ভাৰত-চীনৰ সেনা সংঘৰ্ষঃ পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে অৰুণাচলৰ কেতবোৰ অঞ্চলৰ ভ্ৰমণ

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে ইয়াংষ্টে  অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাতৰ দৰ্শন কৰিবলৈ যোৱা পথো পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে কালিৰ পৰা।ইয়াংষ্টেৰ ১০কিলোমিটাৰ আগৰে পৰাই এই পথত বাহিৰা লোকৰ প্ৰৱেশ বন্ধ কৰা হৈছে৷ যোৱা ৯ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত আগ্ৰাসী চীনা সৈন্যৰ স’তে হোৱা ভাৰতীয় সেনাৰ হতাহতিৰ পাছৰ পৰিস্থিতিৰ বাবেই এনে কৰা হৈছে৷উল্লেখযোগ্য যে, শীতকালৰ এই সময়চোৱাত অৰুণাচল প্ৰদেশৰ টাৱাঙকে ধৰি বিভিন্ন অঞ্চললৈ যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে৷ কিন্তু বৰ্তমান দুই প্ৰতিৱেশী ৰাষ্ট্ৰৰ সীমান্ত এলেকাত সৃষ্ট উত্তেজনাময় পৰিস্থিতিৰ বাবে  ইতিমধ্যে টাৱাঙত এলাৰ্ট  জাৰি কৰা হৈছে । স্হানীয় এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি,  এই অঞ্চল সমূহত পৰ্যটকৰ উপস্থিতি তথা পৰিদৰ্শন অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখা হৈছে৷এই সীমান্তৱৰ্তী অঞ্চলত বৰ্তমানেও এক চেপা উত্তেজনাময় পৰিস্থিতিৰ অব্যাহত আছে৷
অৱশ্যে টাৱাং চহৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই৷বৰ্তমান হ’লি জলপ্ৰপাতলৈকেহে পৰ্যটক সকলক যাবলৈ দিয়া হৈছে৷উল্লেখযোগ্য যে,সীমান্তৰ এই উত্তেজনাময় পৰিস্হিতিৰ বিপৰীতে স্হানীয় ৰাইজে দেশৰ সেনাৰ সক্ষমতাৰ প্ৰতি সম্পূৰ্ণ আস্হা প্ৰকাশ কৰি চীনৰ যিকোনো আগ্ৰাসন দেশৰ সেনাই প্ৰতিহত কৰিবলৈ সক্ষম বুলি প্ৰকাশ কৰিছে৷ ইপিনে, সীমান্তৰ এনে পৰিস্থিতিৰ পাছতে তেজপুৰস্হিত বায়ুসেনা ছাউনিৰ পৰা যুঁজাৰু বিমানৰ দ্বাৰা সীমান্ত এলেকাত পূৰ্বৰ তুলনাত সঘনাই দৃষ্টি ৰখা হৈছে বুলিও জানিব পৰা গৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More