ভাৰত চীন সীমান্তৰ পৰা তেজপুৰলৈকে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২১জুন: অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তত দেশৰ সীমাৰ সুৰক্ষাত নিয়োজিত সেনাৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গই আজি পালন কৰে অষ্টম সংখ্যক আন্তৰাষ্ট্ৰীয় যোগ দিৱস। অৰুণাচল প্ৰদেশৰ সেমেকা বতৰৰ মাজত তথা তেজপুৰস্থিত সেনা ঘাটিটো এই যোগ দিৱস উদযাপন কৰাৰ লগতে তেজপুৰৰ বিভিন্ন স্থানত ৰাজহুৱা ভাবে এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে,আজি পুৱা ৬-৪০বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ দিৱস উপলক্ষে দেশবাসীক সম্বোধন কৰাৰ আয়ুস মন্ত্ৰালয়ৰ জৰিয়তে দেশজুৰি পালন কৰা হয় যোগ দিৱস। অৰুণাচল প্ৰদেশৰ লগতে ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ উচ্চ অঞ্চলত তথা তেজপুৰৰ আৰ্মি পাব্লিক স্কুলত সেনা বিষয়া,জোৱান আৰু তেওঁলোকৰ পৰিয়ালে অংশ লয়।IMG 20220621 WA0058এই যোগ অভ্যাস অনুষ্ঠান তদাৰক কৰে আয়ুস মন্ত্ৰালয়ৰ পঞ্জীয়নভুক্ত সুখ্যাত যোগ প্ৰশিক্ষিকা কাকুলি হাজৰাই। সহস্ৰাধিক সশস্ত্ৰ বাহিনীৰ বিষয়া জোৱানে অংশ লোৱা এই যোগ মানবতাৰ লগতে আৰু গুৰুত্বপূৰ্ণ শীৰ্ষ বিজ্ঞান হিচাপে পৰিগণিত হৈছে। প্ৰাচীন বিজ্ঞানৰ অংশ হিচাপে সেনাই যোগভ্যাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দি অহাৰ লগতে এয়া ভাৰতীয় সংস্কৃতি তথা পৰম্পৰাৰ এক অভিন্ন অংশ হিচাপে অভিহিত কৰিছে। ইপিনে তেজপুৰৰ বিভিন্ন স্থানতো আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মানৱ দেহৰ শাৰীৰিক, মানসিক উৎকর্ষ সাধনৰ লগতে সমাজ ব্যৱস্থাৰো যথেষ্ট উন্নতি সাধন হয় বুলি উল্লেখ কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভায়ো আজি শোণিতপুৰ প্ৰশাসনে আয়োজন কৰা যোগ শিবিৰত অংশ লয়। উল্লেখযোগ্য যে,তেজপুৰ মহাবিদ্যালয়ত আয়োজিত এই যোগ শিবিৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ লগতে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰয়ো অংশ লয়।আনহাতে,জিলা ন্যায়াধীকৰণৰ হৈ ডি এল এছ এ,তেজপুৰ উকিল সন্থা আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত তেজপুৰ আদালত চৌহদতো আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। IMG 20220621 WA0065একেদৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো এই দিৱস পুৱা পালন কৰা হয়। ইপিনে, অসম গ্ৰামীণ বিকাশ বেংকৰ ভগ্নী সংগঠন গ্ৰাম্য স্ব নিযুক্তি প্ৰশিক্ষণ প্ৰতিষ্ঠানেও পুৱা যোগ প্ৰশিক্ষক মৌমিতা গগৈৰ তত্বাৱধানত আন্তঃৰাষ্ট্ৰীয় যোগ দিবস পালন কৰে । ইফালে মাজগাঁও পঞ্চায়ত কাৰ্যালয়তো সভানেত্ৰী সীমাৰেখা বৰুৱাৰ নেতৃত্বত সদস্য সদস্যা সকলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More