মহিলা ৰেফাৰীৰ হুইছেলত পৰিচালিত হ’ব কাটাৰ বিশ্বকাপ ফুটবলৰ শ্বাসৰুদ্ধ  ৯০ মিনিট

বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিগৰাকীকৈ মহিলা ৰেফাৰী

0 26

শতাব্দ বিশেষ প্ৰতিনিধি, ২১ মে’ :

অহা ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰ তাৰিখলৈকে মধ্যপ্ৰাচ্যৰ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ইতিমধ্যে আৰম্ভ হৈছে অন্তিম ক্ষণ গণনা। যুদ্ধকালীন গতিত চলিছে ‘দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ৰ মহা আয়োজন।

কাটাৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত এইবাৰ ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলাই বিশ্বকাপৰ খেল পৰিচালনা কৰিব। বিশ্ব ফুটবলৰ শীৰ্ষ সংস্থা ‘ফিফা’ই বৃহস্পতিবাৰে প্ৰতিযোগিতাখনৰ বাবে ১২৯ গৰাকী কৰ্মকৰ্তাৰ নাম ঘোষণা কৰিছে। ৯২ বছৰীয়া পুৰুষৰ ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰেই প্ৰথমবাৰৰ বাবে তিনিগৰাকীকৈ মহিলা ৰেফাৰীক খেল পৰিচালনাৰ বাবে নিৰ্বাচিত কৰা হৈছে। মুঠ ৩৬ গৰাকী ৰেফাৰীৰ ভিতৰত নিৰ্বাচিত হোৱা মহিলা ৰেফাৰী কেইগৰাকী হৈছে ফ্ৰান্সৰ ষ্টেফানি ফ্ৰেপাৰ্ট (৩৮), জাপানৰ ইয়’ছিমি য়ামাছিটা (৩৬) আৰু ৰোৱাণ্ডাৰ চেলিমা মুকানছাঙ্গা (৩৩)। এওঁলোকৰ ভিতৰত ষ্টেফানি ফ্ৰেপাৰ্টে ইতিমধ্যে পুৰুষৰ কেইবাখনো উল্লেখযোগ্য আৰু উত্তেজনাপূৰ্ণ খেল পৰিচালনা কৰি নিজৰ সামৰ্থ্য আৰু অভিজ্ঞতাৰ পৰিচয় দাঙি ধৰিছে। বিশ্বকাপৰ যোগ্যতা নিৰ্ণায়ক খেলা, চেম্পিয়নছ লীগ, ২০১৯ চনৰ মহিলা বিশ্বকাপ ফুটবলৰ ফাইনেল আৰু এই মাহত অনুষ্ঠিত হৈ যোৱা ফ্ৰেন্স কাপ ফুটবলৰ ফাইনেল সুচাৰুৰূপে পৰিচালনা কৰি ষ্টেফানি এতিয়া বিশ্ব ফুটবল জগতত তেনেই চিনাকি নাম।1652976045 19soccer women top superjumbo তেনেদৰে ইয়’ছিমিএ চেম্পিয়নছ লীগ আৰু চেলিমাই আফ্ৰিকা কাপৰ খেল পৰিচালনা কৰি যোগ্যতাৰ পৰিচয় দাঙি ধৰিছে। ইয়াৰ উপৰি ফিফাই নিৰ্বাচিত কৰিছে ৬৯ গৰাকী সহকাৰী ৰেফাৰী। এই তালিকাতো তিনিগৰাকী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেথেৰিন নেছবিট, মেক্সিক’ৰ কাৰেন ডিয়াজ মেদিনা আৰু ব্ৰাজিলৰ নেউঝা বেক। ফিফাৰ ৰেফাৰী কমিটীৰ অধ্যক্ষ প্যিয়েৰল্যুইগি ক’লিনাই এই সম্পৰ্কত নিজৰ স্পষ্ট মত প্ৰকাশ কৰি কৈছে, ৰেফাৰী নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰথম অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে একমাত্ৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি আৰু ৰেফাৰীৰ বাবে যিসকলক নিৰ্বাচিত কৰা হৈছে তেওঁলোকে বিশ্বজুৰি ফুটবল খেল পৰিচালনা কৰা বিষয়ত শীৰ্ষস্থানত আৰোহণ কৰিছে। মহিলাক প্ৰথমবাৰৰ বাবে দিয়া এই সুযোগৰ সন্দৰ্ভত তেখেতে আৰু কয় যে, ইয়াত কোনো লিঙ্গ সমতাৰ কথা বিবেচনা কৰা হোৱা নাই। বৰং প্ৰতিভাকহে যথাস্থানত স্বীকৃতি প্ৰদান কৰা হৈছে আৰু ভৱিষ্যতে ই এক নতুন ধাৰাৰ সৃষ্টি কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More