ভাৰতত সৰ্বাধিক দৰিদ্ৰ লোক!

১৯ কোটি লোক অপুষ্টিত ভুগিছে

0 147
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুলাই : দৰিদ্ৰতাৰ বিচাৰত আমাৰ দেশত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। যেতিয়াই বিশ্বৰ দৰিদ্ৰ দেশৰ বিষয়টো আহে, তেতিয়া দক্ষিণ আফ্ৰিকা, ছোমালিয়া, নাইজেৰিয়াৰ দৰে কেইবাখনো দেশৰ নাম প্ৰথমতে আহে। কিন্তু, আপুনি জানি আচৰিত হ’ব যে যোৱা কেইবছৰমানৰ পৰা ভাৰত ইমান দুখ-কষ্টৰ সন্মুখীন হৈছে যে আমি দৰিদ্ৰতাৰ ক্ষেত্ৰত সেই দেশবোৰক পিছ পেলাই থৈ আহিছোঁ। এতিয়ালৈকে নাইজেৰিয়াক বিশ্বৰ আটাইতকৈ দৰিদ্ৰ লোকৰ বাসস্থান বুলি ভবা হৈছিল। কিন্তু এতিয়া ভাৰতো সেই তালিকালৈ আহিল। অৰ্থাৎ বৰ্তমান ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ লোক আছে। এই প্ৰসংগত ‘বিজনেছ ইনচাইডাৰ আফ্ৰিকা’ত প্ৰকাশিত বাতৰি অনুসৰি জনা যায় যে এতিয়ালৈকে আফ্ৰিকাৰ দেশ নাইজেৰিয়াক বিশ্বৰ ‘দৰিদ্ৰতাৰ ৰাজধানী’ হিচাপে গণ্য কৰা হৈছিল। কাৰণ তাত আটাইতকৈ বেছিসংখ্যক দৰিদ্ৰ লোক বাস কৰিছিল। কিন্তু ‘বিশ্ব দৰিদ্ৰতা ঘড়ী’ৰ নতুন তথ্য অনুসৰি, দৰিদ্ৰ লোকৰ উপস্থিতিৰ ক্ষেত্ৰত ভাৰতে এতিয়া নাইজেৰিয়াক অতিক্ৰম কৰিছে। নতুন তথ্য অনুসৰি ২০২২ চনত ৰাষ্ট্ৰসংঘৰ অনুমান কৰামতে দৰিদ্ৰ সীমাৰেখাৰ তলত ভাৰতত ৮.৩ কোটি লোকে জীৱন নিৰ্বাহ কৰি আছে। মন কৰিবলগীয়া যে বৰ্তমান নাইজেৰিয়াৰ ৩৩ শতাংশ জনসংখ্যাই চৰম দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। পৰিসংখ্যা অনুসৰি নাইজেৰিয়াত ৮,৩০,০৫,৪৮২ জন লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে। আনহাতে, ভাৰতত এই সংখ্যা ৮,৩০,৬৮,৫৯৭ হৈছেগৈ। এই ক্ষেত্ৰত আমি যদি জনসংখ্যাৰ শতকৰা হাৰলৈ চাওঁ তেন্তে বিশ্বৰ ভিতৰতে দৰিদ্ৰ জনসংখ্যাৰ সৰ্বাধিক অনুপাত দুয়োখন দেশতে ১২.২ শতাংশৰ সমান। কিন্তু যিহেতু ভাৰতৰ জনসংখ্যা বেছি, গতিকে ভাৰততে সৰ্বাধিক দৰিদ্ৰ লোক আছে। ইফালে কৰোনা মহামাৰীৰ পাছত এই সংখ্যা আৰু অধিক আতংকজনক হৈ পৰাৰ সম্ভাৱনা আছে। লগতে, ২০২০ চনৰ ‘বিশ্বৰ খাদ্য সুৰক্ষা আৰু পুষ্টিৰ অৱস্থা’ প্ৰতিবেদন অনুসৰি সেই সময়ত ভাৰতৰ ১৮.৯২ কোটি লোক পুষ্টিহীনতাত ভুগি আছিল। লগতে, এক প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি বছৰে ২৫ লাখ লোক অনাহাৰত মৃত্যুমুখত পৰে। কেৱল সেয়াই নহয় ২০২১ চনৰ গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদনত ভাৰতৰ স্ক’ৰ মাত্ৰ ২৭.৫। যিয়ে সামগ্ৰিকভাৱে অতি বেয়া পৰিস্থিতিৰ ইংগিত দিয়ে। লগতে শেহতীয়াকৈ চেণ্টাৰ ফৰ চাইন্স এণ্ড এনভাইৰনমেণ্ট (CSE) আৰু ডাউন টু আৰ্থ আলোচনীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ১০ জন ভাৰতীয়ৰ ভিতৰত ৭ জনেই পুষ্টিকৰ খাদ্যৰ সুবিধা লাভ নকৰে। ইফালে, গ্ৰাহক খাদ্য মূল্য সূচকাংক (CFPI) অনুসৰি যোৱা এবছৰত খাদ্যৰ মূল্যৰ ব্যাপক বৃদ্ধি হোৱা দেখা গৈছে। ইয়াৰ উপৰি বজাৰ বিশেষজ্ঞসকলে ভাবে যে পৰিস্থিতি অধিক গুৰুতৰ হ’ব পাৰে। ইফালে ২০২১ চনৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতে ১০১ স্থান লাভ কৰিছিল। লগতে, ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন সূচকাংকত ই ১৩১ নম্বৰ স্থান লাভ কৰিছে। ইয়াৰ উপৰি গ্ল’বেল জেণ্ডাৰ গেপ ইনডেক্সত ই ১৩৫ নম্বৰ আৰু ইকনমিক ফ্ৰিডম ইনডেক্সত ১২১ নম্বৰ স্থান লাভ কৰিছে। ইফালে দেশত দৰিদ্ৰ লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে একাংশ উদ্যোগপতিৰ সম্পদ দিনক দিনে বহুগুণে বৃদ্ধি পাইছে। শেহতীয়া খবৰ অনুসৰি ভাৰতীয় উদ্যোগপতি গৌতম আদানীয়ে বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গ মিলেনিয়াম ইনডেক্সৰ মতে আদানীৰ সম্পত্তি ১১২.৫ বিলিয়ন ডলাৰতকৈও অধিক। যিটো মাইক্ৰ’ছফ্ট কৰ্প’ৰেশ্যনৰ সহ-প্ৰতিষ্ঠাপকজনৰ নেট ৱৰ্থতকৈ প্ৰায় ২৩ কোটি অধিক। কেৱল এই বছৰতে আদানীৰ সম্পত্তি ৩৬ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। যিটো আন যিকোনো উদ্যোগপতিতকৈ বহু বেছি।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More