মহাকাশত ছমাহ কটাই উভতিছে ৰাজা

0 48

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ মে’ : মহাকাশত ছমাহ কটাই অহা শুকুৰবাৰ, ৬ মে’ত পৃথিৱী পাবহি ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী ৰাজা চাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ তৰফৰ পৰা ৪ মে’ বুধবাৰে এই কথা জনোৱা হৈছে। ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নাগৰিক ৰাজাৰ লগতেই স্পেচ এক্স ড্রেগন মহাকাশযানত নাছাৰ নভোচৰ টম মাৰ্চবার্ন, কায়লা বেৰন আৰু ইউৰোপীয়ান মহাকাশ সংস্থাৰ (ESA) মেথিয়াচ ম’ৰ আন্তর্জাতিক মহাকাশ ষ্টেচনৰ পৰা পৃথিৱীলৈ উভতিব। নাছাই যোৱা বছৰৰ নৱেম্বৰত স্পেচএক্সৰ ৰকেটত এই চাৰি নভচৰক আন্তর্জাতিক মহাকাশ ষ্টেচনলৈ (ISS) পঠিয়াইছিল। অভিযানৰ নাম আছিল ‘স্পেচএক্স ক্রু-৩’। সেই চাৰি মহাকাশচাৰীৰ অন্যতম আছিল ৰাজা। স্পেচএক্সৰ কমাণ্ডাৰৰ দায়িত্বত আছিল তেওঁ। ভাৰতীয় বংশোদ্ভৱ এই মহাকাশচাৰীজনৰ সম্পূৰ্ণ নাম হৈছে ৰাজা জন বৰপুতুৰ চাৰী। এওঁ ইউএছ এয়াৰফৰ্চ, এমআইটি আৰু ইউএছ নাভাল টেষ্ট পাইলট স্কুলৰ স্নাতক। ৫৫ বছৰ বয়সত ২৫০০ ঘণ্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে ৰাজাৰ। তেওঁ নাছাত যোগ দিছিল ২০১৭ চনত। দুবছৰীয়া প্রশিক্ষণৰ অন্তত পূৰ্ণাংগ মহাকাশচাৰী হয় তেওঁ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More