মহাকাশলৈ মানুহৰ নগ্ন ছবিঃ ভিন্নগ্রহীক আকর্ষণৰ অভিনৱ উদ্যোগ নাছাৰ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : এলিয়েন বা ভিন্নগ্রহী আছেনে নাই সেইটো এতিয়াও লাখটকীয়া প্রশ্ন। কিন্তু হাত সাবটি বহি থকাত নাই মার্কিন মহাকাশ সংস্থা নাছা। নাছাই এইবাৰ আৰু ভিন্নগ্রহী পৃথিৱীলৈ অহাৰ অপেক্ষাত নাথাকি মহাকাশতেই তেওঁলোকৰ সন্ধান আৰম্ভ কৰি দিছে। আৰু তাৰ বাবে এক অভিনৱ পদক্ষেপ গ্রহণ কৰিছে নাছাই। এইবাৰ ভিন্নগ্রহীৰ দৃষ্টি আকর্ষণৰ বাবে মহাকাশলৈ নগ্ন মানুহৰ ছবি প্ৰেৰণ কৰিব সংস্থাটোৱে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে, ভিন্নগ্রহীক আমন্ত্রণ জনোৱাৰ বাবে এগৰাকী নগ্ন মহিলা আৰু এজন পুৰুষৰ চিহ্ন পিক্সেলযুক্ত চিত্র পঠোৱাৰ মাধ্যমেৰে অন্য গ্রহত প্রাণ আছে নেকি তাৰ প্রমাণ পোৱা যাব। বিগত ১৫০ বছৰ ধৰি অন্য গ্রহৰ প্ৰাণীৰ লগত যোগাযোগৰ চেষ্টা কৰি অহা হৈছে। কিন্তু প্রত্যেকবাৰেই ব্যর্থ হ’বলগীয়া হৈছে নাছাৰ বিজ্ঞানীসকল। সেয়ে এইবাৰ এই অভিনৱ পদক্ষেপ গ্রহণ কৰিছে। ‘বিকন ইন দ্য গেলেক্সি’ (BITPG) নামেৰে পৰিচিত এই প্রকল্প; যাৰ জৰিয়তে মহাকাশৰ অন্যান্য সভ্যতাৰ লগত যোগাযোগ কৰিবলৈ চোৱা হৈছে ভিন্নগ্রহীক আমন্ত্রণ জনাই। এই প্রকল্পৰ অধীনত মহাকাশলৈ নগ্ন মানুহৰ ছবি পঠোৱাৰ উদ্যোগ লোৱা হৈছে। পিক্সেলযুক্ত ছবিৰ উপৰি বিজ্ঞানীসকলে মহাকর্ষণ আৰু ডিএনএ-ৰ চিত্রায়ণো এই প্রকল্পৰ ভিতৰত ৰাখিছে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে, এক বাইনাৰি কোডেড বার্তা সম্ভৱতঃ এলিয়েনে বুজিব পাৰিব আৰু তাৰ সঁহাৰি দিব। আৰু তেনেকৈয়ে পৃথিৱীৰ লগত এলিয়েনৰ সম্পর্ক সৃষ্টি কৰা হ’ব। যদিও বিজ্ঞানীসকলে অফিচিয়েল নথি বুলি কৈছে, মানুহৰ পৰিপ্রেক্ষিতত গণিতৰ ধাৰণাটো এক্সট্রা-টেৰিটস্ট্রিয়াল ইন্টেলিজেন্সৰ ওচৰত সম্ভাব্যভাৱে খুবেই অচিনা। বাইনাৰি সম্ভৱতঃ বুদ্ধিমত্তাজুৰি সার্বজনীন। মহাকাশলৈ এই ইলাষ্ট্ৰেচন পঠোৱাৰ পৰিকল্পনা কৰিছে নাছাই। বাইনাৰি হ’ল গণিতৰ সকলোতকৈ সহজ ৰূপ। ই কেৱল দুটা বিপৰীত অৱস্থাৰ কথা কয়। শূন্য আৰু এক, হয় বা নহয়, বগা বা ক’লা, পূৰ্ণ বা শূন্য। তেওঁলোকে যোগ কৰিছে প্রস্তাৱিত বার্তাটোত যোগাযোগৰ এটা সার্বজনীন মাধ্যম স্থাপনৰ বাবে মৌলিক গাণিতিক আৰু ভৌত ধাৰণাৰ অন্তর্ভুক্তি। য’ত পৃথিৱীৰ প্রাণৰ জৈৱ ৰাসায়নিক গঠন পৰিচিত গ্লুবুলাৰ ক্লাষ্টাৰৰ তুলনাত হাতীপটিত সৌৰ জগতৰ সময় ষ্টেম্পযুক্ত অৱস্থানৰ তথ্য আছে। ইয়াৰ পূৰ্বেও বিজ্ঞানীসকলে মহাকাশলৈ মানুহৰ নগ্ন ছবি পঠোৱাৰ চেষ্টা কৰিছিল। ১৯৭২ চনত পায়’নিয়াৰ ১০, ১৯৭৩ চনত পায়’নিয়াৰ ১১ মিছনত নগ্ন মানুহৰ দৃষ্টান্ত আছে। যি এন্টেনাৰ লগত যুক্ত আছিল। সেই ছবিত কোনো এলিয়েনৰ বাবে অপেক্ষা কৰিছে এক নগ্ন মানৱ; এনেকৈয়ে দেখুৱাবলৈ চেষ্টা কৰা হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More