ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে ২৯ খন ৰে’লৰ যাত্রা বাতিল

0 30

শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে। ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈ পৰিছে ৰে’লসেৱা।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ মে’ : প্ৰকৃতিৰ ভয়াৱহ ৰোষৰ সন্মুখীন হৈছে ৰাজ্য। বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা নৈ-উপনৈসমূহৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ভিন্ন অঞ্চল । বানে উটুৱাই নিছে পথ, পথতেই বাগৰি পৰিছে গছ, আবদ্ধ হৈ পৰিছে যাত্ৰী। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল আৰু ঘাইপথেৰে যাতায়াত ব্যাহত হৈ পৰিছে। ডিমা হাচাওত হোৱা ভয়াৱহ ভূমিস্খলন-বানৰ বাবে ব্যাহত হৈ পৰিছে ৰেলসেৱা। শেহতীয়া বান আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ বাবে আংশিকভাৱে ১১খন ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰেলৰ যাত্ৰা। আংশিকভাৱে বাতিল কৰা ৰেলসমূহ হৈছে -13173 নং লামডিং-আগৰতলা অভিমুখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ। 13174 নং আগৰতলা-লামডিং অভিমুখী শিয়ালদহ-কাঞ্চনজংঘা এক্সপ্ৰেছ। 13175 নং লামডিং-শিলচৰ অভিমুখী শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ। 13176 নং শিলচৰ-লামডিং অভিমুখী শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ। 12515 নং লামডিং-শিলচৰ অভিমুখী কইম্বাট’ৰ-শিলচৰ এক্সপ্ৰেছ। 12508 নং শিলচৰ-গুৱাহাটী অভিমুখী শিলচৰ থিৰুৱনন্তপুৰম চেন্ট্রেল এক্সপ্ৰেছ। 14620 নং গুৱাহাটী-আগৰতলা অভিমুখী ফিৰ’জপুৰ কেন্ট-আগৰতলা এক্সপ্ৰেছ। 14619 নং আগৰতলা-গুৱাহাটী অভিমুখী আগৰতলা-ফিৰ’জপুৰ কেন্ট এক্সপ্ৰেছ। 14037 নং শিলচৰ-গুৱাহাটী অভিমুখী শিলচৰ-নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ। 02383 নং গুৱাহাটী-আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট-আগৰতলা এক্সপ্ৰেছ। 02984 নং আগৰতলা-গুৱাহাটী অভিমুখী আগৰতলা-বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।
আনহাতে সম্পূৰ্ণৰূপে বাতিল হোৱা ৰেলসমূহ হৈছে – ১৯ আৰু ২১মে’ত বাতিল কৰা হৈছে 15611 নং গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ। ১৮, ২০ আৰু ২২ মে’ত বাতিল কৰা হৈছে 15612 নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ। ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল কৰা হৈছে 15615 নং গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ। ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল কৰা হৈছে 15616 নং শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ। ১৬ মে’ত বাতিল কৰ‍া হৈছে 20501 নং আগৰতলা-আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ। ১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে 20502 নং আনন্দবিহাৰ টাৰ্মিনেল-আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ। ১৭ মে’ত বাতিল কৰ‍া হৈছে 12516 নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছ। ২২ মে’ত বাতিল কৰ‍া হৈছে 12515 নং কইম্বাট’ৰ-শিলচৰ এক্সপ্ৰেছ। ২১ মে’ত বাতিল কৰ‍া হৈছে 15641 নং শিলচৰ-নিউ তিনিচুকীয়া-বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। ২২ মে’ত বাতিল কৰ‍া হৈছে 15642 নং নিউ তিনিচুকীয়া-শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ। ১৭ আৰু ২৪ মে’ত বাতিল কৰ‍া হৈছে 12503 নং বেংগালুৰু কেণ্ট-আগৰতলা এক্সপ্ৰেছ। ২১ মে’ত বাতিল কৰ‍া হৈছে 12504 নং আগৰতলা-বেংগালুৰু কেণ্ট এক্সপ্ৰেছ। ২১ মে’ত বাতিল কৰ‍া হৈছে 15626 নং আগৰতলা-দেওঘৰ এক্সপ্ৰেছ। ২১ মে’ত বাতিল কৰ‍া হৈছে 15625 নং দেওঘৰ-আগৰতলা এক্সপ্ৰেছ। ৮ আৰু ২১ মে’ত বাতিল কৰ‍া হৈছে 15888 নং গুৱাহাটী-বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ। ১৮ আৰু ২১ মে’ত বাতিল কৰ‍া হৈছে 15887 নং বদৰপুৰ-গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ। ১৬ মে’ত বাতিল কৰ‍া হৈছে 07030 নং চেকেন্দ্ৰাৰাবাদ-আগৰতলা এক্সপ্ৰেছ। ২০ মে’ বাতিল কৰ‍া হৈছে 07029 নং আগৰতলা-চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More