ভৰি দুটাৰ কথা আপুনি কিমান জানে ?

0 85

Legsআমোদজনক কথাটো হ’ল, এজন ব্যক্তিৰ হাড়ৰ ৫০% আৰু পেশীৰ ৫০%, ভৰি দুখনত থাকে।
গতিকে খোজ কাঢ়ক ।

মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী গাঁঠি আৰু হাড়বোৰো ভৰিত থাকে।
সেইবাবে প্ৰতিদিনে ১০ হাজাৰ খোজ দিয়ক বা কাঢ়ক।

শক্তিশালী হাড়, শক্তিশালী পেশী আৰু নমনীয় গাঁঠিবোৰে *আইৰন ত্ৰিভুজ* গঠন কৰে যিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ বোজা অৰ্থাৎ মানুহৰ শৰীৰটো কঢ়িয়াই লৈ ফুৰে।

মানুহৰ ৭০% কাৰ্যকলাপ আৰু  শক্তি ক্ষয় (জ্বলোৱা) burning of energy কাম দুই ভৰিৰে কৰা হয়।

এই কথা জানেনে ? যেতিয়া এজন ব্যক্তি যুৱ অৱস্থাত থাকে তেতিয়া তেঁওৰ  উৰুত যথেষ্ট শক্তি থাকে , ৮০০ কেজিৰ সৰু গাড়ী এখন তুলিব পৰা ক্ষমতাও লাভ কৰে।

ভৰিটোৱেই হৈছে শৰীৰৰ গতিবিধিৰ কেন্দ্ৰ।

ই হৈছে শৰীৰক সংযোগ কৰা আটাইতকৈ ডাঙৰ ৰক্তসঞ্চালন নেটৱৰ্ক।
গতিকে দৈনিক খোজ কাঢ়ক।

যেতিয়া ভৰি দুখন সুস্থ হৈ থাকে তেতিয়া তেজৰ কনভেনচন কাৰেণ্ট , মসৃণভাৱে বৈ যায়, গতিকে ভৰিৰ মাংসপেশীবোৰ শক্তিশালী হোৱা মানুহৰ হৃদপিণ্ডটো নিশ্চিতভাৱে শক্তিশালী হব। গতিকে খোজ কঢ়িলে হৃদপিণ্ডৰ ৰক্ত সঞ্চালন ভাল হয়। যি শৰীৰ সুস্থ ৰখাত সহায় কৰে।

মনত ৰাখিব ভৰিৰ পৰা ওপৰলৈ বাৰ্ধক্য আৰম্ভ হয়

▪️বয়স বৃদ্ধি হোৱাৰ লগে লগে মগজু আৰু ভৰিৰ মাজত সঠিক নিৰ্দেশনা আৰু গতি কমি যায়,  খোজ কাঢ়ি থাকিলে ই অটুট থাকে।

তদুপৰি তথাকথিত Bone Fertilizer Calcium সময়ৰ লগে লগে হেৰাই যায়, যাৰ ফলত বৃদ্ধসকলৰ হাড় ভাঙি যোৱাৰ সম্ভাৱনা বেছি। খোজ কাঢ়িলে এই সম্ভাৱনাৰ প্ৰাবল্য হ্ৰাস পায়।

বৃদ্ধসকলৰ হাড় ভাঙিলে সহজেই ধাৰাবাহিক জটিলতা, বিশেষকৈ মগজুৰ থ্ৰম্ব’ছিছৰ দৰে মাৰাত্মক ৰোগৰ সূচনা হ’ব পাৰে।

আপুনি জানেনে যে সাধাৰণতে হাড় ভগা ১৫% বৃদ্ধ ৰোগীৰ ​​মৃত্যু হয় সৰ্বাধিক এবছৰৰ ভিতৰত !! খোজ নকঢ়াৰ বাবেই আয়ুস টুটি আহে।bigstock Smooth female legs on a grey b 15635297

ভৰিৰ ব্যায়াম কৰাৰ ক্ষেত্ৰত দেৰি কৰিব নালাগে।  আনকি ৬০ বছৰ বয়সৰ পিছতো যদি এই কথা জানিছে, দেৰি নকৰিব।

যদিও সময়ৰ লগে লগে আমাৰ ভৰি ক্ৰমান্বয়ে বয়সীয়াল হৈ পৰিব, তথাপি ভৰিৰ ব্যায়াম কৰাটো আজীৱন কাম।দৈনিক ১০ হাজাৰ খোজ কঢ়া কথাটো নাপাহৰিব।

ভৰি নিয়মীয়াকৈ মজবুত কৰিলেহে আৰু আয়ুস বাঢ়িব বা বয়স বৃদ্ধি ৰোধ বা হ্ৰাস কৰিব পাৰি। ৩৬৫ দিনেই খোজ কাঢ়িব।

দৈনিক কমেও ৩০-৪০ মিনিট খোজ কাঢ়িব লাগে যাতে ভৰি দুখনে পৰ্যাপ্ত পৰিমাণে ব্যায়াম পায় আৰু ভৰিৰ মাংসপেশীবোৰ সুস্থ হৈ থাকে।

(শতাব্দৰ সংগ্ৰহ)

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More