ভাৰতত গাড়ীৰ নতুন নম্বৰ প্লেটৰ ব্যৱস্থা

0 86

শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন ; কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিৱহণ মন্ত্ৰালয়ে সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনৰ পঞ্জীয়নৰ নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। এই নতুন নিয়ম অনুসৰি গাড়ীখনৰ নম্বৰ প্লেটত প্ৰথমে চমুকৈ থাকিব পঞ্জীয়নৰ বছৰ( ফটোত দেখা ২২ মানে ২০২২ চন)। তাৰ পাছত BH অৰ্থাৎ ভাৰত। ইয়াৰ পাছত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ। শেষত থকা A মানে গাড়ীখন কি শাখাৰ গাড়ী সেয়া বুজাব। উল্লেখযোগ্য যে, এনে যান-বাহনসমূহ দেশখনৰ যিকোনো ৰাজ্যতে বিনা বাধাই নিয়মীয়াকৈ চলাচল কৰিব পাৰিব। ইয়াৰ ফলত বাহনখনৰ আন এখন ৰাজ্যত পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More