ভূপেন উজীৰ – শান্তা উজীৰলৈ সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ, আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা

0 18

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৯ মেঃ যোৰহাট জিলা সাহিত্য সভাই সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত সমাজৰত্ন ডাঃ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান কৰি আহিছে ।২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়াোৱা হ’ব অসমৰ সংগীত জগতৰ অন্যতম ভূপেন উজীৰ আৰু শান্তা উজীৰক । জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই এক বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে যে অহা ১৪ মে’ শনিবাৰে গুৱাহাটীৰ পূব দীঘলী পুখুৰীপাৰস্থিত সত্যনাথ বৰা হলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । বিয়লি ৪ বজাৰ পৰা হ’ব লগা অনুষ্ঠানটি সঞ্চালনা কৰিব জিলা সাহিত্য সভাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাই । অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে উদ্বোধন কৰিব লগা অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে ।স্মৃতিমাল্য উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই । বিশিষ্ট লেখক ময়ুৰ বৰা, কামৰূপ ( মহানগৰ ) জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দন বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাাকিব ।উল্লেখ যে ২০১০ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিপূৰ্বে মাজুলীৰ মুখা আৰু মৃৎ শিল্পী মালভোগ কলিতা, মঞ্চপ্ৰাণ পুস্প ফুকন অসমৰ সত্ৰীয়া সংস্কৃতিৰএগৰাকী সাধক টংকেশ্বৰ বৰবায়ন, বিশিষ্ট নাট্যকাৰ পৰিচালক ৰফিকুল হুছেইন, সংগীতপ্ৰাণ ইন্দ্ৰেশ্বৰ শৰ্মা প্ৰমুখ্যে বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰা হৈছে । ১৪ মে’ ত হ’ব লগা কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে জিলা সম্পাদকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More