“ভূপেন হাজৰিকা কলাভূমি” ত সুৰীয়া আৰু সাংগীতিক অনুষ্ঠান “আমি একেখন নাৱৰে যাত্ৰী” – “কৃষ্ণ অমৃত কথা”ৰ শুভ মহুৰত সম্পন্ন

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত "মাধৱদেৱ কলা নিকেতন" ৰ ব্যতিক্ৰমী আয়োজন

0 55

শতাব্দ প্ৰতিনিধি তেজপুৰ , ১৬ অক্টোবৰ :শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ “মাধৱদেৱ কলা নিকেতন” ৰ সহযোগত তেজপুৰৰ “ভূপেন হাজৰিকা কলাভূমি” ত অহা ৫ নবেম্বৰত সুধাকণ্ঠ, বিশ্ববন্দিত তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মৃত্যু দিৱস উপলক্ষে অনুষ্ঠিত হ’ব লগা “আমি একেখন নাৱৰে যাত্ৰী” শীৰ্ষক সাংগীতিক – সুৰীয়া বিশেষ অনুষ্ঠানৰ লগতে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৬ নবেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হ’ব লগা” কৃষ্ণ অমৃত কথা ” শীৰ্ষক গীতি নৃত্য নাটিকাৰ কালি সন্ধিয়া মিলনপুৰত এক মাংগলিক পৰিৱেশত শুভ মহুৰত সম্পন্ন হয়।”মাধৱদেৱ কলা নিকেতন”ৰ অধ্যক্ষ তথা সংগীত শিল্পী ময়ূৰ কাঞ্চন বৰাই আঁত ধৰা আৰু তেজপুৰৰ লগতে স্হানীয় বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰা এই মহুৰত অনুষ্ঠানত প্ৰথমেই বন্তি প্ৰজ্বলন কৰে স্হানীয় মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ উপদেষ্টা সুনীল শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুশল শইকীয়া, দ্বিপেন নাথ, হলেশ্বৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী দেৱেশ্বৰ শৰ্মা, স্হানীয় সত্ৰীয়া শিল্পী কামেশ্বৰ দাস, চিত্ৰশিল্পী হৰেশ্বৰ শইকীয়াই।ইয়াৰ পিছতেই প্ৰাক্তন ছাত্ৰ নেতা তথা শিক্ষক লন্টু শইকীয়া,বাণ থিয়েটাৰৰ মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, নাট্যকাৰ – পৰিচালক দিগন্ত কুমাৰ ভূঞা, নাট্যানুষ্ঠান মাটি আখৰাৰ সভাপতি দুল গোস্বামী, বিশিষ্ট নাট্যকাৰ পৰিচালক তথা নাট্য ভূষণ অৰ্পণ বেজবৰুৱা, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ সম্পাদকদ্বয় অপূৰ্ব বৰা, ৰাজু বৰা, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত কুমাৰ দাস আদিয়ে ধূপ প্ৰজ্বলন কৰাৰ পিছত এক মাংগলিক পৰিৱেশত নাৰিকল ভাঙে প্ৰাক্তন ছাত্ৰ নেতা তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তনু মহন্তই ।নাৰিকল ভাঙি শান্তনু মহন্তই ভাষণ প্ৰসংগত তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি নিৰ্মাণত আৰম্ভণিৰে পৰা জড়িত হৈ থকাৰ কথা সদৰী কৰি প্ৰতি বছৰেই পুৰোধা শিল্পী গৰাকীৰ জন্ম দিন আৰু মৃত্যু দিৱসৰ দিনটোত অনুষ্ঠান আয়োজন কৰি অহাৰ পিছত এইবাৰ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত “মাধৱদেৱ কলা নিকেতন” ৰ সহযোগত আয়োজন কৰিবলৈ লোৱাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। বিশ্ব বৰেণ্য শিল্পী গৰাকীক সোঁৱৰণ কৰিবলৈ “মাধৱদেৱ কলা নিকেতন”ৰ সৈতে জড়িত সকলে যি প্ৰয়াস কৰিছে সেই প্ৰয়াসৰ সফলতা কামনা কৰি চলচ্চিত্ৰ পৰিচালক মহন্তই অনুষ্ঠানটিৰ কাৰ্যসূচী সমূহৰ দ্বাৰা অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী গৰাকীৰ জীৱন – দৰ্শন প্ৰতিফলিত হ’ব বুলি আশা ব্যক্ত কৰে।মহুৰত অনুষ্ঠানটিত অনুষ্ঠানটিৰ সংগীত পৰিচালক প্ৰাঞ্জল শইকীয়াই কন্ঠশিল্পী অন্বেষা কাঞ্চন বৰাৰ সৈতে সুধাকণ্ঠৰ সেই কালজয়ী গীত” আমি একেখন নাৱৰে যাত্ৰী” এ পৰিৱেশন কৰি এই গীতটিৰ মহত্বৰে সুন্দৰ দৃশ্য সজ্জাৰে কলাভূমিৰ অনুষ্ঠানটি সজাই তোলাৰ প্ৰয়াস কৰাৰ কথাও সদৰী কৰে। নাট্যকাৰ – পৰিচালক তথা বাণ থিয়েটাৰৰ গ্ৰন্থাগাৰিক দিগন্ত কুমাৰ ভূঞা, হলেশ্বৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দ্বিপেন নাথ, স্হানীয় সত্ৰীয়া শিল্পী কামেশ্বৰ দাস, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ উপদেষ্টা সুনীল শইকীয়া, সম্পাদক অপূৰ্ব বৰা আদিয়ে শুভেচ্ছামূলক ভাষণ দিয়া অনুষ্ঠানটিত সমাজকৰ্মী দেৱেশ্বৰ শৰ্মাই গ্ৰাম্যাঞ্চলৰ লোক শিল্পী সকলৰ প্ৰতিভাৰ প্ৰশংসা কৰি প্ৰকৃত শিল্পী সকল গাঁও সমূহতেই লুকাই থাকে বুলি মন্তব্য কৰে। আনহাতে “কৃষ্ণ অমৃত কথা” শীৰ্ষক গীতি নৃত্য নাটিকাৰ এটি শ্লোক এই অনুষ্ঠানতে পৰিৱেশন কৰে সংগীত পৰিচালক প্ৰাঞ্জল শইকীয়াই। শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠানটিত উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত কুমাৰ দাসেও এনেদৰে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি” মাধৱদেৱ কলা নিকেতন” ৰ অধ্যক্ষ ময়ূৰ কাঞ্চন বৰা এগৰাকী সুস্থ ৰুচিৰ সংগীত শিল্পী বুলি মন্তব্য কৰি এই প্ৰয়াসে গ্ৰামাঞ্চলৰ স্হানীয় কুশীলৱ সকলক উদ্বুদ্ধ কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই অকল গীত গোৱা, নাটক কৰা, নৃত্য কৰা সকলেই যে শিল্পী নহয় বিভিন্ন শিল্প কৰ্মেৰে জড়িত হৈ থকা লোকজীৱনৰ অলেখ শিল্পীয়ে গ্ৰামাঞ্চলৰ সাংস্কৃতিক ভেটি শক্তিশালী কৰি আহিছে বুলি মন্তব্য কৰি “ভূপেন হাজৰিকা কলাভূমি” ৰ এই অনুষ্ঠানৰ সামগ্ৰীক সফলতা কামনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More