ভাৰতৰ পৰা তেজছ আৰু ব্ৰহ্মছ ৰপ্তানি

নতুন দিল্লীৰ হাতত মালয়েছিয়াৰ প্ৰতিৰক্ষা

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ চীনতকৈ ভাৰত মালয়েছিয়াৰ ওচৰত। প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত এক বৃহৎ চুক্তি আছে। ফলত ভাৰত মালয়েছিয়ালৈ অস্ত্ৰ ৰপ্তানি কৰা দেশ হিচাপে তালিকাৰ শীৰ্ষত উঠিল। ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱাই বি দাটো ‘ছেৰি হিছামুদ্দিন টুন হুছেইন’ৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অংশ লৈছে। জানিব পৰা মতে তেজছ ফাইটাৰ জেটৰ বাবে ভাৰতে মালয়েছিয়াৰ সৈতে এক বৃহৎ চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ভাৰতে মালয়েছিয়ালৈ ১৮খন লঘু যুদ্ধ বিমান বা এল চি এৰ অৰ্ডাৰ যোগান ধৰিব। প্ৰস্তাৱিত পেকেজ চুক্তিখনত ৰাছিয়াৰ উৎপত্তিৰ চুখ’ই ছু-৩০ যুঁজাৰু বিমানৰ ৰক্ষণাবেক্ষণ আৰু অতিৰিক্ত সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বিনিময়ত মালয়েছিয়াই চাৰি বিলিয়ন মালয়েছিয়াৰ ধনৰ আধাখিনি ভাৰতক নগদ ধন হিচাপে আৰু বাকী আধাখিনি পাম অইল হিচাপে দিব। দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰা হয়। দুয়োখন দেশৰ মাজত মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা বৈঠকৰ (মিডকম) কাঠামো আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী মন্ত্ৰীয়ে আলোচনা কৰে। জানিব পৰা মতে, পৰৱৰ্তী মিডকম জুলাই মাহত অনুষ্ঠিত হোৱাৰ কথা। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গভীৰ সহযোগিতাৰ বাবে এই মঞ্চ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। লগতে গুৰুত্বপূৰ্ণ খবৰটো হ’ল যে, নতুন দিল্লীয়ে ইতিমধ্যে মালয়েছিয়াক নিজৰ পৰৱৰ্তী প্ৰজন্মৰ ব্ৰাহ্ম’ছ মিছাইল আগবঢ়াবলৈ ওলাইছে। ইতিমধ্যে মালয়েছিয়াই ব্ৰহ্মছ মিছাইল ক্ৰয়ৰ বাবে ভাৰতৰ সৈতে আলোচনাত মিলিত হৈছে। কাৰণ ভাৰতৰ এই ব্ৰহ্মছ মিছাইলৰ সামথ্য বিশ্বৰ প্ৰতিখন দেশেই জানে। ইয়াৰ মাজতে দেশখনে মালয়েছিয়াৰ সুখয়ৰ বাবে হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচএএল)ৰ অতিৰিক্ত সঁজুলি আৰু কাৰিকৰী বিশেষজ্ঞতাৰ সহায় ল’ব। মন কৰিবলগীয়া যে, মালয়েছিয়াই ১৯ খন ছু-২০এমকেএম যুঁজাৰু বিমান চলায় যিয়ে ছু-৩০এমকেআই সংস্কৰণৰ দৰেই ভাৰতক ইয়াৰ সেৱা আৰু প্ৰয়োজনীয় সঁজুলি প্ৰদান কৰিব পাৰে। একে সময়তে ভাৰতে মালয়েছিয়াক ৰাডাৰ চিষ্টেম বিক্ৰী কৰিব বিচাৰিছে। অৰ্থাৎ নতুন দিল্লীয়ে মালয়েছিয়াক ভাৰতৰ তেজছ যুঁজাৰু বিমানেৰে অধিক শক্তিশালী কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো মিছাইল চিষ্টেম দিবলৈ গৈ আছে। ভাৰতে মালয়েছিয়াক দিয়া এল চি এত আছে অত্যাধুনিক এ ই এছ এ ৰাডাৰ, নতুন এভিয়নিকছ আৰু বিভিন্ন ধৰণৰ এয়াৰ টু এয়াৰ আৰু গ্ৰাউণ্ড টু এয়াৰ মিছাইল। ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই ভিজুৱেল ৰেঞ্জৰ বাহিৰত এয়াৰ টু এয়াৰ মিছাইলৰ বাবেও দেশখনে আগ্ৰহ প্ৰকাশ কৰি ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More