মহাকাশত প্ৰথমটো সৌৰশক্তি কেন্দ্ৰ হ’ব চীনৰ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুন : চন্দ্ৰৰ পৰা নমুনা সফলতাৰে ঘূৰাই অনা, অৱতৰণ কৰা, প্ৰথম প্ৰচেষ্টাতে মংগলত অভিযান চলাবলৈ সমৰ্থ হোৱাৰ পিছত চীন এইবাৰ মহাকাশত প্ৰথমটো সৌৰশক্তি চালিত উদ্যোগ মুকলি কৰিবলৈ সাজু হৈছে। বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত থকা প্ৰকল্পটো ২০২৮ চনৰ ভিতৰত আৰম্ভ কৰাৰ লক্ষ্য লৈছে। এই সৌৰ মহাকাশ কেন্দ্ৰটোৰ লক্ষ্য হৈছে সৌৰশক্তিক বিদ্যুৎ আৰু মাইক্ৰৱেভলৈ ৰূপান্তৰ কৰা। ইয়াত ৰূপান্তৰিত শক্তি কক্ষপথত থকা চলন্ত উপগ্ৰহসমূহক শক্তি প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু বেতাঁৰ শক্তি সঞ্চাৰণৰ জৰিয়তে নিৰ্দিষ্ট স্থানত শক্তিৰ ৰশ্মিবোৰ পৃথিৱীলৈ নিৰ্দেশিত কৰিব পাৰি। এক আনুষ্ঠানিক বিবৃতি অনুসৰি, জিডিয়ান বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এই অধ্যয়ন চলাইছে। এই সৌৰ কেন্দ্ৰটোৰ পৰা পৃথিৱীলৈ সৌৰশক্তি পৰিবহন কৰিবলৈ সক্ষম হ’ব। এই বিষয়ক প্ৰাৰম্ভিক পৰ্যায়ৰ সফল পৰীক্ষণ কৰা হৈছে। মহাকাশ সৌৰশক্তি কেন্দ্ৰটোত হটস্পট প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। এই বিদ্যুৎ কেন্দ্ৰটোৰ ক্ষমতা হ’ব ১০ কিলোৱাট। জিডিয়ান বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে এটা লুক-এলাইক প্লাণ্ট স্থাপন কৰিছে। এই প্ৰকল্পটো ২০১৪ চনত উন্মোচন কৰা মহাকাশৰ পৰা সৌৰ শক্তি উৎপাদনৰ পৰিকল্পনা OMEGA (Orb-Shape Membrane Energy Gathering Array)ৰ এটা উপাদান। ভূ-স্থিৰ কক্ষপথত সফলতাৰে প্ৰতিষ্ঠাপিত হোৱাৰ পিছত OMEGAৰ চূড়ান্ত উদ্দেশ্য হৈছে সৌৰ শক্তি সংৰক্ষণ কৰা আৰু ইয়াক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা। অন্তিম পৰ্যায়টো হ’ল ইয়াক পৃথিৱীলৈ পঠোৱা। চংকিঙৰ বিচান অঞ্চলত মহাকাশত সৌৰশক্তি কেন্দ্ৰৰ সম্ভাৱনাৰ মূল্যায়নৰ বাবে ৩৩ একৰ ভূমিত এটা পৰীক্ষণ কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ফৰ্বছ আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ‘চংকিং কল’বেৰেটিভ ইনোভেচন ৰিচাৰ্চ ইনষ্টিটিউট ফৰ চিভিল-মিলিটাৰী ইন্টিগ্ৰেশ্যন’ৰ উপ-মুৰব্বী জি গেংক্সিনে কয় যে, এই সুবিধাই পৃথিৱীলৈ ঘূৰাই পঠোৱা মাইক্ৰৱেভ বিকিৰণৰ দ্বাৰা জীৱিত প্ৰাণীসমূহ কেনেদৰে প্ৰভাৱিত হয় সেই বিষয়ে গৱেষণা কৰিব আৰু লগতে মহাকাশ সংবহন প্ৰযুক্তিও বিকশিত কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More