ভ্ৰমণপ্ৰত্যাশীৰ বাবে বেয়া খবৰ

বন্ধ হ'ল উত্তৰাখণ্ডৰ ভেলী অব ফ্লাৱাৰ

0 26
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ জুলাইঃ প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনত বিধ্বস্ত উত্তৰাখণ্ডৰ বিশাল অঞ্চল। ভাৰতৰ পৰ্যটন মানচিত্ৰত এই ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। কিন্তু এইবাৰ বাৰিষাই পৰ্যটকৰ বাবে কঢ়িয়াই আনিলে বেয়া খবৰ। কাৰণ বছৰৰ এই সময়খিনিতে স্থানীয় প্ৰশাসনে উত্তৰাখণ্ডৰ অন্যতম আকৰ্ষণীয় স্থান ভেলী অৱ ফ্লাৱাৰ্ছলৈ যোৱা পথটো বন্ধ কৰি দিছে। ফুলেৰে সজাই তোলা এই উপত্যকাটোত বহু পথ খোজকাঢ়ি যাব লাগে। কিন্তু ট্ৰেকিং পথত হোৱা ডাঙৰ ফাঁটৰ বাবে পথটো বন্ধ কৰি দিয়া হৈছে বুলি প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইউনেস্কোৰ ঐতিহ্য ক্ষেত্ৰ এই ফুলৰ উপত্যকাটো। মনোমোহা দৃশ্যপট আৰু ফুলৰ স্বৰ্গৰ বাবে পৰ্যটকসকল এই অঞ্চলৰ প্ৰতি আকৰ্ষিত হয়। কিন্তু ট্ৰেকিং ফথত ফাঁট মেলাৰ বাবে আপাততঃ বন্ধ হৈ আছে উপত্যকাটো। পৰ্যটকৰ যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’লেহে পুনৰ পথ মুকলি কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে। শেহতীয়াকৈ জিলা প্ৰশাসনৰ এটা দলে উপত্যকাটো পৰিদৰ্শন কৰিবলৈ গৈছিল। কোনো পৰ্যটক আবদ্ধ হৈ আছে নে নাই সেয়াও পৰীক্ষা কৰি চাই। তাৰ লগতে দলৰ সদস্যসকলে উপত্যকাটোৰ সাম্প্ৰতিক পৰিস্থিতি আৰু যোগাযোগ ব্যৱস্থা কেনেদৰে বজাই ৰাখিব পাৰি তাকো পৰ্যবেক্ষণ কৰে। বন বিভাগৰ মুৰব্বী নন্দ বল্লভ শৰ্মাই জনোৱা মতে, দ্বাৰীপুলৰ সমীপত ভূমিস্খলন হৈছিল। সেই ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে ফুলৰ উপত্যকালৈ যোৱা পথ। তেওঁ লগতে কয় যে অঞ্চলটোত হিমবাহ বিন্দু আৰু স্লাইডিং জ’ন আছে। গতিকে ৰাস্তাত ৰিস্কৰ পৰিমাণ যথেষ্ট বেছি। পৰ্যটকৰ সুৰক্ষাৰ কথা মনত ৰাখি পথটো বন্ধ কৰা হৈছে। 1658032593274ইতিমধ্যে ট্ৰেক ৰুট মুকলি কৰাৰ কাম আৰম্ভ হৈছে। প্ৰচণ্ড বৰষুণ আৰু সামান্য ভূমিস্খলন অব্যাহত আছে। বনৰক্ষীসকলে জনোৱা মতে, পথটোত কেইবাটাও স্থানত বৃহৎ ফাঁট মেলিছে। প্ৰচণ্ড বৰষুণৰ সময়ত ই অধিক বিপদজনক হৈ উঠিব পাৰে। যিকোনো সময়তে হ’ব পাৰে দুৰ্ঘটনা। ট্ৰেক ৰুটটো আছিল ১০ মিটাৰ বহল। কিন্তু নিৰন্তৰ বাৰিষা, ভূমিস্খলনৰ বাবে বহু ঠাইত বাট-পথ নথকাৰ দৰে হৈ পৰিছে। বন বিষয়াসকলে জনোৱা মতে, ধাৰাসাৰ বৰষুণে হৰপা বনাঞ্চলৰ বাবে বাকী থকা পথটো যিকোনো সময়তে উটুৱাই নিব পাৰে। সেইকাৰণে পৰ্যটকৰ সুৰক্ষাৰ কথা মনত ৰাখি ভ্ৰমণ বন্ধ কৰা হৈছে। বন বিভাগে জনোৱা মতে, ফুলৰ উপত্যকালৈ এক বিকল্প পথৰ সন্ধান কৰা হৈছে। যিটো আগৰটোতকৈ সুৰক্ষিত হ’ব। এনে পথ বিচাৰি পালেহে পৰ্যটকক ট্ৰেকিং কৰিবলৈ অনুমতি দিয়া হ’ব। এই প্ৰসংগত উল্লেখযোগ্য যে ২০১৩ চনত দ্বাৰীপুল জ’ন ভয়ংকৰ ভূমিস্খলনৰ সাক্ষী হৈছিল। কেদাৰনাথ দুৰ্যোগৰ সময়তো অঞ্চলটোত ভূমিস্খলন হৈছিল। গতিকে প্ৰশাসন প্ৰথমৰ পৰাই সতৰ্ক হৈ আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More