ভাৰত মহাসাগৰত মালদ্বীপত ওপঙা চহৰ নিৰ্মাণ

সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত বসবাসৰ নতুন ধাৰণা

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুনঃ সমুদ্রপৃষ্ঠৰ ওপৰত ভাঁহিছে মালদ্বীপৰ এক চহৰ। পৰিৱেশগত সংকট আৰু সমুদ্রপৃষ্ঠৰ উচ্চতা ইমানেই দ্রুতহাৰত বৃদ্ধি পাইছে যে, ভাৰত মহাসাগৰত ভাসমান চহৰ নিৰ্মাণ কৰা হৈছে। মালদ্বীপৰ মালে চহৰে ৰূপ লৈছে ভাসমান চহৰ হিচাবে। মাত্র ১০ মিনিটৰ নৌকাযাত্ৰাৰে উপনীত হ’ব পৰা যাব এই ভাসমান চহৰত। বিশ্ব উষ্ণায়নৰ পৰিস্থিতিত এক নতুন পৰিকল্পনা বাস্তৱায়িত হ’বলৈ ওলাইছে।

* চহৰৰ নক্সা মস্তিষ্কৰ প্রবালৰ দৰে
প্রযুক্তিবিদসকলে জনাইছে যে, চহৰখনৰ নক্সা কৰা হৈছে মস্তিষ্কৰ প্রবালৰ দৰে। ইয়াত ৫০০০টা ভাসমান ইউনিট থাকিব। সেই ইউনিটসমূহৰ মাজত থাকিব বাসগৃহ, ৰেস্তোৰা, দোকান আৰু স্কুল। প্রথম ইউনিটসমূহ দুই-এদিনতে উন্মোচন কৰা হ’ব। মালদ্বীপৰ এই ভাসমান চহৰত এটা ষ্টুডিঅ’ এপার্টমেন্টৰ দাম ডেৰ লাখ ডলাৰৰ পৰা আৰম্ভ হ’ব। একোটা ঘৰৰ দাম হ’ব আঢ়ৈ লাখ ডলাৰ পর্যন্ত। ২০২৪ চনৰ আৰম্ভণিৰ পৰাই এই দ্বীপত বসবাস কৰিব পৰা যাব। এই চহৰৰ নির্মাতাসকলে আশা কৰিছে যে, বাসিন্দাসকলে ২০২৪ চনৰ আৰম্ভণিৰ পৰাই এই দ্বীপত বসবাস কৰিবলৈ বা যাবলৈ আৰম্ভ কৰিব। সম্পূৰ্ণ চহৰখন গঢ়াৰ কাম ২০২৭ চনৰ ভিতৰত শেষ হ’ব। ডাচ ফার্ম ৱাটাৰ ষ্টুডিঅ’ আৰু মালদ্বীপ চৰকাৰে যৌথভাৱে মালদ্বীপ ফ্লোটিং চিটি নিৰ্মাণ কৰিছে। পাঁচ বছৰতকৈয়ো কম সময়ৰ ভিতৰত ২০ হাজাৰ জন লোকৰ বসবাসযোগ্য কৰি গঢ়ি তোলা হ’ব এই চহৰ।1655954032110
* বিশ্বৰ দ্বিতীয়খন ভাসমান চহৰ মালে
মালদ্বীপৰ এই মালে হ’ব বিশ্বৰ দ্বিতীয়খন ভাসমান চহৰ। প্রথমখন ভাসমান চহৰ হিচাবে এপ্রিলত মুকলি হৈছিল দক্ষিণ কোৰিয়াৰ অচেনিক্স চিটি। এই চহৰ ১২ হাজাৰ লোকৰ বসবাসযোগ্য। ২০২৩ চনত এই চহৰক এক লাখ মানুহৰ চহৰত পৰিণত কৰাৰ কাম আৰম্ভ হ’ব। ইফালে মালদ্বীপবাসী স্বপ্নৰ চহৰখনৰ অপেক্ষাত আছে। দ্বীপৰাষ্ট্ৰৰ ৫ লাখৰো বেছি মানুহৰ বাবে এই ভাসমান চহৰে এক নতুন আশা লৈ আহিছে। চহৰখনৰ ডিজাইনকাৰী আর্কিটেকচাৰ ফার্ম ৱাটাৰ ষ্টুডিঅ’ৰ প্রতিষ্ঠাতা কোৱেন ওলথুইছে কয়— ”এই চহৰে প্রমাণ কৰিব কম মূল্যৰ আবাস, বৃহৎ জনগোষ্ঠী আৰু পানীৰ ওপৰত স্বাভাৱিক জীৱন যাপন কৰাটোযে সম্ভৱ আৰু নিৰাপদো।”
* ৰামধনুৰঙী ঘৰ ভাসমান চহৰৰ আকর্ষণ
মালদ্বীপ ফ্লটিং চিটিৰ বৈশিষ্ট্যবোৰৰ ভিতৰত আছে ৰামধনু ৰঙৰ ঘৰ। এই সকলো ঘৰ স্থানীয় লোকসকলক আকর্ষণ কৰাৰ বাবে ডিজাইন কৰা হৈছে। প্রশস্ত বেলকনি আৰু সমুদ্রৰ তীৰৰ দৃশ্য প্রতিটো ঘৰৰ পৰা দেখা যাব। পৰিবহণৰ বাবে নাও ৰখা হৈছে। বাসিন্দাসকল নাৱেৰে ঘূৰি ফুৰিব পাৰে অথবা তেওঁলোকে খোজকাঢ়িব, চাইকেল চলাব বা বৈদ্যুতিক স্কুটাৰো চলাব পাৰিব। এই ভাসমান চহৰ গঢ়ি তুলিবলৈ প্রযুক্তি সমস্যা নহয়। নিৰ্মাতাসকলে কয়—”অর্থৰ দিশৰ পৰাও কম খৰচী। এই ভাসমান চহৰৰ উন্নয়নৰ খৰচ পানীৰ তলদেশৰ অবকাঠামো আৰু সম্পত্তি ধ্বংসৰ খৰচতকৈ কম। ইয়াৰ ফলত চহৰ উন্নয়নৰ ধাৰাত বিৰাট পৰিৱর্তন আহিব বিশ্বজুৰি।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More