ভয়াৱহ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান

মৃতকৰ সংখ্যা কমেও ২৫৫

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : আফগানিস্তান আৰু পাকিস্তানত ভয়াৱহ ভূমিকম্পত কমপক্ষে ২৫৫ জনৰ মৃত্যু হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টার্ছে। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি জনা গৈছে। ২১ জুনৰ পুৱা ৰিখটাৰ স্কেলত ৬.১ মাত্রাত কঁপি উঠিছিল দক্ষিণ-পূব আফগানিস্তানৰ খোস্ত চহৰ। ভূমিকম্পটোৱে দক্ষিণ-পূব আফগানিস্তানৰ খোস্ত চহৰৰ পৰা প্রায় ৪৪ কিলোমিটাৰ (২৭ মাইল) দূৰত আঘাত হানে আৰু ইয়াৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ৫১ কিলোমিটাৰ গভীৰত আছিল বুলি জনা গৈছে। তালিবান প্রশাসনৰ দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ প্রধান মহম্মদ নাচিম হাক্কানিয়ে কয় যে, অধিকাংশ মৃত্যুৰ ঘটনা পাকতিকা প্রদেশত ঘটিছে। সেই ঠাইত অন্ততঃ ১০০ জন নিহত আৰু ২৫০ জন আহত হৈছে। পূর্বাঞ্চলীয় নানগাৰহাৰ আৰু খোস্ত প্রদেশতো মৃত্যুৰ খবৰ পোৱা গৈছে বুলি জনাইছে তালিবান প্রশাসনে। ইউৰোপীয় ভূমধ্যসাগৰীয় চিচম’লজিকেল চেন্টাৰে (ইএমএছচি) জনাইছে যে, পাকিস্তান, আফগানিস্তান আৰু ভাৰতৰ প্রায় ১১৯ মিলিয়ন মানুহে প্রায় ৫০০ কিলোমিটাৰ জুৰি এই কম্পন অনুভৱ কৰিছে। পাকিস্তানৰ মিডিয়াই জনাইছে যে, ইছলামাবাদ আৰু দেশখনৰ অন্যান্য অংশত মৃদু তীব্রতাৰ ভূমিকম্প অনুভূত হৈছে। লাহোৰ, মুলতান, কোৱেটা আৰু পাকিস্তানৰ অন্যান্য এলেকাতো কম্পন অনুভূত হৈছে। পাকিস্তানত অৱশ্যে প্ৰাণহানিৰ কোনো খবৰ পোৱা হোৱা নাই। ইয়াৰ আগেয়ে যোৱা শুকুৰবাৰে ৰিখটাৰ স্কেলত ৫ মাত্রাৰ এটা ভূমিকম্পত ইছলামাবাদ, পেছোৱাৰ, ৰাৱালপিণ্ডি আৰু মুলতানসহ পাকিস্তানৰ বহুকেইখন চহৰ কঁপি উঠিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More