ভাৰতৰ ইউপিআই (UPI) পেমেন্ট পদ্ধতি জনপ্ৰিয় হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত

ভাৰতক ৫নম্বৰৰ ভিতৰত ৫নম্বৰ দিয়াৰ বিপৰীতে চীনক দিলে ২ নম্বৰহে

0 67

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ এপ্ৰিল : ২০২০-২১বিত্তীয় বৰ্ষত ভাৰতত ইউপিআই (United Payment Interface-UPI) পেমেন্ট ছিষ্টেমত ১ত্ৰিলিয়ন ডলাৰতকৈ বেছি মুঠ  ৮৩লাখ কোটি টকাৰ লেনদেন সম্পন্ন হৈছে ।  ২০১৮চনত মাত্ৰ  ১.৯লাখ কোটি টকাৰ লেনদেন হোৱাৰ পাছত প্ৰতি বছৰে ব্যাপক হাৰত বৃদ্ধি হৈ আহিছে ইউপিআই ৰ দ্বাৰা কৰা লেনদেন । ২০২০চনত ২১লাখ কোটি আৰু ২০২১চনত ৪১লাখ কোটি টকাৰ লেনদেন হোৱাৰ পাছত  ২০২২চনত একেকোবে ৮৩লাখ কোটি স্পৰ্শ কৰে । সন্দেহ নাই যে কভিড ১৯মহামাৰীৰ বাবেই অন্য ডিজিটেল লেনদেনৰ লগতে ইউপিআই যোগে সম্পন্ন লেনদেনৰ পৰিমাণো বৃদ্ধি হৈছে । ইউপিআই লেনদেনৰ পৰিমাণ বৃদ্ধি হোৱাৰ এটা প্ৰধান কাৰণ হৈছে যে ইয়াক ব্যৱহাৰ কৰা অতি সহজে আৰু কম সময়তে লেনদেন সম্পূৰ্ণ হয় । লগতে ই নিৰাপদ আৰু নিৰ্ভৰযোগ্য ।

২০১৬চনত আৰম্ভ কৰা ইউপিআই পেমেন্ট চিষ্টেম ভাৰতে সম্পূৰ্ণ থলুৱাভাবে বিকশিত কৰা এক প্ৰযুক্তি । জানিব পৰা মতে চীনৰ বাহিৰে পৃথিৱীৰ কোনো দেশতে এনেধৰণৰ প্ৰযুক্তি নাই । কিন্তু চীনৰ ALI PAY আৰু Wechat ৰ তুলনাত ভাৰতৰ ইউপিআই বহুত উন্নত । ৪০খন দেশৰ লেনদেন চোৱাচিতা কৰা সংস্থা Fidelity National এ উদ্ভাৱনীয়তা, গ্ৰাহকৰ মূল্যাংকণ, চৌবিশঘন্টীয়া উপলব্ধতা, ব্যৱহাৰৰ সুবিধা আদি দিশবোৰ বিবেচনা কৰি ৫নম্বৰৰ ভিতৰত ভাৰতীয় পদ্ধতিক ৫নম্বৰ দিয়াৰ বিপৰীতে চীনা পদ্ধতিক ২ নম্বৰহে প্ৰদান কৰিছে । বিশেষজ্ঞ সকলে Euronet তকৈ ইউপিআইক ওপৰত স্থান দিছে । ইউপিআইৰ ব্যৱহাৰে দেশৰ বেংকিং লেনদেনত বৈপ্লৱিক পৰিবৰ্তন অনাৰ লগতে এক অনন্য মাত্ৰা প্ৰদান কৰিছে । ইয়াৰ আগলৈকে চেক বা ইন্টাৰনেট বেংকিঙৰ সহায়ত বেংকিং লেনদেন কৰিবলগীয়া হৈছিল । লগতে লেনদেনৰ বাবে বেংক একাউন্ট নম্বৰ আৰু আই এফ এচ কড (IFS Code) প্ৰয়োজন হৈছিল । সেইদৰে অনলাইন পেমেন্টৰ অন্য বিকল্পবোৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা ই ৱালেট ব্যৱহাৰৰ বহুতো অসুবিধা আছে আৰু সময় বেছি লাগে । কিন্তু ইউপিআই যোগে মবাইল ফোনৰ দ্বাৰা কৰা লেনদেন ব্যৱস্থাত অতি কম সময়তে লেনদেন সম্পন্ন কৰিব পাৰি । কোনো ধৰণৰ কাৰ্ডৰ প্ৰয়োজন নহয় । যালৈ টকা পঠিয়াব লাগে সেই ব্যক্তিজনৰ মোবাইল নম্বৰ অৰ্থাৎ Virtual Payment Address (VPA) পালেই যথেষ্ট । থাৰ্ড পাৰ্টি হিচাপে কাম কৰা কোনো কোম্পানীক নিজৰ বেংকৰ তথ্য যোগান ধৰি ইউপিআই আই ডি সৃষ্টি কৰা হয় । সম্প্ৰতি ভাৰতত গুগল পে, পেটিএম, ফোন পে, আমাজন পে আদি বহুতো জনপ্ৰিয় ইউপিআই এপ আছে । এই এপবোৰ নিজৰ মোবাইলত ডাউনলোড কৰি সহজে ইউপিআই আই ডি সৃষ্টি কৰিব পাৰি । কাৰ্ডনিৰ্ভৰ ডিজিটেল লেনদেনৰ বাবে যি ব্যৱস্থাৰ প্ৰয়োজন, ভাৰতৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নগৰবোৰৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰেহে তেনে ব্যৱস্থা কৰিব পাৰিছিল । তাৰোপৰি ক্ৰেডিট কাৰ্ড লেনদেনত নিৰ্দিষ্ট পৰিমানৰ টেক্স প্ৰযোজ্য হোৱা বাবে মধ্যমীয়া ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰেও কাৰ্ড পেমেন্টৰ প্ৰতি অনিহা প্ৰকাশ কৰা দেখা যায় । কিন্তু ইউপিআই লেনদেনত কোনো ধৰণৰ টেক্স নলগা বাবে আৰু সহজে কম সময়তে লেনদেন সম্পন্ন কৰিব পৰা বাবে দ্বিতীয় লকডাউনৰ সময়ৰ পৰা দেশৰ তৃতীয় শ্ৰেণীৰ নগৰবোৰৰ উপৰি গাঁৱলীয়া অঞ্চলতো ইয়াৰ ব্যৱহাৰে ব্যাপক প্ৰসাৰ লাভ কৰা দেখা গৈছে । সৰুসুৰা হোটেল, মিঠাইৰ দোকানৰ পৰা আৰম্ভ কৰি পাচলি, ফলমূল ব্যৱসায়ীলৈকে সকলোৱেই ইউপিআই যোগে লেনদেন কৰা দেখা গৈছে । বহুতো ইউপিআই প্লেটফৰ্মে তেওঁলোকৰ প্লেটফৰ্মৰ মাধ্যমেৰে লেনদেন কৰাৰ বাবদ গ্ৰাহকক বিভিন্ন ধৰণে পুৰস্কৃতও কৰে । সেয়ে ইউপিআই প্লেটফৰ্মৰ সংখ্যা বঢ়াটো গ্ৰাহকৰ বাবে সুবিধাজনক । কিছুমান প্লেটফৰ্মে গ্ৰাহকক ঋণৰ সুবিধাই আগবঢ়াইছে । ইউপিআই প্লেটফৰ্মৰ দ্বাৰা ধনৰ লেনদেনৰ উপৰি সকলোধৰণৰ উপভোক্তা বিল আদায় দিয়া, মোবাইল, টিভি আদি ৰিচাৰ্জ কৰা, ডিপোত পেট্ৰলজাত সামগ্ৰী ক্ৰয় কৰা আদি সকলো কাম আৰু মল আদিত বজাৰ কৰা আদি সকলোধৰণৰ কাম কৰিব পাৰি ।

