ভেকচিন ল’বলৈ বাধ্য কৰিব নোৱাৰি

'চৰ্ত’ প্রত্যাহাৰৰ নির্দেশ ছুপ্রিম ক'র্টৰ

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ মে’ : কৰ’না ভাইৰাছ প্রতিৰোধৰ ক্ষেত্ৰত সকলোতকৈ কাৰ্যকৰী হাথিয়াৰ হিচাপে ভেকচিনৰ বাদে গত্যন্তৰ নাই বুলি কৈ অহা হৈছে। তথাপি বহুতেই কৰ’নাৰ টীকা লোৱাৰ বিষয়ত অনীহা প্ৰকাশ কৰা দেখা গৈছে বিগত প্রায় এবছৰ ধৰি। এসময়ত টীকাৰ অভাৱে দেখা দিছিল দেশত। কিন্তু এতিয়া সেই সমস্যা নাই। বৰ্তমান পর্যাপ্ত টীকা আছে দেশৰ হাতত। তথাপি বহু ভাৰতীয়ই এতিয়াও টীকা লোৱা নাই। বহু ক্ষেত্রত টীকা লোৱা নাথাকিলে অসুবিধাতো পৰিবলগীয়া হৈছে সাধাৰণ মানুহ। বিদেশ ভ্রমণ বা আন্তঃৰাজ্যিক ভ্রমণ, চিনেমা হল বা ষ্টেডিয়ামত খেল চাবলৈ হ’লে দেখুৱাবলগীয়া হৈছে টীকাকৰণৰ প্ৰমাণপত্র। এনে সময়তে টীকাকৰণক লৈ ২ মে’ত এক বৃহৎ ঘোষণা কৰিলে ছুপ্রিম ক’ৰ্টে। শীর্ষ আদালতখনে জনাই দিছে যে, কাকো টীকা ল’বলৈ বাধ্য কৰাব নোৱাৰি।টীকাকৰণ সংক্রান্তীয় এটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ছুপ্রিম ক’র্টে জনায় যে, কোনো ব্যক্তিকেই কৰ’না টিকা ল’বলৈ বাধ্য কৰিব পৰা নাযায়। আদালতে আৰু কয় যে, কিছু ৰাজ্যৰ চৰকাৰ আৰু সংস্থাই এনে কিছু চর্ত আৰোপ কৰিছে যাতে টীকা নোলোৱা ব্যক্তি বহু ৰাজহুৱা স্থানলৈ যোৱাত বাধাপ্রাপ্ত হৈছে বা কিছুমান সুযোগ সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। ছুপ্রিম ক’র্টৰ নির্দেশ— বর্তমান পৰিস্থিতিতে এই চর্ত প্রত্যাহাৰ কৰা উচিত। উল্লেখ্য যে, চৰকাৰৰ কভিড টীকা নীতিক লৈ এক জনস্বার্থজড়িত গোচৰ দায়েৰ কৰা হৈছিল ছুপ্রিম ক’র্টত। সেই গোচৰৰ পৰিপ্রেক্ষিতেই ছুপ্রিম ক’র্টে জনায় যে, চৰকাৰৰ বর্তমান নীতি ‘অযৌক্তিক নহয়’। তথাপি টীকা নোলোৱা বাবে সাধাৰণ মানুহক যে সমস্যাৰ মুখত পৰিবলৈ দিব লাগে সেয়াও সঠিক নহয়। ইফালে টীকাকৰণ সংক্রান্তীয় যাৱতীয় পৰীক্ষাৰ তথ্য জনসাধাৰণৰ সমুখত তুলি ধৰিবৰ বাবে চৰকাৰক নির্দেশ দিছে শীর্ষ আদালতে। অৱশ্যে গোচৰটোৰ সকলো দিশ চালি-জাৰি চাই শীর্ষ আদালতখনে জনাই দিছে যে, কোভিড-উপযুক্ত আচৰণৰ বিষয়ে আদালত উদ্বিগ্ন, আৰু যিসকলে তেওঁলোকৰ টীকা এতিয়াও পোৱা নাই, তেওঁলোকক ৰাজহুৱা স্থানৰ কাম-কাজত অংশ লোৱাত সীমাবদ্ধ কৰা হ’ব পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More