মহাকাশলৈ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট

ভাৰতীয় মহাকাশ বিজ্ঞানৰ নতুন ইতিহাস

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ অক্টোবৰ : দীপাৱলীৰ আগেয়েই ২৩ অক্টোবৰত পোহৰ হ’ল ভাৰতৰ আকাশ। মহাকাশ গৱেষণাত ভাৰতৰ মুকুটত সংযোজন কৰিলে আন এটুকুৰা মুকুতা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা উপগ্ৰহৰে প্ৰক্ষেপ কৰা হ’ল ইছৰ’ৰ ৰকেট। ইছৰ’ই আগতে কেতিয়াও ইমান গধুৰ উপগ্ৰহ উৎক্ষেপণ কৰা নাছিল। ৫৭৯৬ কেজি পেলোড সফলতাৰে উৰুৱাই ভাৰতে মহাকাশ অন্বেষণত এক নতুন ইতিহাস সৃষ্টি কৰিলে। LVM3-M2/OneWeb India-1 উপগ্ৰহৰ উৎক্ষেপণ সফল হৈছে বুলি ইছৰ’ই জনাইছে। Low Earth Orbitত প্ৰতিস্থাপনৰ কামো সম্পূৰ্ণ হৈছে। লঞ্চ ভেহিকেল মাৰ্ক-৩, জিঅ’চিনক্ৰ’নাছ লঞ্চ ভেহিকেল (GSLV Mk-III)ৰ নতুন সংস্কৰণ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। ২৩ অক্টোবৰ দেওবাৰে নিশা ১২ বজাত উৎক্ষেপণ কৰা হয় ৰকেটটো। GSLV LVM 3 ৰ পেলোড ক্ষমতা ১০ টন হোৱাৰ বিপৰীতে ৬ টন ৰকেটটো উৎক্ষেপণ কৰা হৈছে। এইটো LVM-3ৰ প্ৰথম বাণিজ্যিক মুকলি। ৱানৱেব আৰু নিউ স্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ মাজত হোৱা চুক্তিৰ অধীনত এই অভিযান আৰম্ভ কৰা হৈছে। LVM3-M2 ৰকেটৰ দৈৰ্ঘ্য ৪৩.৫ মিটাৰ। ইয়াৰ ওজন ৬৪৪ টন, যিটো দেশৰ ভিতৰতে আটাইতকৈ গধুৰ ৰকেট।এই ৰকেটে জিঅ’চিনক্ৰ’নাছ ট্ৰেন্সফাৰ অৰ্বিট (GTO)ত চাৰি টন উপগ্ৰহ স্থাপন কৰিবলৈ সক্ষম। ল’ আৰ্থ অৰ্বিট (LEO)ত ৰকেটটোৰ পেলোড ক্ষমতা ৮ টন। তিনিটা পৰ্যায়ৰ লঞ্চিং ব্যৱস্থাটোত দুটা কঠিন প্ৰপেলাৰ (S200) ষ্ট্ৰেপ-অন আছে। ভাৰতে এই পৰ্যন্ত লঘু উপগ্ৰহ উৎক্ষেপণ কৰি আহিছিল। কিন্তু এইবাৰ এতিয়ালৈকে সৰ্বাধিক গধুৰ ৰকেটত উপগ্ৰহ প্ৰেৰণ কৰি আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে এখোজ আগুৱাইছে। ইছৰ’ৰ অধ্যক্ষ সোমনাথে কয় যে ইছৰ’ৰ এলভিএম৩ ৰকেটত ব্যক্তিগত যোগাযোগ কোম্পানী ৱানৱেবৰ ৩৬টা উপগ্ৰহ কঢ়িয়াই নিব। আৰম্ভ হৈছে ২৪ ঘণ্টীয়া কাউণ্টডাউন উৎক্ষেপণ। অহা বছৰৰ প্ৰথমাৰ্ধত LVM3 য়ে আৰু ৩৬টা OneWeb উপগ্ৰহ উৎক্ষেপণ কৰিব। উল্লেখ্য যে ভাৰতীয় মহাকাশ সংস্থাটোৱে আটাইতকৈ গধুৰ বাণিজ্যিক ৰকেট GSLV Mk3 উৎক্ষেপণ কৰিও ইতিহাস ৰচনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More