মদৰ বাবে ৩০০ মাইল সাঁতুৰি আহিল ছীল !

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইয়াত ঘটা কিছুমান ধেমেলীয়া আৰু অদ্ভুত ঘটনাই প্ৰতি মুহূৰ্ততে পৃথিৱীবাসীৰ হৃদয় জয় কৰি আহিছে। একেদৰে ইংলেণ্ডৰ এখন বাৰৰ চাঞ্চল্যকৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ আহিছে। ৩০০ মাইল পাৰ হৈ এটা পোৱালি ছীল পালেগৈ এখন পাবত। ইংলেণ্ডৰ ব্রিষ্টলৰ অ’ল্ড লক এণ্ড ৱায়াৰ পাব । আহি পোৱাৰ লগে লগে দেখা যায় যে, পোৱালিটো অতি দুৰ্বল। পোৱালিটো পাবৰ ভিতৰত পোৱাৰ লগে লগে শ্ৰমিকসকল স্তম্ভিত হৈ পৰে। ছীলটোৰ জীৱন ৰক্ষাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰিবলৈ ধৰিলে। একে সময়তে পাবৰ মালিকে ধেমালিতে ক’লে যে, মদৰ সন্ধানত ইমান দূৰ ভ্ৰমণ কৰি হয়তো ছীলটো ইয়ালৈ আহিছে। ছীলটোৰ বয়স প্ৰায় ৬ৰ পৰা ১২ মাহ। কৰ্মচাৰীসকলে পৰীক্ষা কৰি জানিব পাৰিলে যে, স্কটলেণ্ডৰ দক্ষিণৰ পৰা ইংলেণ্ডৰ এই পাবলৈকে ছীলটোৱে ৩০০ মাইল যাত্ৰা কৰিছে। শ শ মাইল যাত্ৰা কৰি ব্রিষ্টলৰ হানহামৰ এখন নদীৰ পাৰৰ পাবখনত উপস্থিত হোৱাৰ পিছত কৰ্মচাৰীসকলে উদ্ধাৰ কৰে। কৰ্মচাৰীসকলে পোৱালি ছীলটোৰ যত্ন লয়। আনকি ছীল পোৱালিটো বচাবৰ বাবে ৰেষ্টুৰেণ্টখনৰ সকলো কাম এৰি তেওঁলোক ব্যস্ত হৈ পৰে। দ্য ওল্ড লক এণ্ড ৱেৰৰ বাৰ মেনেজাৰ জন জেফ্ৰিজে ছীল পোৱালি নিওপ্ৰিনৰ বিশেষ যত্ন লয়। জেফ্ৰিনে কয় যে, বন্যপ্ৰাণী সংৰক্ষণ বিভাগক অৱগত কৰা হয় আৰু পিছত তেওঁলোকে ছীলটো উদ্ধাৰ কৰি কেন্দ্ৰলৈ লৈ যায়। বাৰ মেনেজাৰে ধেমালি কৰি কয়— “বোধহয় লকডাউনত বিৰক্ত হৈ এই ছীল পোৱালিটো ইমান দূৰলৈ আহি গোপনে মদৰ গিলাচত চুমুক দিব বিচাৰিছিল।” সূত্ৰটোৰ মতে, এই ছীল পোৱালিটোৰ ওজন মাত্ৰ ১৪.৬ কেজি। স্কটলেণ্ডত যেতিয়া ইয়াক পৰীক্ষা কৰা হৈছিল তেতিয়া ইয়াৰ ওজন আছিল ৩০ কিলোগ্ৰাম যিটো বৰ্তমানৰ তুলনাত প্ৰায় দুগুণ। ভোক আৰু পিয়াহত ভ্ৰমণ কৰাৰ ফলত পোৱালিটোৰ ওজন এনেদৰে হ্ৰাস পায়। ছীলটো কিয় আহি পাবখনত উপস্থিত হ’লহি সেই কথাহে এতিয়াও জানিব পৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More