মহাকাশত ধ্বংস নাছাৰ উপগ্রহ

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ জুন : ঘূর্ণিবায়ুৰ খবৰ দিয়া দুটা কৃত্রিম উপগ্রহ নষ্ট হ’ল নাছাৰ। ৰকেটৰ পৰা বিচ্ছিন্ন হৈ কক্ষপথত প্রৱেশৰ ঠিক আগেয়েই যান্ত্রিক বিজুতিৰ বাবে মহাকাশত হেৰাই যায় উপগ্রহ দুটা। প্রতি ঘণ্টাত ঘূর্ণিবায়ুৰ নিখুঁত খবৰ মহাকাশৰ পৰা নাছাক জনোৱাৰ কথা আছিল উপগ্রহ দুটাই। নাছাই অৱশ্যে জনাইছে যে, দুটা কৃত্রিম উপগ্রহ হেৰালেও বাকী উপগ্রহৰ সহায়ত কাংক্ষিত লক্ষ্য পূৰণ হ’ব। হঠাৎ সৃষ্টি হোৱা ঘূর্ণিবতাহৰ খবৰ আগতীয়াকৈ জানিবৰ বাবে মহাকাশলৈ আধা ডজন কৃত্রিম উপগ্রহ পঠিয়াইছিল নাছাই। এই ছটা উপগ্রহক মহাকাশত তিনিটা কক্ষপথত এৰি অহাৰ কথা আছিল নাছাৰ এষ্ট্ৰ’ ৰকেটৰ। সেইমতেই প্রথম পর্যায়ত ৰকেটৰ পৰা বিচ্ছিন্ন হোৱাৰ কাম সফলভাৱেই হয়। কথা আছিল দ্বিতীয় পর্যায়ত সেইবোৰ উপনীত হ’ব পূর্ব নির্ধাৰিত কক্ষপথত। নাছাই ১৩ জুন সোমবাৰে জনায় যে, এই দ্বিতীয় পর্যায়ত কিছু প্রযুক্তিগত বেমেজালিৰ কাৰণে দুটা উপগ্রহ নির্দিষ্ট কক্ষপথত উপনীত হ’ব পৰা নাই। অৱশ্যে আপাতত ইয়াৰ বাবে বিশেষ ক্ষতি নহ’ব বুলিয়েই জনাইছে নাছাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More