ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰে তিনিজন নিহত

0 24

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: আজি দিনৰ প্ৰায় এক বজাত তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত তিনিজন লোক নিহত হৈছে৷ ৰক্ষা বন্ধন উপলক্ষে তেজপুৰৰ পক্ষীয়াঝাৰৰ পৰা ঢেকিয়াজুলিলৈ যোৱা এটা পৰিয়ালৰে তিনিজন আৰু এটি শিশুসহ পৰিয়ালটোৰ আন দুজন লোক গুৰুতৰ ভাবে আহত হৈ বৰ্তমান তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ ঘটনা সন্দৰ্ভত স্হানীয় বেবেজীয়া আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,আজি দিনত এএছ১২ইআৰ০৬৮০নম্বৰ ইৰিক্সাখনত বিন্দুকুৰিৰ দিশৰ পৰা বালিপুখুৰী তিনিআলি অভিমুখে আহি আছিল চালকসহ মুঠ সাতজন লোক৷ মিলনপুৰৰ ন আলিত তেজপুৰৰ দিশৰ পৰা যোৱা এএছ২৭চি৬৩১৩নম্বৰ ট্ৰাকখনে তীব্ৰ বেগত বিপৰীত দিশৰ পৰা আহি থকা ইৰিক্সাখনৰ পথৰ ফালে গৈ মহতিয়াই নিয়ে৷ নিয়ন্ত্ৰণহীন ট্ৰাকখনে ইয়াৰ পিছত এটা বিদ্যুতৰ খুটাত খুন্দিয়াই এজোপা গছত গৈ খুন্দা মাৰি ৰৈ যায়৷ প্ৰত্যক্ষদৰ্শীৰ মতে অত্যাধিক সুৰাপান কৰি অহা ট্ৰাকৰ চালকে লগে লগে পলায়ন কৰে৷ এই লোমহৰ্ষক দুৰ্ঘটনাত ঢেকিয়াজুলিৰ তৰাজানৰ ডলী ঘাটোৱাৰ(৪২)জোৱাঁয়েক তেজপুৰ পক্ষীয়াঝাৰৰ সহদেৱ ৰাজোৱাৰ(২২)আৰু বিন্দুকুৰিৰ প্ৰিয়ংকা চাহু(৩০) নিহত হয়৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত হোৱা আঢ়ৈবছৰীয়া শিশু প্ৰিয়াংকা ঘাটোৱাৰ, সুশীলা ঘাটোৱাৰ আৰু মঞ্জু ৰাজোৱাৰ সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ দুৰ্ঘটনাটোত ইৰিক্সাখনৰ চালক পাৰভেজো আহত হৈছে৷ উল্লেখযোগ্য যে,পক্ষীয়াঝাৰ নিবাসী তথা পকা মিস্ত্ৰী সহদেৱৰ ঘৰলৈ অহা শাহুৱেক আৰু তেওঁৰ, বোৱাৰী তথা নাতিনী প্ৰিয়াংকা আৰু সুশীলা পক্ষিয়াঝাৰৰ জী আৰু জোঁৱাই ক্ৰমে সহদেৱ আৰু মঞ্জু সহ ঢেকিয়াজুলিৰ তৰাজান গাঁৱলৈ গৈছিল ৰক্ষাবন্ধন উপলক্ষে৷ বালিপুখুৰী তিনিআলিলৈকে ইৰিক্সাখনত আহি থকা পৰিয়ালটোৰ লগতে আন এগৰাকী যাত্ৰী শোকাবহ দুৰ্ঘটনাটোত পতিত হোৱাৰ লগতে শাহু আৰু জোৱাঁয়েকৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে,আহত সকলক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও সহদেৱৰ পথতেই মৃত্যু হয় আৰু বাকী দুজনৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটে৷ এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে সুৰাপায়ী চালকৰ অতপালিৰ বাবেই এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে৷ ইপিনে আৰক্ষীয়ে পলাতক চালকজনৰ সন্ধান অব্যাহত ৰাখিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More