মহাৰাষ্ট্রজুৰি গৃহযুদ্ধ শিৱসেনাৰ

ৰাজ্যলৈ উভতিবলৈ ৰাজি নহয় শংকিত সিন্ধে শিবিৰ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুন : বিনা যুদ্ধে সূচ্যগ্র মেদিনী দিবলৈ ৰাজি নহয় উব্ধৱ থাকৰে। নাটকৰ শেষ দৃশ্যৰ আগেয়ে তেওঁ ইস্তফা নিদিয়ে। কাৰণ, এতিয়া আৰু চৰকাৰ নহয়, দলৰ অধিকাৰ ৰক্ষাই প্রধান যুদ্ধত পৰিণত হৈছে। এই পৰিস্থিতিত ২৫ জুনত মহাৰাষ্ট্রৰ ৰাস্তালৈ নামি আহিল শিৱসেনাৰ গৃহযুদ্ধ। বিক্ষোভৰ বহ্নিশিখা দেখি গুৱাহাটীৰ সাপ্ত তাৰকা হোটেলৰ নিৰাপদ আশ্রয়ত থাকিও কেঁচাঘাম বাহিৰ হৈছে বিদ্রোহী শিবিৰৰ। পৰিয়ালৰ বাবে নিৰাপত্তা বিচাৰি মুখ্যমন্ত্রী উদ্ধৱ থাকৰেলৈ চিঠি লিখিছে একনাথ সহ ৩৮ জন বিধায়কে। অতদিনে অনুমান কৰা হৈছিল যে, ৫১ জন বিধায়কক লগত লৈ বিজেপিত যোগ দি কিম্বা নির্দলীয় হিচাবে সমর্থন কৰি উদ্ধৱৰ চৰকাৰ পতন ঘটাব একনাথে। কিন্তু এতিয়া তেওঁ নিজকেই প্রকৃত শিৱসেনা হিচাবে দাবী কৰিছে। বালাচাহেব থাকৰেৰ ফটো সমুখত ৰাখি তেওঁৰ শিবিৰ কেৱল চৰকাৰেই নহয়, গোটেই দলটোকে উদ্ধৱৰ পৰা আঁজুৰি নিবলৈ উদ্যত। সেয়ে এতিয়া আৰু বিবৃতিৰ যুদ্ধ নহয়। শিৱসেনা কাৰ? থাকৰে পৰিয়ালৰ নে বিদ্রোহী সিন্ধে শিবিৰৰ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি উত্তাল হৈ উঠিছে গোটেই মহাৰাষ্ট্র। পুনেৰ পৰা পালঘৰ, ঔৰঙ্গাবাদৰ পৰা নাচিকলৈ বিয়পিছে চৰম বিক্ষোভ, অগ্নিসংযোগ। দুই যুযুধান শিবিৰৰ সমর্থক শিৱসৈনিকসকল ৰাস্তাত নমাত ক্রমশঃ বিপজ্জনক হৈ উঠিছে আইন-শৃঙ্খলা পৰিস্থিতি। মুম্বাইজুৰি জাৰি কৰা হৈছে ১৪৪ ধাৰা। উকা হৈ পৰিছে শিৱসেনাৰ প্রভাৱযুক্ত চহৰবোৰৰ ৰাস্তা-ঘাট। উদ্ধৱ থাকৰেৰ পতন যেতিয়া মাত্ৰ সময়ৰ অপেক্ষা বুলি অনুমান কৰা হৈছিল, ঠিক তেতিয়াই প্রত্যাঘাত কৰিছে তেওঁ। দলৰ জাতীয় কর্মসমিতিৰ বৈঠক আয়োজন কৰি জিলাস্তৰৰ সকলো পদাধিকাৰীয়ে ঘোষণা কৰি দিছে যে, বিদ্রোহী বিধায়কসকলে যি কৰে কৰক, তেওঁলোক উদ্ধৱৰ লগতেই আছে। তেওঁৰ নেতৃত্বতেই আগন্তুক দিনত নির্বাচনী যুঁজত নামিব। ইফালে, আৰৱ সাগৰৰ তীৰত ক্ষিপ্ত শিৱসৈনিকসকলৰ ৰণং দেহি মূর্তি দেখি বহু দূৰৰ নীলাচল পাহাৰৰ পাদদেশত বহিও ভয়ত কঁপিছে বিদ্রোহীসকল। প্রশ্ন উঠিছে, এতিয়াও কিয় তেওঁলোক নীলাচলৰ পাদদেশৰ ‘ৰেডিচন ব্লু’ত লুকাই বহি আছে? মুম্বাইলৈ যাবনে নাই? চাপ বঢ়াবলৈ তেওঁলোকৰ পুলিচী নিৰাপত্তাও প্রত্যাহাৰ কৰি দিছে উদ্ধৱ চৰকাৰে। তাকে লৈ আৰু আতঙ্ক বাঢ়িছে সিন্ধে শিবিৰত। অন্যহাতে বিধানসভাৰ সদস্যপদ বাতিলৰ প্রস্তাৱৰ পৰিপ্ৰেক্ষিতত ১৬ জন বিদ্রোহী বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে উপাধ্যক্ষই। ইমেইলত পঠোৱা অনাস্থা প্রস্তাৱৰ দাবীও তেওঁ নস্যাৎ কৰিছে। জনা গৈছে, একনাথ সিন্ধেৰ পৃথক দল অথবা নিজৰ প্রকৃত শিৱসেনা হিচাবে ঘোষণাৰ উদ্যোগৰ এটাও নির্বাচন আয়োগৰ বিধি অনুযায়ী সম্ভৱ নহয়। পৃথক দল গঢ়িবলৈ প্রত্যেককে বিধায়ক পদৰ পৰা ইস্তফা দিবলগীয়া হ’ব। ইফালে শিৱসেনাক নিজৰ বুলি দাবী কৰাও সম্ভৱ নহয়। কাৰণ, আইনমতে কেৱল বিধায়কক লৈয়েই এটা দল নহয়। অতএব, বিজেপিত মিলি যোৱাৰ বাদে এই বিদ্রোহীসকলৰ সমুখত কোনো উপায় নাই। সেইক্ষেত্রত ভৱিষ্যতে শিৱসেনা ভোটবেঙ্কৰ পৰা তেওঁলোক বঞ্চিত হ’ব। বৰ্তমান উদ্ধৱ থাকৰেৰ চৰকাৰৰ হয়তো শেষৰক্ষা নহ’ব। কিন্তু একনাথ সিন্ধেৰ ‘সেনাপ্রধান’ হোৱাৰ স্বপ্নও আধৰুৱা হৈয়েই থাকি যাব!

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More