ভাৰত চৰকাৰৰ সহযোগত National Payments Corporation of India ( NPCI ) য়ে বিকশিত কৰা এই ইউপিআই পদ্ধতিত প্ৰথমে কিছু অসুবিধা হৈছিল যদিও পাছত সেই অসুবিধাবোৰ দূৰ কৰা হয় । বৰ্তমানে ভাৰতৰ ইউপিআইৰ সফলতা আৰু সম্ভাৱনীয়তাত পতিয়ন গৈ গুগলৰ দৰে প্ৰতিষ্ঠানে আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভক ইউপিআই পেমেন্ট চিষ্টেম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে । ভূটান হৈছে প্ৰথম দেশ যিয়ে ভাৰতৰ ইউপিআই ব্যৱহাৰ কৰিছে । ইতিমধ্যে ভাৰতে কেইবাখনো দেশৰ কেন্দ্ৰীয় বেংকৰ সতে ইউপিআই পদ্ধতি ব্যৱহাৰ সম্পৰ্কে চুক্তি কৰিবলৈ আগবাঢ়িছে । সেই দেশবোৰৰ ভিতৰত ম্যানমাৰত ইউপিআই পদ্ধতি ব্যৱহাৰৰ বিষয়ে আলোচনা চলি আছে । চিঙ্গাপুৰৰ Pay Now ৰ লগত ভাৰতৰ ভীম ইউপিআই এই বছৰৰ ভিতৰতে সংযোগ কৰা হ’ব । সংযুক্ত আৰৱ আমীৰকে ধৰি মধ্যপ্ৰাচ্যৰ দুখনমান দেশ আৰু আফ্ৰিকাৰ দুখনমান দেশে সোনকালেই ইউপিআই লেনদেন পদ্ধতি ব্যৱহাৰ কৰিব ।

এনেদৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইউপিআই পদ্ধতিৰ যি সম্ভাৱনীয়তা দেখা গৈছে সিয়ে অদূৰ ভৱিষ্যতে ভিচা আৰু মাষ্টাৰকাৰ্ডৰ দৰে কাৰ্ড কোম্পানীবোৰৰ প্ৰতিও প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে । অৰ্থাৎ ভৱিষ্যতে সৰহভাগ লেনদেন কাৰ্ডবিহীনভাবে সম্পন্ন হ’ব ।

এনে পৰিস্থিতিত কম সময়ৰ ভিতৰতে ভাৰতে ইউপিআই লেনদেনৰ মাধ্যমেৰে গোটেই পৃথিৱীতে এক আৰ্থিক মহাশক্তি হিচাপে স্থান অৰ্জন কৰাৰ সম্ভাৱনা আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More