। তথ্য অনুসৰি শীতকালত বীজ সিঁচা ঘেঁহু আৰু গ্ৰীষ্মকালত সিঁচা ধানৰ মজুত বহু পৰিমাণে হ্ৰাস পাইছে। তেনে ক্ষেত্ৰত দেশৰ ভিতৰত চাউলৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হ’ব যদিও কিন্তু ভাৰতীয় খাদ্য নিগমে দেশৰ ভিতৰত ঘেঁহুৰ চাহিদা পূৰণ হ’ব নে নহয় তাক লৈ সন্দেহ প্ৰকাশ কৰিছে।

* ১৪ বছৰত ঘেঁহুৰ মজুত আটাইতকৈ কম
ভাৰতীয় খাদ্য নিগমে ১৪ অক্টোবৰ বৃহস্পতিবাৰে এক বিবৃতিত কয় যে ধানৰ মজুত ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব; কিন্তু ঘেঁহুৰ মজুত অতি কম। যোৱা ১৪ বছৰত ঘেঁহুৰ মজুত আটাইতকৈ কম। এফ চি আইৰ মতে, ইউক্ৰেইনৰ যুদ্ধই ঘেঁহুৰ মজুত হ্ৰাস হোৱাৰ কাৰণ। ইউক্ৰেইনৰ যুদ্ধই বিশ্বৰ বজাৰত ঘেঁহুৰ চাহিদা বৃদ্ধি কৰিছে। কৃষকে ব্যক্তিগত ব্যৱসায়ীক ঘেঁহু বিক্ৰী কৰে আৰু ব্যৱসায়ীসকলে ইয়াক বিদেশলৈ অধিক মূল্যত ৰপ্তানি কৰে। এইটোকে মূলতঃ ঘেঁহুৰ মজুত ইমান হ্ৰাস পোৱাৰ কাৰণ বুলি ধাৰণা কৰা হৈছে।

* গৰমৰ ফলত ঘেঁহুৰ ক্ষতি
চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা দেশৰ বহু ঠাইত তাপ প্ৰবাহৰ সৃষ্টি হৈছে। যাৰ বাবে ঘেঁহুখেতিৰ ক্ষতি হয়। ঘেঁহুখেতিত হোৱা লোকচানৰ বাবে মে’ মাহৰ পৰা চৰকাৰে ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে। যোৱা মাহত চৰকাৰে খুদ চাউলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। দেশৰ লগতে বহিঃৰাষ্ট্ৰতো খুদ চাউলৰ চাহিদা অধিক।

* ক্ৰমান্বয়ে বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি
দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি। ছেপ্টেম্বৰ মাহত মুদ্ৰাস্ফীতি আছিল ৭.৪১ শতাংশ। যোৱা পাঁচ মাহৰ ভিতৰত এয়া সৰ্বাধিক মুদ্ৰাস্ফীতি। আনহাতে আগষ্ট মাহত মুদ্ৰাস্ফীতি আছিল ৭ শতাংশ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ৪ৰ পৰা ৬ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কিন্তু দেশত একেৰাহে ৯ মাহ ধৰি মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰত আছে; যিটো যথেষ্ট চিন্তাৰ কাৰণ। অৱশ্যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে আৰ বি আয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কোৱা হৈছে যে ভৱিষ্যতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে আৰ বি আয়ে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

* খাদ্য সামগ্ৰীৰ ওপৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ
দাইল, শাক-পাচলি, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰীৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ছেপ্টেম্বৰ মাহত তীব্ৰভাৱে বৃদ্ধি পালে খাদ্যৰ মূল্য। ছেপ্টেম্বৰ মাহত খাদ্য মুদ্ৰাস্ফীতি ২২ মাহৰ সৰ্বোচ্চ স্তৰত উপনীত হয়। উক্ত মাহটোত খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতি আছিল ৮.৪ শতাংশ। আনহাতে বৰ্তমান অক্টোবৰ মাহৰ মাজভাগ হ’লেও খাদ্য সামগ্ৰীৰ মূল্য এতিয়াও হ্ৰাস হোৱা নাই। আৰ বি আইৰ বাবে মুদ্ৰাস্ফীতি ক্ৰমান্বয়ে জটিল বিষয় হৈ পৰিছে। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰুপ মুখ্য অৰ্থনৈতিক উপদেষ্টা সৌম্যকান্তি ঘোষে কয় যে খাদ্যৰ দাম আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

(শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More