মাঘ যে আমাৰ ভোগালী মাহ…

0 408

দাদুল দেৱকৃষ্ণ বৰুৱা

মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু মাঘ বিহুত?

1673701846540

মাঘ বিহু বুলিলে কণ দাইটিৰ মনটো তাহানিৰ ম’হযুঁজ, কণীযুঁজ আৰু মেজিৰ বাবে এমাহ আগৰেপৰা খৰিফলা দিনবোৰলৈ মনত পৰে। এতিয়া ‘ৰামো নাই অযোধ্যাও নাই’ বুলি ক’লেও কণ দাইটিয়ে কিন্তু মাঘ বিহুৰ উৰুকাৰ আয়োজন আগৰ দৰেই কৰে। আজিও উৰুকাৰ দিনা পুৱাই উঠি গোহালিৰপৰা গৰুকেইটা উলিয়াই দি দাইটিয়ে বাৰীৰ লাগনি গছবোৰ ‘মাঘ নোৱাবলৈ নেযাবি’ বুলি কৈ ধানখেৰেৰে বান্ধিলে। সাতামপুৰুষীয়া নিয়ম; এৰিবপৰা নাযায়।

1673700976782 01দাইটি বাৰীত থাকোঁতেই পুখুৰীত মাছ ধৰিবলৈ ওলালহি মাছুৱৈ। দাইটিয়ে নাতি-নাতিনীক চিঞৰিলে— “বাজলৈ আহ ঐ ল-ছালিহঁত। মাছধৰা মানুহ পালেহিয়েই।”

পুখুৰীত মাছুৱৈ নামিল। বাছৰো বাছ ডাঙৰ ডাঙৰ মাছ ধৰিলে। ৰৌ, ভকুৱা, কুঢ়ি মাছৰ লগতে চিতলো উঠিল দুটা। মাঘৰ উৰুকাত চিতলৰ কলঠিৰে এসাঁজ খোৱাৰ মজাই সুকীয়া!

1673701049306 01

মাছ মাৰি মাছুৱৈ গ’লগৈ। ডেৰ কুইণ্টল মাছ বিক্ৰীৰ বাবে পঠোৱা হ’ল। বজাৰত ভাল দাম পাব আজি! ঘৰলৈ চিতল আৰু কণীৰে পেট ওফন্দি থকা কমন কাৰ্প এজনী ৰাখিলে।

1673701072624 01

মাছুৱৈৰ লগতে দাইটিহঁতেও পিঠা আৰু চাহ খালে। সৰুজনী বোৱাৰীয়েকে কালিয়েই ধূপ পিঠা, চেৱা দিয়া পিঠা আৰু তিলপিঠা ‘বনাই’ থৈছে। পিঠা ভালকৈ উঠিছে। দাইটিয়ে ঠিকেই জুতি পালে।

1673701026161 01পিঠাৰে সৈতে চাহটোপা খাই দাইটি বাৰীখনত সোমাল। হাতত কটাৰীখন আৰু খৰাহি এটা। বন্ধাকবিখিনিৰ ওচৰলৈ গৈ ইটো সিটো পিটিকি চালে। টান পাই এটা কাটি খৰাহিত ভৰালে। ওলকবি দহ-বাৰটামান উভালিলে আৰু ব্ৰুকলি দুপাহো কাটিলে। আলু এপাটি আবেলিলৈহে খান্দিব লাগিব বুলি মনতে ভাবিলে। কাঠ-আলু, গৰীয়া আলু, মোৱা আলু কালিয়েই খান্দি ৰাখিছে।

1673700954032 01দাইটি এইবাৰ বাঁহনিত সোমালগৈ। মোটোকীয়া চাই বাঁহ এটা কাটি আনিলে। এনেয়ে শনিবাৰে দাইটিয়ে কাকো বাঁহত ঘাপ্ দিবলৈ নিদিয়ে; কিন্তু আজি উৰুকাৰ দিনা সুকীয়া কথা। বাঁহটোৰে পানীহিলৈ সাজিব দাইটিয়ে। বাঁহটোৰ দুপাব ল’লে তেওঁ। দুটা পানীহিলৈ ‘বনাব’লৈ ঠিক কৰিলে। প্ৰথমে দুইমূৰে গাঁঠি ৰাখি কাটি লোৱা পাব দুয়োটাৰে এটা এটা মূৰত গাঁঠিৰ মাজত তৰ্জনী আঙুলিটো সুমুৱাবপৰাকৈ একোটাকৈ বিন্ধা কৰিলে। ভিতৰৰপৰা নাতিয়েকক ঘটি এটা আনিবলৈ চিঞৰিলে। নাতিয়েকে আনি দিয়া ঘটিটো আৰু চুঙা দুটা লৈ দাইটি কুঁৱাপাৰ পালেগৈ। পানী এবাল্টি তুলি ঘটিটোৰ সহায়ত বিন্ধা উলিয়াই লোৱা চুঙা দুটা পূৰ হ’বলৈ অলপ বাকী থকালৈক পানী ভৰালে। বাৰী ঢাপত থকা থকা জৰথ গছ এজোপাৰ পৰা জোখৰ চাই ডাল এটা কাটি আনি চুঙা দুটাৰ বিন্ধা বন্ধ কৰিবলৈ ঠিলা কাটিলে। ঠিলা মাৰিলেও ভিতৰৰপৰা ‘হাৱা’ ওলাই যাব পাৰে। সেয়ে দাইটিয়ে পুখুৰীৰ পাৰৰপৰা আলতীয়া মাটি অলপ আনি ঠিলাৰ চৌকাষে লেপি দিলে।

