ভিয়েটনাম যুদ্ধৰ বিখ্যাত ‘নপম গাৰ্ল’ৰ এতিয়া সুস্থ

 ৫০ বছৰৰ পিছত আহিল স্বাভাৱিক অৱস্থালৈ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই : ৫০ বছৰ পূৰ্বে তেওঁৰ ছবিখন দেখি হতভম্ব হৈ পৰিছিল বিশ্ববাসী। আমেৰিকাৰ যুদ্ধ বিমানৰ পিছফালৰ পৰা নপম বোমা নিক্ষেপ কৰা হৈছে আৰু এগৰাকী কিশোৰী অদূৰৰ সন্মুখত নিজৰ জীৱনৰ ভয়ত দৌৰিছে। ফটো সাংবাদিক নিক কেমাৰে তোলা এই ফটোখন পৰৱৰ্তী সময়ত ‘নপম গাৰ্ল’ নামেৰে জনাজাত হয়। ফটোখনত দেখা কিশোৰী কিম ফুক ফেন টি বোমা বিস্ফোৰণৰ ফলত আহত হৈছিল। কিন্তু ৫০ বছৰ পাছত পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে কিম ফুক। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁৰ ছালৰ চিকিৎসা কৰা হৈছিল আমেৰিকাত, যিখন দেশে তেওঁক আক্ৰমণ কৰিছিল। সেয়া আছিল ১৯৬২ চনৰ জুন মাহৰ কথা। আমেৰিকাৰ এখন যুদ্ধ বিমানে ভিয়েটনামৰ কিম ফুকৰ গাঁৱত আক্ৰমণ চলায়। নপাম বোমাৰে সৰু গাঁওখন ছিন্নভিন্ন কৰি পেলাইছিল। আন পাঁচজনৰ দৰে ৯ বছৰীয়া কিম ফুকো বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পৰিবলৈ দৌৰিছিল। কিম ফুকৰ পিঠিৰ ফালটো পুৰি গৈছিল,  সেই সময়তে নিকে ছবিখন লেন্স কৰিলে আৰু সেই ছবিখনে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত নিকে এই ছবিখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল। আৰু কিম ফুক? কিমৰ গোটেই শৰীৰত বোমা বিস্ফোৰণৰ বিকিৰণ থকি গ’ল ! ১৯৯২ চনত কিম ফুকে স্বামীৰ সৈতে ভিয়েটনাম এৰি যায়। তেওঁ কানাডাত আশ্ৰয় লৈছিল। সেই সময়ত আমেৰিকাৰ মিয়ামিত ছালৰ বিশেষজ্ঞ জিল জোৱাবেলে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। কিম ফুকৰ পৰা গোটেই ঘটনাটো শুনি লাজত পৰা জিলে তেওঁক ক’লে যে, গোটেই চিকিৎসা বিনামূলীয়াকৈ কৰা হ’ব। চিকিৎসা আৰম্ভ হয়। আঘাতপ্ৰাপ্ত ছালখন সুস্থ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে কিম। সুস্থ হৈ উঠা কিম ফুকে কয়— “৫০ বছৰৰ পাছত এতিয়া মই মুক্ত হৈ পৰিছোঁ। যুদ্ধৰ দাগবোৰ আৰু কঢ়িয়াই নিব নালাগে। আৰু মোক কোনেও নপম গাৰ্ল বুলি নামাতিব। মই এগৰাকী বন্ধু, এগৰাকী আইতা, যিয়ে যুদ্ধৰ ঘাঁবোৰ নিৰাময়ৰ বাবে বিশ্ব শান্তিৰ আহ্বান জনাইছোঁ।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More