মণিপুৰত ভয়াৱহ ভূমিস্খলন

বন্ধ নদীয়ে বৃদ্ধি কৰিছে দুৰ্যোগৰ আশংকা

0 8
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুনঃ মণিপুৰত ভয়ানক ভূমিস্খলন। ৰাজ্যখনৰ নোনী জিলাত সংঘটিত ভূমিস্খলনত কমেও ৬ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে ১৩ জন লোক। ২৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। সেনাই আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। স্থানীয় ৰাইজে জনোৱা মতে, ব্যাপক ভূমিস্খলনৰ বাবে স্থানীয় এখন নদীৰ সোঁত বন্ধ হৈ গৈছে। নদীৰ সোঁত বন্ধ হৈ সৃষ্টি হৈছে এটা জলাশয়। স্থানীয় লোকে আশংকা কৰিছে যে যদি নদীৰ পানীয়ে ধ্বংসাৱশেষ আঁতৰাই পেলায় বা পানীৰ চাপ আৰু বৃদ্ধি পায় তেন্তে স্থানীয়ভাৱে বানপানীৰ সৃষ্টি হ’ব পাৰে। স্থানীয় বিষয়াসকলে জনোৱা মতে, মৃত্যু হোৱা বহু লোক আঞ্চলিক সেনাৰ সদস্য। যিসকল ৰেলপথ নিৰ্মাণৰ স্থানত প্ৰহৰীৰ কৰ্তব্যত আছিল। ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰিছে ইজেই নৈ। নদীৰ পানী স্থানীয় বান্ধলৈ বোৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে যদিও পৰিস্থিতি অধিক বেয়া হোৱাৰ লগে লগে নিম্নভূমিত বানপানীৰ আশংকা বৃদ্ধি পাব। ইতিমধ্যে ননী জিলাৰ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে। জিলা প্ৰশাসনে জনোৱা মতে, উদ্ধাৰ আৰু সাহায্যৰ কাম আৰম্ভ হৈছে। উদ্ধাৰ অভিযানত ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় উদ্ধাৰ বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা জড়িত হৈ আছে। ৰাজ্য প্ৰশাসনে তিনিওটা সংস্থাৰ সৈতে যোগাযোগ ৰাখিছে। আনহাতে, বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, অহা ২৪ ঘণ্টাত মণিপুৰৰ এক বৃহৎ অঞ্চলত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। আৰু সেয়ে পৰিস্থিতি অধিক বেয়া হ’ব পাৰে বুলি আশংকা কৰা হৈছে। বৃষ্টিৰ বাবে স্থানীয় ৰাইজক সজাগ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আহ্বান জনাইছে জৰুৰী বৈঠক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More