1673700919138 01

দাইটিৰ পানীহিলৈ তৈয়াৰ হৈ গ’ল। গোধূলি ঘৰৰ কাষৰ পথাৰৰ আলি এটাৰ গইনা লৈ জুই ধৰি হিলৈ দুটা তাতে আওঁজাই দিব। জুইৰ তাপ পাই ভিতৰৰ পানীখিনি উতলিব্ ভিতৰত সৃষ্টি হোৱা ভাপখিনিৰ হেঁচা বাঢ়িব। এসময়ত সেই হেঁচাৰ প্ৰকোপত ডাঙৰ শব্দ কৰি হিলৈ ফুটি যাব। ডাঙৰ শব্দ হ’ব।

পানীহিলৈ ‘বনাই’ হোৱাৰ পিছত দাইটি পুখুৰীত নামিল। গাটো তিয়াই লৈ এমুঠি ধৰিব লাগে দিনটোলৈ বুলি। আবেলিলৈ ঢেৰ কাম বাকী। পুখুৰীত নামি দাইটিয়ে ন-ধান খাই তেলাল হৈ থকা হাঁহকেইটালৈ চালে আৰু ভাবিলে— ইয়াৰ এটাও ধৰিব লাগিব ৰাতিৰ সাঁজলৈ!

1673701274241দুপৰীয়া এৰালত থকা গৰুকেইটা লৰাই দিবলৈ গ’ল দাইটি। আজি বতৰটো ভাৱৰীয়া বাবে গৰু এটায়ো পানী নাখালে। গৰু লৰাই পদূলি পাওঁতেই দাইটিয়ে দেখিলে, নাতিটোৱে দুহাতত দুচুঙা দৈ লৈ আহিছে। সি ককাকক দেখি চিঞৰিলে— “অ’ ককা, এই গাখীৰ দুচুঙা মণি ককাই দি পঠিয়াইছে।” তেওঁ গাখীৰ দুচুঙা দেখি বৰ ভাল পালে। চুঙাৰ গাখীৰৰ সোৱাদেই সুকীয়া। তেওঁ নাতিটোক ক’লে— “কাইলৈ ৰাতিপুৱা জলপান খাব লাগিব এই দুচুঙাৰে।”

1673701001024 01আবেলি হ’ল।
কণ দাইটি বাৰীৰ কাষতে থকা পথাৰখনলৈ গ’ল। ঘৰৰ নাতিকেইটা আৰু চুবুৰীৰ ল’ৰা দুটামানে সৰুকৈ ভেলাঘৰ এটা সাজিছে। তাৰ কাষতে চাপৰকৈ মেজি এটা সাজিবৰ জোখাৰে খৰিও যোগাৰ কৰি থৈছে। দাইটি গৈ মেজি সজা কাৰ্যৰ তদাৰক কৰিলগৈ। ল’ৰাহঁতেও দাইটিক ওচৰত পাই বৰ ভাল পালে। কাইলৈ পুৱাই মেজি জ্বলিব…।

1673702175168

***** ***** *****

খাই-বৈ কণ দাইটি শেতেলীত পৰালৈ নিশা দুপৰ হ’ল। শেতেলীত পৰিল যদিও চকুলৈ কিন্তু টোপনি নাহিল। আহিবনো ক’ৰপৰা— চবফালে যিহে গান-বাজনা। দাইটিৰ মনত পৰে— আগৰ দিনত দাইটিহঁতে ৰাতি ঢোল বজোৱা আৰু বিহুনাম গাইহে মেজি ৰাখিছিল। কাৰোবাৰ বাৰীৰপৰা আলু, গঁৰালৰপৰা হাঁহ বা কুকুৰা চুৰ কৰি আনি ৰং-ৰহইচ কৰিছিল। এতিয়া পিছে দিন-কাল সলনি হ’ল। চকুৰ আগতে কমখন সলনি হোৱা দেখিছেনে বাৰু!

চিলমিলকৈ টোপনি আহিছিল দাইটিৰ। কিন্তু ল’ৰাহঁতৰ হৰিধ্বনি শুনি টোপনি পলাল। তাৰমানে ৰাতি পুহৰিল! ল’ৰাহঁতে মেজি জ্বলালে!

কণ দাইটি লৰালৰিকৈ শেতেলীৰপৰা নামিল। গাটো তিয়াই মেজিৰ জুই পুঁৱাবলৈ যাব তেওঁ। জুইত দেহা তপতোৱাৰ লগতে মনটোও সেকি ল’ব তেওঁ— বছৰটোলৈ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More