মঙলত এলিয়েনৰ ঘৰ ! NASAই প্ৰকাশ কৰিছে ফটো

0 50

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : মঙল গ্রহত এলিয়েনৰ ঘৰৰ দৰজাৰ সন্ধান পালে মার্কিন মহাকাশ সংস্থা NASAই। সেই ফটোও প্রকাশ কৰিছে। যোৱা ৭ মে’ত ফটোখন তোলা হৈছে নাছাৰ ৰভাৰ কিউৰিঅ’চিটি যানৰ MastCamৰে। প্রকাশিত ক’লা বগা ফটোখন এক পলকৰ বাবে দেখিলে এনে লাগে, শিলৰ ঘৰলৈ সোমাব পৰা দৰজাৰ দৰে কিছু খোদাই কৰা আছে। অনেক বিজ্ঞানীয়ে ভাবিছিলে যে, সেয়া হয়তো এলিয়েনৰ ঘৰৰ দুৱাৰ। কোনো কোনোৱে জনায় যে, সেয়া মঙল গ্রহৰ মধ্যভাগ। কিন্তু পিছ মুহূৰ্ততেই ভুল ভাগে। নাছাৰ বিজ্ঞানীসকলে জনায় যে, সেই দৰজা আকৃতিটো শিলৰ ভঙা অংশ। মঙলত ক্রমাগত ভূমিকম্পৰ প্ৰভাৱত এই ধৰণৰ আকৃতি সৃষ্টি হৈছে। যি ঠাইত এই আকৃতিটো দেখা পোৱা গৈছে, সেই ঠাইকণ Greenheugh Pediment নামেৰে পৰিচিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More