ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ ১৭ আগষ্ট : ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । সেই অনুসৰি যোৱা ৭ আগষ্ট তাৰিখে বিখ্যাত দীপশিখা ফাউণ্ডেচনৰ সহযোগত এটি মহিলাৰ কৰ্কট ৰোগ চিনাক্তকৰণ আৰু সাধাৰণ স্বাস্থ্য পৰীক্ষাৰ এদিনীয়া শিৱিৰ অনুষ্ঠিত হৈ যোৱাৰ লগতে যোৱা ৯ আগষ্ট তাৰিখে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আবৃত্তি সম্ৰাট প্ৰণৱ বৰা সোঁৱৰণি আবৃত্তি প্ৰতিযোগিতা বহু সংখ্যক শিক্ষাৰ্থীৰ অনুষ্ঠিত হৈ যায়। ইয়াৰ মাজতেই যোৱা ১৪ আগষ্টত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখনি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা  সফলতাৰে সম্পন্ন হয়। মুঠ ৫৯ জন ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰিছিল । অৱশ্যে প্ৰথম পৰ্য্যায়ৰ বাচনিৰ অন্তত মুঠ ১৪ জন ছাত্ৰ-ছাত্ৰীৰ সাতোটা দলৰ মাজত এখনি অতি মনোগ্ৰাহী প্ৰতিযোগিতা অনুষ্ঠিত হয় । উল্লেখ্য যে, অসমত কুইজ জনপ্ৰিয় কৰাত বিশেষভাৱে অৱদান আগবঢ়োৱা দিলীপ কুমাৰ শৰ্মাই সাৱলীলভাৱে ছাত্ৰ-ছাত্ৰীৰ লগতে দৰ্শককো মন্ত্ৰমুগ্ধ কৰি প্ৰায় চাৰিঘন্টা সময়জোৰা অনুষ্ঠানটিৰ সামৰণি মাৰে । এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ তেজপুৰ চায়েন্চ একাডেমীৰ প্ৰজ্ঞান প্ৰতিম শৰ্মা আৰু অৱগুন্থিতা কাশ্যপ , দ্বিতীয় পুৰস্কাৰ গুৰুনানক মডেল হাইস্কুলৰ কৌস্তভ হাজৰিকা আৰু আফ্ৰিন জেনিন আৰু তৃতীয় পুৰস্কাৰ দৰং কলেজ মহাবিদ্যালয়ৰ দিব্যাদ্ৰোণা শৰ্মা আৰু অদিতি শৰ্মাই লাভ কৰে । প্ৰতিযোগিতাৰ অন্তত ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সভানেত্ৰী ডাঃ লক্ষ্মী গোস্বামী, দৰং কলেজৰ অধ্যক্ষ ড° পলাশমনি শইকীয়া আৰু ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সম্পাদিকা মৃণালিনী বৰাই পুৰস্কাৰসমূহ বিতৰণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More