ভাৰতত শীঘ্ৰেই হ’ব ই-হাইৱে!

নীতিন গাডকাৰীৰ নতুন ঘোষণা

0 16
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰয়াস হিচাপে চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু বিত্তীয় ৰাজধানী মুম্বাইৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ট্ৰলীবাছ আৰু গধুৰ বাহনৰ মালিকসকলে ই-ঘাইপথত ট্ৰলী ট্ৰাক চলাব পাৰিব বুলি ১১ জুলাইত হাইড্ৰলিক ট্ৰেইলাৰ মালিক সন্থাই আয়োজন কৰা এক অনুষ্ঠানত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়। এই পদক্ষেপে ভাৰতত বৈদ্যুতিক বাহন গ্ৰহণ আৰু বিদ্যুৎকৰণক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। ২০১৬ চনত গাডকাৰীয়ে পিটিআইক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে, দেশখনত ছুইডেনৰ দৰেই ‘ইলেক্ট্ৰিক হাইৱে’ ষ্ট্ৰেচ থাকিব। বৰ্তমান বিশ্বৰ আটাইতকৈ দীঘল বৈদ্যুতিক ঘাইপথটো বাৰ্লিনত, যিটো ১০৯ কিলোমিটাৰতকৈও অধিক বিস্তৃত। যদি চৰকাৰৰ পৰিকল্পনা বাস্তৱায়িত হয়, তেন্তে ভাৰতত হ’ব বিশ্বৰ সৰ্ববৃহৎ বৈদ্যুতিক ঘাইপথ।
* কি এই ই-হাইৱে?
ই-হাইৱে হৈছে শক্তি-দক্ষ বিকল্প য’ত এই পথটোৱে চলন্ত বাহনসমূহক বেছিভাগেই ওপৰৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ জৰিয়তে বিদ্যুৎ যোগান ধৰে। ২০১২ চনত লছ এঞ্জেলছত অনুষ্ঠিত ইলেক্ট্ৰিক ভেহিকেল চিম্পোজিয়ামত অভিযান্ত্ৰিক ক্ষেত্ৰৰ পৰিচিত প্ৰতিষ্ঠান ছিমেন্সে নিজৰ ইহাইৱে ধাৰণা ঘোষণা কৰে। এই ধাৰণাটোৰ লগত জড়িত আছিল পথৰ ওপৰেৰে বৈদ্যুতিক লাইনৰ পৰা বিদ্যুৎচালিত ট্ৰাক। ইউৰোপৰ এটা পৰীক্ষামূলক ট্ৰেকত ছিমেন্সে ওপৰত কণ্ডাক্টৰ থকা ট্ৰাক চলাইছিল যিয়ে ই-হাইৱেৰ ওপৰৰ বৈদ্যুতিক লাইনৰ সৈতে সংস্পৰ্শলৈ আনে। এই বিদ্যুতে ট্ৰাকবোৰৰ ইলেক্ট্ৰিক ড্ৰাইভ মটৰত শক্তি প্ৰদান কৰে, ডিজেল ইঞ্জিন বন্ধ কৰি দিয়ে। ডিজেল ইঞ্জিনবোৰ আকৌ ষ্টাৰ্ট আপ হ’ব যেতিয়া ট্ৰাকবোৰে ওভাৰহেড তাঁৰ লৈ লেন এৰি যাব। লছ এঞ্জেলছ বন্দৰৰ বাবে আৰু কেলিফৰ্ণিয়াৰ লং বিচৰ বাবে চিমেন্সৰ ব্যৱস্থা ব্যৱহাৰ কৰি পাইলট প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছিল। ২০১৯ চনত জাৰ্মানীয়ে ডাৰ্মষ্টাড আৰু ফ্ৰেংকফৰ্টৰ মাজৰ অটোবাহন ৫ত তিনি মাইল দৈৰ্ঘ্যৰ পথত প্ৰথমখন হাইব্ৰিড ইলেক্ট্ৰিক-ডিজেল ট্ৰাক প্ৰৱৰ্তন কৰে।
* ভাৰতত ই-হাইৱে
ইতিপূৰ্বে নীতিন গাডকাৰীয়ে জনাইছিল যে চৰকাৰে ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ই-হাইৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ই-হাইৱেৰ জৰিয়তে ট্ৰাক আৰু বাছসমূহ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ বেগত চলাচল কৰিব পাৰিব। নির্মাণ হৈ থকা দিল্লী-মুম্বাই এক্সপ্রেছৱে’ত বৈদ্যুতিক ঘাইপথটোৰ বাবে সুকীয়া লেন থকাৰ সম্ভাৱনা আছে বুলি ‘মানিকণ্ট্রল’এ প্রকাশ কৰিছে। প্ৰস্তাৱিত প্ৰকল্পটো ছিমেন্সে কৰা কামৰ দৰেই হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই পৰিকল্পনা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। ই-হাইৱে নিৰ্মাণ কৰাটো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে এক ‘সপোনৰ প্ৰকল্প’। চলিত বৰ্ষৰ মাৰ্চ মাহত মন্ত্ৰীগৰাকীৰ উদ্ধৃতি দি পিটিআইয়ে কৈছিল— ‘‘মোৰ সপোন দিল্লী-জয়পুৰৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণ কৰা।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More